নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত বাংলাদেশে বন্ধ কৰিলে ভিছা কেন্দ্র

ভাৰতত সাময়িকভাৱে বন্ধ হৈ গ’ল বাংলাদেশৰ তিনিটা ভিছা পৰিসেৱা কেন্দ্র৷ দুয়োখন দেশৰ মাজত শেহতীয়াকৈ আৰম্ভ হোৱা কূটনৈতিক জটিলতাৰ পৰিপ্রেক্ষিতত ইতিমধ্যে ভাৰতে বাংলাদেশত থকা একাধিক ভিছা কেন্দ্র বন্ধ কৰাৰ পিছত এইবাৰ বাংলাদেশেও বন্ধ কৰিলে ভাৰতত থকা ৩টা ভিছা কেন্দ্র৷

প্রথমে দিল্লী, তাৰ পিছত শিলিগুৰি আৰু এইবাৰ আগৰতলাৰ ভিছা কেন্দ্র সাময়িকভাৱে বন্ধ কৰে বাংলাদেশে৷

মঙলবাৰৰ পৰা অনির্দিষ্টকালৰ বাবে আগৰতলাৰ ভিছা কেন্দ্র বন্ধ কৰি দিয়া হৈছে৷ বন্ধ কৰি দিয়া হৈছে অন্যান্য কনছুলাৰ পৰিসেৱাসমূহো৷

ডিজিটেল ডেস্ক, ২৪ ডিচেম্বৰ

You might also like