নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৰুণ গগৈয়ে আহোমৰ কথা ক’লে সাত জাঁপ মাৰিছিল : দয়ানন্দ বৰগোহাঁই

🔹 মৰাণত সংবাদ মেলত গৌৰৱ গগৈক কটাক্ষৰে বিস্ফোৰণ বৰগোহাঁইৰ

🔹 ‘হিমন্ত বিশ্ব শৰ্মা এজন ডাইনেমিক পাৰ্ছনেলিটীৰ ব্যক্তি’

🔹 ‘মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কাম কৰাৰ আগ্ৰহক আমি সন্মান কৰোঁ’

🔹 ‘হিমন্ত বিশ্ব শৰ্মাই পূৰ্বৰ চৰকাৰতকৈ যথেষ্টখিনি কাম কৰিছে’

বিশেষ বাৰ্তা, ১৫ এপ্ৰিল : গৌৰৱ গগৈৰ পিতৃ তৰুণ গগৈয়ে আগতে আহোমৰ কথা ক’লে সাত জাঁপ মাৰিছিল। ১৫ বছৰে শাসনত থকা প্ৰয়াত তৰুণ গগৈয়ে আহোমৰ কথা ক’বলৈ মানা কৰিছিল। মই অকল আহোমৰ মন্ত্ৰী নহয় বুলি কৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে।- এই মন্তব্য দয়ানন্দ বৰগোহাঁইৰ। আজি মৰাণৰ নিজ বাসগৃহত এখন সংবাদ মেলত এনেদৰে মন্তব্য কৰে দয়ানন্দ বৰগোহাঁয়ে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মা এজন ডাইনেমিক পাৰ্ছনেলিটীৰ ব্যক্তি আৰু ১৭ বছৰতকৈ বেছি মন্ত্ৰী হৈ থকাৰ অভিজ্ঞতা থকা ব্যক্তি। হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছতে ড্ৰাগছৰ বিৰুদ্ধে, মাটিৰ দালাল, দুৰ্নীতিৰ বিৰুদ্ধে কেনে ধৰণৰ পদক্ষেপ লৈছে সেয়া উল্লেখ কৰে। আনহাতে, গুৱাহাটীত ক্ষিপ্ৰ গতিত দলং নিৰ্মাণৰ কথাটোও তেওঁ সংবাদ মেলত উল্লেখ কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ যিটো কাম কৰাৰ আগ্ৰহ, সেই কাম কৰাৰ আগ্ৰহক আমি সন্মান কৰোঁ। আনহাতে, সংবাদ মেলত তেওঁ ২০১৬ চনৰ পৰা বিজেপি চৰকাৰখনে বৰ্তমানলৈ অসমৰ জনগোষ্ঠীসমূহৰ বাবে যথেষ্টখিনি কাম কৰা বুলি উল্লেখ কৰে। উদাহৰণস্বৰূপে মৰাণ-মটক, সোণোৱাল কছাৰীসকলক অটনমাচ কাউঞ্চিল দিয়া, বীৰ লাচিতক বিশ্ব দৰবাৰত চিনাকি কৰি দিয়াৰ প্ৰয়াস চলোৱা আদিৰ কথা উল্লেখ কৰে। ইয়াৰ উপৰি অন্যান্য বহুতো বিষয়ত চৰকাৰখনে মনোযোগ দিয়াৰ কথাও তেওঁ সংবাদ মেলত উল্লেখ কৰে। আনকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজৰ উদ্যোগত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি স্থাপন, আলাবৈত যুদ্ধ স্মাৰক নিৰ্মাণৰ কাৰণে কাম কৰাৰ কথাও তেওঁ সংবাদ  মেলত উল্লেখ কৰে।

You might also like