নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰিবহণ বিভাগত এনফ’চমেণ্ট ইন্সপেক্টৰৰ ৫ পদত নিযুক্তিৰ জাননী

১৮ জানুৱাৰীৰ ভিতৰত আবেদন আহ্বান

অসম চৰকাৰৰ পৰিবহণ বিভাগৰ অধীনত পৰিচালিত পৰিবহণ আয়ুক্তৰ কার্যালয়ত(Commissionerate of Transport, Assam under Transport Department) খালী হৈছে এনফ’চমেণ্ট ইন্সপেক্টৰৰ(Enforcement Inspector) ৫ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি অসম লোকসেৱা আয়োগৰ অবৰ সচিবে এক বিস্তৃত নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, মুঠ খালী পদ ৫টাৰ ভিতৰত অসংৰক্ষিত ২টা, অ’বিচি/এম’বিচি ২টা আৰু এছচি শ্রেণীৰ প্রার্থীৰ বাবে ১টা পদ সংৰক্ষিত থাকিব৷ আবেদনকাৰী চৰকাৰী স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠানৰ পৰা কলা/বাণিজ্য/বিজ্ঞানৰ স্নাতক ডিগ্রীধাৰী অথবা দ্বাদশ শ্রেণী উত্তীর্ণ হোৱাৰ লগতে এআইচিটিইৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠানৰ পৰা অটোম’বাইল/মেকানিকেল ইঞ্জিনীয়াৰিং বিষয়ত ডিপ্ল’মাধাৰী হোৱা হ’ব লাগিব৷ বয়স ১ জানুৱাৰী, ২০২০লৈ ২১–৩৮ বছৰ৷ বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ দৰমহাৰ নিৰিখ পিবি–৩ৰ আধাৰত ২২,০০০–৯৭,০০০ টকাসহ ৯,৪০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷

আবেদন মাচুল হিচাপে সাধাৰণ আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীয়ে ২৮৫.৪০ টকা, এছচি/এছটি/অ’বিচি/এম’বিচি শ্রেণীৰ প্রার্থীয়ে ১৮৫.৪০ টকা পৰিশোধ কৰাৰ বিপৰীতে দাৰিদ্র্য সীমাৰেখাৰ তলৰ আৰু দিব্যাংগ প্রার্থীয়ে ৩৫.৪০ টকা অনলাইন মাধ্যমেৰে এ পি এছ চিৰ হকে পৰিশোধ কৰিব লাগিব৷ অনলাইনযোগে মাচুল পৰিশোধ কৰিবলৈ ৱেবছাইটhttps://assamegras.gov.in/helpdesk আৰু হেল্পলাইন নম্বৰ1800-212-11-88-66ৰ সহায় ল’ব পাৰে৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ এপিএছচিৰ ৱেবছাইটhttps://apscrecruitment.in লগ–ইন কৰিব পাৰিব৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ১৮ জানুৱাৰী, ২০২১৷ বিজ্ঞাপন আৰু আবেদন সম্পর্কীয় তথ্যপাতিৰ বাবে ই–মেইল[email protected] /হেল্পলাইন নম্বৰ1800-572-23-43ত যোগাযোগ কৰিব পাৰে৷

You might also like