নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাতৃ বিয়োগৰ বেদনা সহিব নোৱাৰি পুত্রৰ আত্মহত্যা, সংকটজনক অৱস্থাত উদ্ধাৰ কন্যা

নিয়মীয়া বার্তা, ৩০ মাৰ্চঃ হোজাইত সংঘটিত হৈছে এক কৰুণ ঘটনা৷ নিজৰ গৃহতে মাতৃ আৰু পুত্রৰ মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে সংকটজনক অৱস্থাত উদ্ধাৰ হয় অর্ধমৃত কন্যা৷ এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলাখনত৷

হোজাইৰ গোলাঘাটিয়াবত মাতৃৰ মৃত্যুত শোকস্তব্ধ হৈ পুত্রই আত্মহত্যা কৰাৰ বিপৰীতে আত্মহত্যাৰ চেষ্টা কৰা এগৰাকী কন্যাক মুমূর্ষু অৱস্থাত উদ্ধাৰ কৰে স্থানীয় ৰাইজে৷ পৰহি অর্ধগলিত অৱস্থাত উদ্ধাৰ হয় মাতৃ–পুত্রৰ মৃতদেহ৷ ইফালে, সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে কন্যাগৰাকীক৷ উল্লেখ্য যে এই ঘটনা কিছুদিন পূর্বে সংঘটিত হৈছিল যদিও কালি সমীপৰ লোকে উৎকট গোন্ধ পাই বাসগৃহটো পৰীক্ষা কৰাৰ অন্তত সমগ্র ঘটনা পোহৰলৈ আহে৷

পিছত স্থানীয় ৰাইজে হোজাই আৰক্ষীক ঘটনাটো অৱগত কৰোৱাত আৰক্ষীয়ে মাতৃ–পুত্রৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে কন্যাগৰাকীক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্রেৰণ কৰে৷ কন্যাগৰাকীয়ে জানিবলৈ দিয়া মতে, কিছুদিন পূর্বে মাতৃ শান্তা পালৰ মৃত্যু হৈছিল৷ বিধৱা মাতৃৰ মৃত্যুৰ পিছত শোকত ভাগি পৰিছিল পুত্র ৰাতুল পাল আৰু কন্যা সাথি পাল৷

মাতৃৰ মৃত্যুত মানসিকভাৱে জর্জৰিত হৈ পুত্র–কন্যাই ঘৰত থকা ঔষধ খাই আত্মহত্যাৰ চেষ্টা কৰে৷ অত্যধিক ঔষধ খোৱাৰ ফলত পুত্রৰ মৃত্যু হয়৷ আনহাতে, কন্যাগৰাকীক সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হয়৷ হোজাই আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্রেৰণ কৰিছে৷

আৰক্ষীয়ে ঘটনা সংক্রান্তত তদন্ত অব্যাহত ৰাখিছে৷ আৰক্ষীৰ তদন্তৰ পিছতহে প্রকৃত ৰহস্য উদ্ঘাটন হ’ব৷ মাতৃৰ মৃত্যুত পুত্র–কন্যাই সংঘটিত কৰা এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

You might also like