নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সকলোৰে নজৰ নন্দীগ্রামত

দ্বিতীয় পর্যায়ৰ বিধানসভা নির্বাচনৰ পূর্বে ৰাজনৈতিক দল তথা প্রার্থীসকলৰ প্রচাৰ অভিযানত উত্তপ্ত হৈছে অসম আৰু পশ্চিমবংগৰ ৰাজনীতি৷ পশ্চিমবংগত মুঠ ৮টা পর্যায়ত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পর্যায়ৰ বিধানসভা নির্বাচনৰ ওপৰত দেশৰ ৰাজনৈতিক পর্যালোচকসকলৰ নজৰ নিবদ্ধ হৈ আছে৷ ইয়াৰ মূল কাৰণ হৈছে দ্বিতীয় পর্যায়ৰ নির্বাচনত মুখ্যমন্ত্রী মমতা বেনার্জীয়ে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া নন্দীগ্রাম সমষ্টিতো অনুষ্ঠিত হ’ব ভোটগ্রহণ৷ নন্দীগ্রাম পূর্বৰে পৰা তৃণমূল কংগ্রেছৰ ঘাটি যদিও এইবাৰ দলটোৰ নেতা মমতা বেনার্জীৰ একালৰ ঘনিষ্ঠ শুভেন্দু অধিকাৰীয়ে তৃণমূলৰ দুর্গ এৰি বিজেপিত চামিল হৈ সমষ্টিটোৰ পৰা মমতাক প্রার্থী হিচাপে প্রত্যাহ্বান জনাইছে৷ মমতা বেনার্জীক নির্বাচনত পৰাভূত কৰিব বুলি ইতিমধ্যে প্রচাৰ সমাৱেশত ঘোষণা কৰি অহা শুভেন্দু অধিকাৰীয়ে উল্লেখ কৰিছে যে নন্দীগ্রামৰ পৰাই মমতাৰ দুর্গৰ পতন ঘটিব৷ ১ এপ্রিলত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পর্যায়ৰ বিধানসভা নির্বাচনৰ পূর্বে অসম আৰু বংগৰ ৰাজনীতি উত্তাল হৈছে যদিও পশ্চিমবংগৰ ওপৰত বিশেষ নজৰ দিছে দলসমূহেও৷ লক্ষণীয়ভাৱে একালৰ বাঁওপন্থীৰ দুর্গ হিচাপে চিহ্ণিত পশ্চিমবংগত এইবাৰ তৃণমূল কংগ্রেছ, বিজেপিৰ বিপৰীতে তৃতীয় শক্তি হিচাপে মহাজোঁটত চামিল হৈছে বাঁওপন্থী দলবোৰ৷ মহাজোঁটৰ কংগ্রেছ আৰু বাঁওপন্থীয়ে নির্বাচনী মিত্রতা কৰি পশ্চিমবংগত বিজেপি আৰু তৃণমূল কংগ্রেছক সন্মুখৰ পৰাই প্রত্যাহ্বান জনাইছে৷ নন্দীগ্রামত মমতা বেনার্জীৰ বিৰুদ্ধে মহাজোঁটে প্রক্ষেপ কৰিছে মীনাক্ষি মুখার্জী নামৰ বাঁওপন্থী নেত্রীগৰাকীক৷ ৩৬ বছৰীয়া মীনাক্ষি মুখার্জীয়ে নন্দীগ্রামত খোজকাঢ়ি মানুহৰ সৈতে তৃণমূল আৰু বিজেপিৰ বিৰুদ্ধে প্রচাৰ চলাইছে৷ তৃণমূলৰ ‘খেলা হবে’ আৰু বিজেপিৰ ‘জয় শ্রীৰাম’ শ্লোগানৰ বিপৰীতে গৈ মীনাক্ষি মুখার্জীয়ে সমষ্টিটোৰ জনসাধাৰণৰ সমস্যাক কেৱল প্রচাৰ সমাৱেশত গুৰুত্ব প্রদান কৰিছে৷ লক্ষণীয়ভাৱে বিজেপি আৰু তৃণমূল কংগ্রেছৰ দুগৰাকী দিগ্গজ প্রার্থীৰ বিৰুদ্ধে কমবয়সীয়া এই বাঁওপন্থী নেত্রীগৰাকীয়ে যিধৰণে প্রচাৰ চলাইছে সেয়া ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ বাবেও চর্চাৰ বিষয় হৈ পৰিছে৷

