লস্কৰ-ই-তৈবাৰ প্ৰতিষ্ঠাপক সদস্য আমিৰ হামজা গুলীবিদ্ধ
ডিজিটেল ডেস্ক, ১৬ এপ্ৰিল : লস্কৰ-ই-তৈবাৰ প্ৰতিষ্ঠাপক সদস্য তথা ভাৰতত সংঘটিত একাধিক সন্ত্ৰাসবাদী আক্ৰমণৰ অন্যতম মূল ষড়যন্ত্ৰকাৰী আমিৰ হামজাৰ ওপৰত অজ্ঞাত দুষ্কৃতিকাৰীয়ে চলায় আক্ৰমণ। লাহোৰৰ পথত সংবাদ মাধ্যমৰ কাৰ্যালয়ৰ সন্মুখত হামজাৰ ওপৰত গুলীচালনা কৰে অজ্ঞাত দুষ্কৃতিকাৰীয়ে। গুৰুতৰ আঘাতপ্ৰাপ্ত অৱস্থাত হামজাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
বিগত এটা বছৰৰ ভিতৰত এইটো আমিৰ হামজাৰ ওপৰত দ্বিতীয়টো আক্ৰমণ। যোৱা বছৰৰ মে’ মাহত নিজৰ ঘৰৰ সন্মুখত অজ্ঞাত বন্দুকধাৰীয়ে হামজাৰ ওপৰত চলাইছিল আক্ৰমণ। তেতিয়া তৎক্ষণাত তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়া হৈছিল। সেই সময়ত পাক চৰকাৰৰ ফালৰ পৰা তেওঁক অধিক সুৰক্ষা প্ৰদান কৰা হৈছিল যদিও এই বিষয়ে প্ৰশাসন ৰাজহুৱাভাৱে নীৰৱ আছিল। তাৰ পাছতো পুনৰ এই ভয়াৱহ আক্ৰমণ সংঘটিত হৈছে। এতিয়ালৈ এই আক্ৰমণ কোনে বা কিয় চলালে সেয়া স্পষ্ট হোৱা নাই।
উল্লেখযোগ্য যে হাফিজ ছইদৰ সৈতে মিলি আমিৰ হামজাই লস্কৰ-ই-তৈবা প্ৰতিষ্ঠা কৰিছিল। বিশ্বজুৰি একাধিক সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে তেওঁৰ নাম জড়িত। ভাৰততো সংঘটিত বিভিন্ন সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে তেওঁৰ সংযোগ পোৱা যায়। হামজা ‘আফগান মুজাহিদিন’ নামেৰেও পৰিচিত। উল্লেখ্য যে ভাৰতৰ লগতে আমেৰিকাৰ ‘ম’ষ্ট ৱান্টেড’ তালিকাতো অন্তৰ্ভুক্ত হৈ আছে লস্কৰ সন্ত্ৰাসবাদী আমিৰ হামজা।