নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

CBSE-ৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত জিলিকিল বালিপৰাৰ চুহান

সদ্যঘোষিত চি বি এছ ইৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত বালিপৰাৰ মানশিৰি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে এজন মেধাৱী ছাত্ৰই। ছাত্ৰজন মানশিৰিৰ মক্কেশ আলী আৰু চাৰুৱাৰ জাহানৰ পুত্ৰ চুহান আলী।

জানিব পৰা মতে বিশ্বনাথ চাৰিআলিৰ জৱাহৰ নৱোদয় বিদ্যালয়ত অধ্যয়ণৰত ছাত্ৰজনে সদ্যঘোষিত পৰীক্ষাৰ ফলাফলত আটাইকেইটা বিষয়তেই লেটাৰ নম্বৰ লাভ কৰি সৰ্বমুঠ ৯৬.৬ শতাংশ নম্বৰেৰে সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ বালিপৰা, মানশিৰি আদি অঞ্চলৰ লগতে অধ্যয়নৰত বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত উৎফুল্লিত হৈ পৰিছে পৰিয়ালবৰ্গ, শিক্ষক-শিক্ষয়িত্ৰী, অঞ্চলটোৰ ৰাইজ।

মেধাৱী ছাত্ৰজনক তেওঁৰ মানশিৰিস্থিত বাসগৃহত উপস্থিত হৈ মানশিৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী জীণামণি ছেত্ৰীসহ অন্যান্য বিষয়ববীয়া, ৰাইজ, দল-সংগঠনে আজি একোখন গামোছা, উপহাৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰি উজ্বল ভৱিষ্যৎ কামনা কৰে।

নিয়মীয়া বাৰ্তা, বালিপৰা, ১৬ এপ্ৰিল

You might also like