নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোদীৰ গেৰাণ্টী, বিকশিত ভাৰত ২০৪৭

🔹 নতুন দিল্লীৰ মুখ্য কার্যালয়ত বিজেপিৰ নির্বাচনী ইস্তাহাৰ মুকলি প্রধানমন্ত্রীৰ

বিশেষ বাৰ্তা, ১৫ এপ্রিল : লোকসভা নির্বাচন ২০২৪ৰ প্রথম পর্যায়ৰ ভোটগ্রহণলৈ পাঁচ দিন বাকী থকা অৱস্থাত নতুন দিল্লীৰ মুখ্য কার্যালয়ত বিজেপিয়ে নির্বাচনী ইস্তাহাৰ মুকলি কৰে৷ বিজেপিৰ মুখ্য কার্যালয়ত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে মুকলি কৰা লোকসভা নির্বাচনৰ ইস্তাহাৰক সংকল্প পত্র শীর্ষক নাম দিয়া হৈছে৷ এই সংকল্প পত্রৰ বিষয় হৈছে মোদীৰ গেৰাণ্টী, বিকশিত ভাৰত ২০৪৭৷ ইস্তাহাৰত সর্বাংগীণ বিকাশ, এখন সমৃদ্ধিশালী ভাৰত, মহিলা, যুৱ, দৰিদ্র আৰু কৃষকক প্রাধান্য দিয়া হৈছে৷ বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা, প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং, বিত্তমন্ত্রী নির্মলা সীতাৰমণ আৰু কেইবাজনো শীর্ষ নেতাৰ উপস্থিতিত প্রধানমন্ত্রী মোদীয়ে মুকলি কৰা সংকল্প পত্রত ২০১৯ চনৰ দলটোৰ নির্বাচনী প্রতিশ্রুতি এনআৰচিক বাদ দিয়া হৈছে৷ বি আৰ আম্বেদকাৰৰ জন্মবার্ষিকী উপলক্ষে বিজেপিয়ে মুকলি কৰা সংকল্প পত্রত দেশৰ জনতাৰ জীৱনৰ মান উন্নত কৰাক লৈ কেইবাটাও চৰকাৰী আঁচনিক অধিক প্রাধান্য দিয়া হৈছে৷ বিগত ১০ বছৰত চৰকাৰখনে লাভ কৰা বৃহৎ সফলতাসমূহকো এই নির্বাচনী ইস্তাহাৰত পুনৰ আগবঢ়াই নিয়াৰ প্রতিশ্রুতি দিয়া হৈছে৷ কালি পুৱা ৰাজধানী চহৰৰ কার্যালয়ত মুকলি কৰা নির্বাচনী ইস্তাহাৰত দলটোৱে দিয়া প্রতিশ্রুতি মতে আয়ুস্মান যোজনাত ৭০ বছৰ ঊর্ধ্বৰ লোকসকলক সাঙুৰি ল’ব৷ প্রধানমন্ত্রী মোদীৰ নির্দেশনা মর্মে মুদ্রা আঁচনিৰ ঋণৰ নিৰিখ ২০ লাখ টকালৈকে বৃদ্ধি কৰাৰ প্রতিশ্রুতি দিয়া হৈছে৷ আনপিনে বিজেপিয়ে পুনৰ ক্ষমতালৈ আহিলে ন্যায় সংহিতা দেশজুৰি বলৱতৰ প্রতিশ্রুতিও দিয়া হৈছে৷ উত্তৰ–পূর্বাঞ্চলত বুলেট ট্রেইন প্রকল্পৰ লগতে কেইবাটাও বৃহৎ প্রকল্প ৰূপায়ণৰ প্রতিশ্রুতি সংকল্প পত্রত আছে৷ ৫জি আৰু ৬জি প্রযুক্তি বিকাশ, আয়ুস্মান ভাৰত যোজনাত তৃতীয় লিংগক অন্তর্ভুক্ত, গৰিমা গৃহৰ নেটৱর্ক সম্প্রসাৰণ, পৰৱর্তী ৫ বছৰত মহিলাৰ অংশগ্রহণ আৰু অৱদানক মর্যাদা দিয়াৰ লগতে সন্মানিত কৰা, আইটি–পর্যটন–স্বাস্থ্য সেৱা–শিক্ষা আৰু খুচুৰা খণ্ডত মহিলাক প্রশিক্ষণ দিয়া, নমো ড্র’ন দিদি যোজনাৰ জৰিয়তে গ্রামাঞ্চলৰ মহিলাক ড্র’ন পৰিচালনাৰ প্রশিক্ষণ দিয়া, অনুসন্ধান পুঁজি গঠনৰ বাবে ১ লাখ কোটি টকা বিনিয়োগ, জনজাতীয় গৌৰৱ দিৱস পালনৰ প্রতিশ্রুতি, জনজাতীয় সন্তানৰ বাবে ৭৪০ একলব্য মডেল আৱাসিক স্কুল স্থাপনত গুৰুত্ব, প্রধানমন্ত্রীৰ সূর্য ঘৰ, বিনামূলীয়া বিদ্যুৎ আঁচনিৰ অধীনত অধিক লোকক অন্তর্ভুক্ত কৰা, পি এম কিষাণ সন্মান নিধি অব্যাহত ৰখা, দেশজুৰি ৩০ নিযুত নতুন গৃহ আৰু ৰন্ধন গেছ সংযোগৰ প্রতিশ্রুতি দিয়া হৈছে সংকল্প পত্রত৷

You might also like