নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছবিআইক ককর্থনা ক্ষুব্ধ ছুপ্রিম ক’ৰ্টৰ

🔹 নির্বাচনী বণ্ডৰ অসম্পূর্ণ তথ্য প্রদান

বিশেষ বাৰ্তা, ১৬ মার্চ : নির্বাচনী বণ্ডৰ অসম্পূর্ণ তথ্য প্রদান কৰাৰ বাবে এছবিআইৰ ওপৰত খর্গহস্ত উচ্চতম ন্যায়ালয়৷ সর্বোচ্চ ন্যায়ালয়ৰ কঠোৰ নির্দেশমর্মে এছবিআয়ে ১২ মার্চত দাখিল কৰা নির্বাচনী বণ্ডৰ তথ্য পৰহি নির্বাচন আয়োগে ৰাজহুৱা কৰাৰ পাছতে এই নির্বাচনী বণ্ডৰ তথ্যক লৈ খর্গহস্ত বিচাৰপীঠে এছবিআইক তীব্র ভাষাৰে ককর্থনা কৰে৷ নির্বাচন আয়োগৰ দ্বাৰা দাখিল কৰা আবেদনৰ শুনানি গ্রহণ কৰি বিচাৰপীঠে এছবিআয়ে নির্বাচন আয়োগক যোগান ধৰা নির্বাচনী বণ্ডৰ তথ্য অসম্পূর্ণ বুলি কয়৷ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় নেতৃত্বাধীন ৫জনীয়া বিচাৰপীঠে কালি এছবিআইক নির্বাচনী বণ্ডৰ নম্বৰৰ তথ্য ইতিপূর্বে দাখিল কৰা তথ্যত সন্নিৱিষ্ট কৰি দিবলৈ নির্দেশ দিছে৷ মুখ্য ন্যায়াধীশ চন্দ্রচূড়ে কয়– এছবিআইৰ কাৰণে কোন আদালতত উপস্থিত আছে তেওঁলোকে বণ্ড নম্বৰ দিয়া নাই, এছবিআয়ে এয়া দিয়া উচিত৷ অসম্পূর্ণ তথ্য দাখিল কৰা এছবিআইক অহা ১৮ মার্চৰ শুনানিত কি কাৰণত তথ্য প্রদানত বিসংগতি হৈছে এই সন্দর্ভত বিতং ব্যাখ্যা আগবঢ়াবলৈ জাননী জাৰি কৰিছে৷ উল্লেখ্য যে নির্বাচনী বণ্ডৰ নম্বৰ দিলে দাতা আৰু ৰাজনৈতিক দলৰ মাজৰ সম্পর্ক স্পষ্ট হৈ পৰিব৷ এই নম্বৰ নিদিয়াকৈ তথ্য প্রদান কৰাৰ বাবে এছবিআইক ককর্থনা কৰে বিচাৰপীঠে৷ মন কৰিবলগীয়া যে উচ্চতম ন্যায়ালয়ৰ ৫জনীয়া বিচাৰপীঠে ফেব্রুৱাৰী মাহত নির্বাচনী বণ্ড আঁচনি অসাংবিধানিক আখ্যা দি এই আঁচনি নিষিদ্ধ কৰাৰ লগতে বিগত ৫ বছৰত নির্বাচনী বণ্ড ক্রয়ৰ সম্পূর্ণ তথ্য দিবলৈ এছবিআইক নির্দেশ দিছিল৷ সেইমর্মেই এছবিআয়ে ১২ মার্চত নির্বাচন আয়োগক নির্বাচনী বণ্ডৰ তথ্য যোগান ধৰে আৰু আয়োগে ৰাজহুৱা কৰে৷ ইপিনে, নির্বাচনী বণ্ডে বিজেপিৰ দুর্নীতি প্রমাণিত কৰিলে বুলি কংগ্রেছে অভিযোগ তুলিছে৷ দলটোৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় যে নির্বাচনী বণ্ডৰ দাতাই বিজেপিৰ দুর্নীতি তথা অনিয়মৰ কৌশলক প্রমাণিত কৰিছে৷ দলটোৱে কোম্পানীসমূহক সুৰক্ষা দি নির্বাচনী বণ্ডৰ জৰিয়তে ধন সংগ্রহ কৰিছে৷ আনকি শ্বেল কোম্পানীৰ পৰাও মানি লণ্ডাৰিঙৰ যোগেদি ধন সংগ্রহ কৰিছে৷ লক্ষণীয় যে নির্বাচনী বণ্ডৰ জৰিয়তে বিজেপিয়ে সর্বাধিক ৬ হাজাৰ কোটি টকা সংগ্রহ কৰাৰ বিপৰীতে দ্বিতীয় স্থানত তৃণমূল কংগ্রেছে ১,৬০০ কোটিতকৈ অধিক আৰু দ্বিতীয় স্থানত থকা কংগ্রেছে ১,৪০০ কোটি টকাতকৈ অধিক লাভ কৰিছে৷

You might also like