ডিজিটেল ডেস্ক, ১৮ এপ্ৰিল : দুলীয়াজানত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। দুলীয়াজানৰ ৰজাআলিত সংঘটিত হয় এক ভয়ংকৰ পথ দুর্ঘটনা। জানিব পৰা মতে, তিনিজন ছাত্ৰই AS-06S-3103 নম্বৰৰ মটৰ চাইকেলত কম্পিউটাৰ ক্লাছৰ কৰি ওভতাৰ পথত AS-23 DC-3217 নম্বৰৰ তীব্ৰবেগী ডাম্পাৰৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।
তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিয়াৰ ফলত তিনিওজন ছাত্ৰ গুৰুতৰভাৱে আহত হয়। আহত তিনিওজন ছাত্ৰক ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও দুৰ্ঘটনাটোত আহত এজন ছাত্ৰৰ ৰাজপথতে মৃত্যু হয় । নিহত ছাত্ৰজন দুলীয়াজানৰ ৰজাআলি চাহ বাগিচাৰ ১২ নম্বৰ লাইনৰ বাসিন্দা ৰোহিত নায়ক বুলি জানিব পৰা গৈছে ।
আনহাতে, আহত আন দুজন ছাত্ৰ ক্ৰমে বৰুণ ওৰাং আৰু অভিজিৎ চৱৰক অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে । এই পথ দুর্ঘটনাক কেন্দ্ৰ কৰি নিশা স্থানীয় ৰাইজে দুলীয়াজান-ডিব্ৰুগড় সংযোগী পথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । নিশাই ঘটনাস্থলীত ডিব্ৰুগড় জিলাৰ শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।