নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চলিত আইপিএলত ৮ দলৰ মুখ্য প্ৰশিক্ষকৰ বেতন কিমান জানেনে ?‌

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰঃ দীঘলীয়া প্রতীক্ষাৰ অন্ত পেলাই অৱশেষত আৰম্ভ হ’ল ত্রয়োদশ সংস্কৰণৰ আই পি এল৷ মহামাৰী ক’ৰোনা ভাইৰাছে সৃষ্টি কৰা জটিল পৰিস্থিতিৰ বাবে ভাৰতৰ সলনি ইউনাইটেড আৰব এমিৰেটছত অনুষ্ঠিত হৈ আছে এইবাৰৰ আইপিএল।

এটা দলে সুন্দৰ প্ৰদৰ্শন আগবঢ়াবলৈ হ’লে বা খেলখনত বিজয় সাব্যস্ত কৰিবলৈ হ’লে ভাল ভাল ক্রিকেটাৰৰ লগতে এটা দলত লাগে এজন ভাল প্ৰশিক্ষকৰো। কাৰণ দল একোটা বিজয়ী হ’বলৈ হ’লে নির্ভৰ কৰে পৰিকল্পনাৰ উপৰত। যাৰ বাবে প্ৰতিটো আইপিএল দলেই নিয়োগ কৰে একোজনকৈ অভিজ্ঞতাপুষ্ট প্ৰশিক্ষকক। কিন্তু জানেনে এইবৰ্ষৰ আইপিএলত ৮ দলৰ মুখ্য প্ৰশিক্ষকৰ বেতন কিমান ?

১.‌ চেন্নাই চুপাৰ কিংছ (Chennai Super Kings):‌ মহেন্দ্র সিং ধোনীৰ টিমে এইবাৰো ভৰসা ৰাখিছে ষ্টিফেন ফ্লেমিংৰ উপৰতেই। দীর্ঘদিন ধৰি তেওঁ চেন্নাইয়ৰ মুখ্য প্ৰশিক্ষকৰ (Head coach) দায়িত্ব পালন কৰি আছে। ফ্লেমিঙৰ বেতন ৩.‌৪ কোটি টকা। ফ্লেমিংৰ উপৰিও প্ৰশিক্ষক ষ্টাফত আছে মাইক হাছি (বেটিং কোচ), লক্ষ্মীপতি বালাজি (ব’লিং কোচ)

২‌.‌ কলকাতা নাইট ৰাইডাৰ্ছ (Kolkata Knight Riders):‌ এইবাৰ আইপিএলত কলকাতা নাইট ৰাইডাৰ্ছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত আছে প্রাক্তন নাইট ব্রেণ্ডন মেককোলাম। তেওঁৰ বেতন ফ্লেমিংৰ সমান ৩.‌৪ কোটি টকা। মেককোলামৰ বাহিৰেও কলকাতাৰ সৈতে যুক্ত হৈ আছে অভিষেক নায়াৰ (সহকাৰী কোচ), টাইমল মিলছ (ব’লিং কোচ), জেমছ ফষ্টাৰ (ফিল্ডিং কোচ), ডেভিভ হাছি (মেন্টৰ)।

৩.‌ মুম্বাই ইণ্ডিয়ান্স (Mumbai Indians):‌ আইপিএলত মুম্বাই ইণ্ডিয়ান্সক প্ৰশিক্ষণ দিছে মাহেলা জয়বর্ধনে। তেওঁৰ বেতন হৈছে ২.‌২৫ কোটি টকা। জয়বর্ধনেৰ লগতে প্ৰশিক্ষক ষ্টাফত আছে –ৰবীন সিং(বেটিং কোচ), শচীন তেণ্ডুলকাৰ (বেটিং মেন্টৰ), শ্বেন বণ্ড (ব’লিং কোচ), জেমছ পামেন্ট (ফিল্ডিং কোচ)।

৪.‌ ছানৰাইজাৰ্ছ হায়দৰাবাদ (Sunrisers Hyderabad): ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হেড কোচ হিচাপে এইবাৰ নিযুক্ত হৈছে ট্রেভৰ বেলিছ। তেওঁৰ বেতন ২.‌২৫ কোটি টকা। ছানৰাইজাৰ্ছ হায়দৰাবাদ দলৰ প্ৰশিক্ষকৰ ষ্টাফত আছে ব্রেড হেডিন (সহকাৰী কোচ), মুথাইয়া মুৰলীধৰণ (ব’লিং কোচ), বিজু জর্জ (ফিল্ডিং কোচ), ভিভিএছ লক্ষ্মণ (মেন্টৰ)।

৫.‌ দিল্লী কেপিটালছ (Delhi Capitals):‌ এইবাৰ আইপিএলত দিল্লী কেপিটালছৰ প্ৰশিক্ষণৰ দায়িত্বত আছে ৰিকি পন্টিং। তেওঁক বেতন দিয়া হৈছে ৩.‌৪ কোটি টকা। তেওঁৰ সৈতে সহযোগী হিচাপে আছ মহম্মদ কাইফ (সহকাৰী কোচ), ছেমুয়েল বদ্রী (স্পিন ব’লিং কোচ), ব্ৰায়ান হাৰিছ (ব’লিং কোচ)

৬.‌ ৰাজস্থান ৰয়েলছ (Rajasthan Royals):‌ ৰাজস্থান ৰয়েলছত এইবাৰ প্ৰশিক্ষক হিচাপে নিযুক্ত আছে এন্ড্রু মেকডোনাল্ড। তেওঁৰ বেতন ৩.‌৪ কোটি টকা। লগতে কোচিং ষ্টাফত আছে অমল মজুমদাৰ (বেটিং কোচ), ছাইৰাজ বাহুতুলে (স্পিন ব’লিং কোচ), ৰব কেছেল (ফাষ্ট ব’লিং কোচ), দিশান্ত ইয়াগনিক (ফিল্ডিং কোচ)।

৭.‌ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালোৰু (Royal Challengers Bangalore):‌ চলিত চিজনত বিৰাট কোহলী নেতৃত্বাধীন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালোৰুৰ প্ৰশিক্ষকৰ দায়িত্বত আছে ছাইমন কাটিচ। প্ৰশিক্ষক তথা প্রাক্তন ক্রিকেটাৰগৰাকীৰ বেতন ৪ কোটি টকা। তেওঁৰ সহযোগী হিচাপে আছে এডাম গ্রিফিথ (ব’লিং কোচ), সিদ্ধার্থ শ্রীৰাম (বেটিং আৰু স্পিন ব’লিং কোচ)।

৮.‌ কিংছ ইলেভেন পাঞ্জাব (Kings XI Punjab): এইবাৰৰ আইপিএলৰ একমাত্র ভাৰতীয় প্ৰশিক্ষক হিচাপে আছে অনিল কুম্বলে। কিংছ ইলেভেন পাঞ্জাবক প্ৰশিক্ষণ প্ৰদান কৰিছে কুম্বলেই। ভাৰতীয় ক্রিকেটাৰ তথা কিংবদন্তি লেগস্পিনাৰগৰাকীৰ বেতন ৪ কোটি টকা। কুম্বলেৰ সৈতে কোচিং ষ্টাফত আছে এন্ডি ফ্লাৱাৰ (‌এছিষ্টেন্ট কোচ), ৱাছিম জাফৰ (বেটিং কোচ‌),‌ চার্ল লেঙ্গভেল্ট (‌ব’লিং কোচ), জন্টি ৰোডছ (‌ফিল্ডিং কোচ)।

You might also like