নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোনা ম’হৰ যুঁজত কঁপিল ৩৫৪ সংখ্যক বাৰপূজীয়া ম’হযুঁজ খেলপথাৰ

নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰীঃ এফালে ন্যায়ালয়ৰ বাধা আৰু আনফালে পৰম্পৰা ৰক্ষাৰ যুঁজ ৷ সেয়ে ঐতিহাসিক পৰম্পৰা ৰক্ষা কৰি আহোম ৰাজত্ব কালৰে পৰা মাঘৰ তিনি তাৰিখৰ আজিৰ দিনটোতে অনুষ্ঠিত হৈ অহা বাৰপূজীয়া ম’হযুঁজ আজি অনুষ্ঠিত হয় ৷

আহোম ৰজাৰ পৃষ্ঠপোষকতাত আৰম্ভ হোৱা মধ্য অসমৰ অতি পুৰণি বাৰপূজীয়া ম’হযুঁজে  ইতিমধ্যে ৩৫৪ বৰ্ষত ভৰি দিলে ৷ কিন্তু মাঘৰ বিহুৰ লগত সংগতি ৰাখি অনুষ্ঠিত হৈ অহা ম’হযুঁজ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ইতিমধ্যে উচ্চতম ন্যায়ালয়ে বাধা আৰোপ কৰিছে যদিও অসমীয়া জাতীয় পৰম্পৰা ৰক্ষা কৰি দেওবাৰে অনুষ্ঠিত কৰিলে ৩৫৪ সংখ্যক ম’হযুঁজ।

 ন্যায়ালয়ৰ আদেশক সন্মান জনাই আনুষ্ঠানিকভাৱে ম’হযুঁজ প্ৰতিযোগিতাৰ পৰিৱৰ্তে বাৰপূজীয়া ৰাইজ আৰু ম’হৰ গোৱালসকলে নিজে নিজে পাতিলে ম’হযুঁজ । মধ্য অসমৰ বিভিন্ন অঞ্চলৰ পৰা গোৱালসকলে শ শ ম’হ পথাৰত উপস্থিত কৰাই যদিও অন্তিম সময়লৈ ৩০ হাল গোনা ম’হৰ যুঁজ হয় বাৰপূজীয়াৰ পথাৰত।

এই ম’হ যুঁজ চাবলৈ আজি বহু  লোকেভিৰ কৰে ৷ উল্লেখ্য যে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বাপতিসাহোন ভোগালী বিহুত মধ্য অসমত অনুষ্ঠিত হোৱা ম’হ যুঁজে বিশেষভাৱে সকলো লোককে আকৰ্ষিত কৰি আহিছে।

You might also like