নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘মে জিন্দা হুঁ’ প্লে-কার্ড লৈ প্রতিবাদ বৃদ্ধৰ

🔹 উত্তৰ প্রদেশৰ আগ্রাৰ ঘটনাক লৈ তীব্র চাঞ্চল্য

বিশেষ বাৰ্তা, ২৮ নৱেম্বৰ : যি দার্শনিক চিন্তাৰ পৰা ‘জীৱন্মৃত’ শব্দটোৰ উৎপত্তি হৈছে তাৰ সৈতে এই ঘটনাৰ সম্পর্ক নাই বুলি ধাৰণা কৰিও সম্পর্ক থকা বুলি ক’ব লাগিব৷ মৃতৱৎ জীৱনক কোৱা হয় ‘জীৱন্মৃত’৷ আগ্রাৰ বাসিন্দা ৭০ বছৰীয়া দীননাথ যাদৱ শাৰীৰিকভাৱে সুস্থ হৈও মৃত পৰিস্থিতিৰ চাপত পৰি ডিঙিত ‘মে জিন্দা হুঁ’ অর্থাৎ ‘মই জীয়াই আছোঁ’ প্লে-কার্ড ওলমাই ঘূৰি ফুৰিবলগীয়া হৈছে৷ চৰকাৰী বিষয়াসকলৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে আগ্রাত৷ পৰহি উত্তৰ প্রদেশৰ আগ্রাৰ জিলা দণ্ডাধীশৰ কার্যালয়ত ডিঙিত এনে প্লেকার্ড ওলমাই প্রতিবাদ সাব্যস্ত কৰে দীননাথ যাদৱে৷ প্রতিবাদকাৰী দীননাথ যাদৱে সংবাদ মাধ্যমক জনোৱা অনুসৰি কেইবাজনো চৰকাৰী কর্মচাৰীৰ ষড়যন্ত্রৰ বাবে যোৱা মার্চ মাহৰ পৰা চৰকাৰী নথিত তেওঁক মৃত হিচাপে দেখুওৱা হৈছে৷ এই সন্দর্ভত যাৱতীয় নথি জিলা দণ্ডাধীশৰ ওচৰত দাখিল কৰে দীননাথে৷ জিলা দণ্ডাধীশে কর্মচাৰীসকলক তলব কৰি এই সন্দর্ভত সবিশেষ তথ্য দাখিল কৰিবলৈ নির্দেশ দিয়ে৷ কিন্তু তৎসত্ত্বেও পেন্সন লাভ কৰিবলৈ সক্ষম হোৱা নাই দীননাথে৷ যোৱা দুবছৰ ধৰি বৃদ্ধ পেন্সন লাভ কৰা কৃষক দীননাথক এনেদৰে মৃত ঘোষণা কৰাৰ বাবেই সোঁশৰীৰে জীৱিতৰ প্রমাণ দিবলৈ জিলা দণ্ডাধীশৰ কার্যালয়ত প্রতিবাদ কৰিবলগীয়া হ’ল৷ এই ঘটনাক কেন্দ্র কৰি সমগ্র উত্তৰ প্রদেশত সৃষ্টি হৈছে চাঞ্চল্য৷

You might also like