নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৌৰীপুৰত ১৫ কোটি টকাৰ হেৰ’ইন জব্দ

🔹 ডিআইজি পাৰ্থসাৰথি মহন্তৰ নেতৃত্বত এছটিএফৰ সফল অভিযান

বিশেষ বাৰ্তা, ২৮ নৱেম্বৰ : সম্প্ৰতি ৰাজ্যৰ মাজেৰে ড্ৰাগছ সৰবৰাহকাৰীয়ে বিভিন্ন কায়দাৰে ড্ৰাগছ সৰবৰাহ অব্যাহত ৰাখিছে। সমান্তৰালকৈ অসম আৰক্ষীয়েও প্ৰায় প্ৰতিদিনে ড্ৰাগছ জব্দ কৰাৰ লগতে সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে। এই সময়তে ডিআইজি পাৰ্থসাৰথি মহন্তৰ তত্ত্বাৱধানত অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত চলা এছটিএফৰ এক অভিযানত কামৰূপ জিলাৰ গৌৰীপুৰত ১৫ কোটি টকাৰ হেৰ’ইন জব্দ কৰাৰ লগতে ২জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। হেৰ’ইনখিনিৰ ওজন ১.৮ কেজি হ’ব বুলি জানিব পৰা গৈছে। হেৰ’ইনখিনি মণিপুৰৰ পৰা এ এছ-২৫ ই চি-৪৪৬৪ নম্বৰৰ এখন টাটা ডি আই গাড়ীত লৈ অনা হৈছিল। এছ টি এফৰ দলটোৱে গাড়ীখন ধৰাৰ সময়ত পলাবলৈ লওঁতে দুজাঁই গুলীও ফুটাবলগীয়া হয়। ফলত ড্ৰাগছ সৰবৰাহকাৰীয়ে গাড়ীখন ৰখাবলৈ বাধ্য হয়। ধৃত সৰবৰাহকাৰী দুজন গাড়ীগাঁৱৰ ছনু আলী আৰু জালুকবাৰীৰ অৰ্জুন বাছফৰ বুলি জানিব পৰা গৈছে। জব্দ কৰা ডি আই গাড়ীখনৰ ছিক্ৰেট চেম্বাৰত ড্ৰাগছখিনি কঢ়িয়াই লৈ আনিছিল।

You might also like