নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বৈত নাগৰিকত্ব : ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ তৰাৰ নির্দেশ এলাহাবাদ হাইক’ৰ্টৰ

ডিজিটেল ডেস্ক, ১৮ এপ্রিল : কেৱল ভাৰততে নহয়, ব্রিটেইনৰো নাগৰিক বুলি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে উঠা অভিযোগৰ গোচৰ খাৰিজ হৈছিল নিম্ন আদালতত৷ কিন্তু শুকুৰবাৰে এলাহাবাদ হাইক’র্টে উত্তৰ প্রদেশ চৰকাৰক এই বিষয়ে তদন্তৰ নির্দেশ দিয়ে৷

ক’র্টে জনাই দিয়ে যে যোগী চৰকাৰে নিজে বা কোনো কেন্দ্রীয় সংস্থাৰ সাহায্যত তদন্ত চলাব পাