গোলাঘাটৰ সুৰভি বৰদলৈলৈ ‘নেচন বিল্ডাৰ বঁটা’
ৰাষ্ট্ৰীয় শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি গোলাঘাট ৰটাৰী ক্লাবে জিলাখনৰ ১০জন শিক্ষকলৈ তেওঁলোকৰ বিশিষ্ট সেৱাৰ বাবে নেচন বিল্ডাৰ বঁটা আগবঢ়ায়। গোলাঘাট নগৰৰ বেঙেনাখোৱাস্হিত নৰ্থ ইষ্ট টি এচ’চিয়েছনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়।
গোলাঘাট জিলা ৰটাৰী ক্লাবৰ সভাপতি চৈয়দ চাদিকুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত জিলাখনৰ আন ৯ ৰাকী চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে গোলাঘাট নগৰৰ অন্যতম বেচৰকাৰী শিক্ষানুষ্ঠান মহাত্মা বাল্য ভৱনৰ উপাধ্যক্ষ সুৰভি বৰদলৈকো বিশিষ্ট সেৱাৰ বাবে এই বঁটা আগবঢ়োৱা হয়।
উল্লেখযোগ্য যে চৰকাৰী বঁটা দিয়াৰ প্ৰথাৰ বিপৰীতে ৰটাৰি ক্লাবৰ নীতি অনুসৰি এইসকল শিক্ষক শিক্ষয়িত্ৰীক ছাত্ৰ ছাত্ৰীসকলেহে বাছনি কৰিছিল। এই বঁটাত এখনি প্ৰশস্তি পত্ৰ, এটি মমেণ্টো আৰু এটি গছপুলি আগবঢ়োৱা হয়। বটা প্ৰাপক সুৰভি বৰদলৈয়ে নিজ বক্তব্যত এই স্বীকৃতিৰ বাবে সংশ্লিষ্ট সকলোকে ধন্যবাদ জনায় আৰু নিজ কৰ্ত্যবৰ বাবে অধিক উৎসাহিত হ’ব বুলি ব্যক্ত কৰে।
বিশেষ বাৰ্তা, গোলাঘাট, ৯ ছেপ্টেম্বৰ