নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিলৈ এইবাৰ সুশান্ত বৰগোহাঁই

নিয়মীয়া বাৰ্তা, ২৭ জুলাইঃ মৰিয়নিৰ ৰূপজ্যোতি কুর্মীয়ে কংগ্রেছ ত্যাগ কৰি বিজেপিত যোগদানৰ পাছত থাওৰা সমষ্টিৰ কংগ্রেছ বিধায়ক সুশান্ত বৰগোহাঁয়েও দল এৰি বিজেপিত যোগদানৰ বাবে সাজু হৈছে৷

গুৱাহাটীত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু বিজেপিৰ শীর্ষ নেতৃত্বৰে হোৱা আলোচনা অনুসৰি বিজেপিত যোগদানৰ বিষয়টো নিশ্চিত হোৱাৰ পাছতেই সোমবাৰে নিজ সমষ্টিত উপস্থিত হয় বৰগোহাঁই৷ নিজ বাসগৃহত উপস্থিত হৈয়েই বৰগোহাঁয়ে কংগ্রেছ কর্মীসকলৰ সৈতে এক মত বিনিময়ত মিলিত হৈ কংগ্রেছ ত্যাগৰ বিষয়ে অৱগত কৰে৷

সংবাদ মাধ্যমৰ আগত বিধায়ক বৰগোহাঁয়ে কয় যে এইকেইদিন তেওঁ সমষ্টিৰ ৰাইজৰ সৈতে মত বিনিময় কৰি অহা ৩০ জুলাইত গুৱাহাটীলৈ ৰাওনা হ’ব৷ অহা ১ আগষ্টত তেওঁ বিধানসভাৰ অধ্যক্ষৰ ওচৰত বিধায়ক পদ ত্যাগ কৰিব৷ ইয়াৰ পাছতে অহা ২ আগষ্টত তেওঁ বিজেপিৰ ৰাজ্যিক কার্যালয়ত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰি আগন্তুক থাওৰা সমষ্টিৰ উপ–নির্বাচনৰ বাবে প্রস্তুতি চলাব বুলি ব্যক্ত কৰে৷

আনহাতে, থাওৰা সমষ্টিৰ বিভিন্ন অঞ্চলৰ বহু লোক সোমবাৰে বিধায়কগৰাকীৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ বিজেপি গমনৰ সিদ্ধান্তত সন্তুষ্টি প্রকাশ কৰি অভিনন্দন জনায়৷ ইয়াৰ বিপৰীতে আজি থাওৰাৰ ৰাজীৱ ভৱনত ১৪খন মণ্ডল কংগ্রেছৰ সভাপতিৰ উপস্থিতিত থাওৰা ব্লক কংগ্রেছৰ সভাপতি ডম্বৰু টাওৰ সভাপতিত্বত এখন বৈঠক অনুষ্ঠিত হয়৷ সুশান্ত বৰগোহাঁইৰ বিজেপি গমনৰ প্রসংগতে এই বৈঠকখন অনুষ্ঠিত কৰে বুলি জানিব পৰা গৈছে৷

ইপিনে, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই সুশান্ত বৰগোহাঁইৰ বিজেপিত যোগদান সম্পর্কে কয় যে তেওঁ ইতিমধ্যে বিজেপিলৈ অহাৰ মন মেলিছে৷ সমর্থকসকলেও তেওঁক পৰামর্শ দিছে৷ বিজেপিলৈ আহি তেওঁ নতুন সুশান্ত বৰগোহাঁই হিচাপে থাওৰাবাসীক সেৱা আগবঢ়াব৷

ইফালে, এ আই ইউ ডি এফৰ ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণী তালুকদাৰৰ বিজেপি গমনক লৈ চলি থকা চর্চা সম্পর্কত বিধায়কগৰাকীয়ে  সংবাদ মাধ্যমৰ আগত কয় যে তেওঁ এতিয়া এ আই ইউ ডি এফৰ বিধায়ক৷ বিধায়কৰ সোৱাদেই পোৱা নাই৷ বিধায়ক হোৱাৰ তিনি মাহ হৈছেহে৷ সেয়েহে এতিয়া তেওঁক বিজেপিলৈ ৰূপান্তৰ নকৰাই ভাল৷ অৱশ্যে অনাগত দিনত প্রেক্ষাপট সলনি হ’লে ৰাজনীতিত সকলো সম্ভৱ বুলি তাৎপর্যপূর্ণ মন্তব্য কৰি তেওঁ কয় যে ৰাজনীতিত কোনো কঠোৰ বান্ধোন নাই৷ ৰাজনৈতিক প্রেক্ষাপটত সিদ্ধান্ত সলনি নহ’ব বুলি কোনো কথা নাই৷ এইক্ষেত্রত তেওঁ প্রদেশ কংগ্রেছৰ প্রাক্তন সভাপতি তথা বহুবাৰৰ কংগ্রেছ সাংসদ ভুবনেশ্বৰ কলিতাৰ বিজেপি গমনৰ প্রসংগ উল্লেখ কৰে৷

You might also like