নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰ্বাচনী ব্যস্ততাৰ মাজতে দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত ৰোগীক চিকিৎসা প্ৰদান ডাঃ নোমল মমিনৰ

নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ নিৰ্বাচনী ব্যস্ততাৰ মাজতে দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত এজন বেংক কৰ্মচাৰীক চিকিৎসা প্ৰদানত ব্যস্ত থকা দেখা যায় বোকাজানৰ বিজেপি প্ৰাৰ্থী ডাঃ নোমল মমিনক।

উল্লেখ্য যে সোমবাৰে বোকাজান বিধানসভা সমষ্টিৰ বালিপথাৰৰ বাগজনত গোলাঘাট দিশৰ পৰা ডিমাপুৰ দিশে গৈ থকা AS 05 J 0210 বলেৰ’ বাহনখনে বিপৰীত দিশৰ পৰা আহি থকা AS 09 G 7466 নম্বৰৰ মটৰচাইকেলেৰে হোৱা মুখামুখী সংঘৰ্ষত মটৰচাইকেল আৰোহী বেংক বিষয়া চাৰফাৰেজ আহমেদ খান গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হয়।

আঘাতপ্ৰাপ্ত খানক অতিশীঘ্ৰে সমীপৱৰ্তী বোকাজান অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এই দুৰ্ঘটনাৰ বিষয়ে জানিব পাৰি বোকাজানৰ বিজেপি প্ৰাৰ্থী ডাঃ নোমল মমিন লগে লগে বোকাজান চিকিৎসালয়লৈ ৰাওনা হয় আৰু আহত বেংক বিষয়া খানক নিজে প্ৰাথমিক চিকিৎসা প্ৰদান কৰে। লগতে উন্নত চিকিৎসাৰ বাবে শীঘ্ৰে ডিমাপুৰ লৈ যোৱাৰ ব্যৱস্থা কৰি দিয়ে।

You might also like