নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্রুগড়ৰ আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্রত ৮০ পদ

আবেদন দাখিলৰ অন্তিম তাৰিখ ৩ ডিচেম্বৰ, ২০২০

উত্তৰ–পূর্বাঞ্চলৰ একমাত্র জীৱ–চিকিৎসা বিষয়ক গৱেষণাগাৰ ডিব্রুগড়ৰ লাহোৱালস্থিত আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্র, উত্তৰ–পূর্বাঞ্চলত(ICMR-Regional Medical Research Centre, NE Region) খালী হৈছেAssistant ৮০ পদ৷

মুঠ খালী পদ ৮০টাৰ ভিতৰত অসংৰক্ষিত ৩৩টা, অ’বিচিৰ ২১টা, এছ টিৰ ৬টা, এছ চিৰ ১২টা আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ৮টা পদ সংৰক্ষিত থাকিব৷

আবেদনকাৰী স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়/শিক্ষানুষ্ঠানৰ পৰা যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী হোৱাৰ লগতে কম্পিউটাৰৰ জ্ঞান থকাটো বাঞ্ছনীয়৷ দৰমহাৰ নিৰিখ ৩৫,৪০০–১,১২,৪০০ (৯,৩০০–৩৪,৮০০ টকাসহ ৪,২০০ টকাৰ গ্রেড পে’) টকা৷

আবেদন মাচুল হিচাপে এছ চি, এছ টি মহিলা আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীয়ে ১২,০০০ টকা পৰিশোধ কৰাৰ বিপৰীতে অন্যান্য শ্রেণীৰ বিপৰীতে ১৫,০০০ টকা নেট বেংকিংযোগে পৰিশোধ কৰিব লাগিব৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈPGIMER/ICMR বিভাগীয় ৱেবছাইটwww.pgimer.edu.in & www.icmr.nic.in লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ৩ ডিচেম্বৰ, ২০২০৷

You might also like