নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেক ভাঙি টকা তোলাৰ ক্ষেত্রত বৃহৎ সালসলনি! নতুন নিয়ম আৰম্ভ কৰিলে RBI য়ে

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰঃ চেক ভাঙি বেংকৰ পৰা টকা তোলাৰ ক্ষেত্রত নিয়মৰ কিছু সালসলনি কৰিছে ৰিজার্ভ বেংক অফ ইণ্ডিয়াই। টকা তোলাৰ ক্ষেত্রত বহু সময়ত প্রতাৰণাৰ চিকাৰ হ’বলগীয়া হয় গ্রাহকসকল। চেকৰ মাধ্যমেৰে আর্থিক লেনদেন জালিয়াতি বন্ধ কৰাৰ বাবেই নতুন নিয়ম আৰম্ভ কৰিলে আৰবিআই-এ।

এবাৰত ৫০ হাজাৰতকৈ অধিক টকা চেকৰ মাধ্যমেৰে লেনদেন কৰিলে নতুন পদ্ধতিত অবলম্বন কৰিব বংকে। ২০২১ চনৰ পহিলা জানুৱাৰীৰ পৰাই এই নতুন নিয়ম আৰম্ভ হ’ব। ৰিজার্ভ বেংকৰ তৰফৰ পৰা জনোৱা হৈছে এবাৰত ৫০ হাজাৰ টকাৰ বেছি অংকৰ ধন চেকযোগে জমা হ’লেই পজিটিভ পে চিষ্টেম-ৰ মাধ্যমেৰে বেংকে বিভিন্ন তথ্যৰ অনুসন্ধান কৰিব।

এতিয়াৰে পৰা কেৱল অনুৰূপ হস্তাক্ষৰৰ ভিত্তিতে লেনদেন নিৰ্ভৰ নকৰে। বেংকে গ্ৰাহকৰ পৰা অনুসন্ধান সন্দৰ্ভত অনুৰোধ কৰিব পাৰে। জনা গৈছে পাঁচ লাখ বা তাতকৈ অধিক টকাৰ চেক হ’লে পজিটিভ পে চিষ্টেম বাধ্যতামূলক কৰা হ’ব। অর্থাৎ এইবাৰৰ পৰা চেক জমা হলেই টকা তুলিব পৰা নাযাব। এছএমএছ, মোবাইল এপ, ইন্টাৰনেট বেংকিং- এইবোৰৰ মাধ্যমেৰে একাধিক তথ্য অনুসন্ধান কৰিব বেংকে আৰু তাৰপাছতহে টকা অন্য একাউণ্টলৈ ট্রান্সফাৰ হ’ব।

You might also like