পশ্চিমবংগত ৮টা পর্যায়ত বিধানসভা নির্বাচন অনুষ্ঠিত কৰাৰ বাবে আয়োগে লোৱা সিদ্ধান্তক লৈ একাংশ নির্বাচনী সমালোচক তথা বিভিন্ন দলে অসন্তুষ্টি প্রকাশ কৰিছিল৷ ৰাজনৈতিক পর্যালোচকসকলৰ মতে ৫ ৰাজ্যৰ বিধানসভা নির্বাচন সমসংখ্যক পর্যায়ত অনুষ্ঠিত হ’ব লাগে৷ অসমত তিনিটা পর্যায়ত এই নির্বাচন অনুষ্ঠিত কৰাৰ বিপৰীতে পশ্চিমবংগত ৮টা পর্যায়ত অনুষ্ঠিত কৰা হৈছে৷ ইতিমধ্যে ইয়াৰ এটা পর্যায়ৰ ভোটগ্রহণৰ অন্ত পৰিছে৷ কিন্তু কেৰালা, তামিলনাডু আৰু পুডুচেৰীত আগন্তুক ৬ এপ্রিলত একেটা পর্যায়ত নির্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ তিনিখন ৰাজ্যত একেটা পর্যায়ত নির্বাচন অনুষ্ঠিত কৰাৰ বিপৰীতে অসমত তিনিটা পর্যায় আৰু পশ্চিমবংগত ৮টা পর্যায়ত কিয় বিধানসভা নির্বাচনৰ সিদ্ধান্ত ল’বলগীয়া হ’ল, সেয়া এতিয়াও বিভিন্ন মহলে মানি ল’ব নোৱাৰা বিষয়৷ পশ্চিমবংগৰ দৰে ৰাজনৈতিকভাৱে অস্থিৰ তথা উত্তপ্ত ৰাজ্যত নির্বাচন কেবাটাও পর্যায়ত অনুষ্ঠিত কৰিবলৈ যোৱাটো নিৰাপত্তা সম্পর্কীয় ব্যৱস্থাটোক গুৰুত্ব দিয়া বুলিয়েই ধাৰণা কৰা হৈছে যদিও প্রতিটো পর্যায়ৰ নির্বাচনত পশ্চিমবংগত অধিক ৰাজনৈতিক হিংসা তথা সংঘর্ষৰ সূত্রপাত হোৱাৰ আশংকাই দেখা দিছে৷ ৰাজনৈতিক পর্যালোচকসকলে আগন্তুক ১ এপ্রিলত নন্দীগ্রামৰ নির্বাচনৰ সময়তো ৰাজনৈতিক হিংসাৰ বাতাৱৰণে ৰাজ্যখনত অস্থিৰতা তুংগত তুলিব বুলি আশংকা কৰিছে৷ অৱশ্যে পূর্বৰ বিধানসভা নির্বাচনৰ তুলনাত এইবাৰ পশ্চিমবংগত ৰাজনৈতিক হিংসাৰ ঘটনা কম সংঘটিত হোৱা বুলি প্রশাসনে দাবী কৰিছে৷ আনকি নির্বাচন আয়োগেও এইবাৰ ৰাজ্যখনত শান্তিপূর্ণভাৱে প্রথম পর্যায়ৰ ভোটগ্রহণ সম্পন্ন হোৱা বুলি সংবাদ মাধ্যমৰ ওচৰত ঘোষণা কৰিছে৷ কিন্তু নন্দীগ্রামত যি প্রচাৰ ধুমুহা চলি আছে সি যিকোনো মুহূর্ততে পৰিস্থিতি উত্তপ্ত কৰিব পাৰে বুলি আশংকা কৰা হৈছে৷ নির্বাচন আয়োগে বিভিন্ন দলৰ দাবী অনুসৰিও ৰাজ্যখনত অভাৱনীয়ভাৱে অর্ধসামৰিক বাহিনীৰ বিষয়া তথা জোৱানক নিৰাপত্তাৰ দায়িত্ব প্রদান কৰিছে৷ স্থানীয় আৰক্ষীক বিভিন্ন দায়িত্বৰ পৰা আঁতৰত ৰখা হৈছে৷ তথাপি নন্দীগ্রামৰ ভোটগ্রহণৰ পূর্বেই যেন এক আতংকৰ পৰিৱেশ সৃষ্টি হৈছে পশ্চিমবংগত৷

You might also like