নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টাকাম মিচিং পৰিণ কৗবাঙৰ সোণালী জয়ন্তী বৰ্ষঃ মুখ্য অতিথি ৰূপে উপস্থিত মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰীঃ জোনাইত অনুষ্ঠিত হোৱা টাকাম মিচিং পৰিণ কৗবাঙৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠানৰ অন্তিম দিনাৰ কাৰ্যসূচীত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। দুপৰীয়া ১২ বজাৰ কাৰ্যসূচী মতে ইয়াৰ উপৰি উপস্থিত থাকে অসম-অৰুণাচলৰ বহু বিশিষ্ট অতিথি।

জোনাই উচ্চতৰ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত বৰ্ণাঢ্য সোণালী জয়ন্তী বৰ্ষৰ অনুষ্ঠান বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীয়ে অনন্য কৰি তোলে। মুখ্য অতিথি ৰূপে উপস্থিত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণত উল্লেখ কৰে যে এই বিশাল অনুষ্ঠানে প্ৰমাণ কৰিলে টি এম পি কে অকল অসমৰে নহয়, সমগ্ৰ উত্তৰ-পূবৰ জনতাৰ হৃদয়ত আছে। উত্তৰ-পূবৰ সমন্বয়ৰ এক অন্যতম প্ৰতিচ্ছবি টি এম পি কেৰ বৰ্ণিল অনুষ্ঠান।

মুখ্যমন্ত্ৰী সোণোৱালৰ পিছতে সভাত উপস্থিত হয় বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। জোনাইত উপস্থিত হোৱাৰ পিছতে মন্ত্ৰীগৰাকীয়ে জোনাই পাৰ্কি পেলেচ আৰু এটা সমূহীয়া ভৱন উদ্বোধন কৰে। ইয়াৰ লগতে মিচি স্বায়ত্ত শাসিত পৰিষদৰ দ্বাৰা নিৰ্মাণ হ’বলগীয়া এটা বজাৰগৃহৰ আধাৰশিলাও স্থাপন কৰে মন্ত্ৰীগৰাকীয়ে।

মন্ত্ৰীগৰাকীয়ে সভাৰ অন্তত কয় যে ৰাজ্য চৰকাৰৰ কেবিনেটে কেন্দ্ৰক বৰ্তমান মিচিং স্বায়ত্ত শাসিত পৰিষদ, ৰাভা স্বায়ত্ত শাসিত পৰিষদ আৰু তিৱা স্বায়ত্ত শাসিত পৰিষদক সাংবিধানিক ক্ষমতা প্ৰদানৰ কথা কৈছে, যাতে তেওঁলোকে অধিক পুঁজি আৰু ক্ষমতা লাভ কৰিব পাৰে। শিক্ষা-সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত যাতে তেওঁলোকে আৰু বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব পাৰে।

You might also like