নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৈয়দা আনোৱাৰা টাইমূৰৰ দেহাৱসান

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰঃ অসমৰ প্ৰবীণ ৰাজনীতিক তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৈয়দা আনোৱাৰা টাইমূৰে আজি সন্ধিয়া জীৱন নাটৰ যৱনিকা পেলায়। অসমৰ প্ৰথম তথা একমাত্ৰ মহিলা মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কিছুবছৰ ধৰি অষ্ট্ৰেলিয়া নিৱাসী পুত্ৰৰ স’তে অষ্ট্ৰেলিয়াত বাস কৰি আছিল।

১৯৩৬ চনত জন্মগ্ৰহণ কৰা চৈয়দা আনোৱাৰা টাইমূৰ ৬ ডিচেম্বৰ ১৯৮০ৰ পৰা ৩০ জুন ১৯৮১লৈ মুখ্য মন্ত্ৰিত্বৰ আসনত অধিষ্ঠিত আছিল। অসমৰ ৰাজনৈতিক জগতত এক বিশেষ অৱদান ৰাখি যোৱা টাইমূৰৰ মৃত্যুৱে শোকাকুল কৰিছে ৰাজ্যবাসীক।

You might also like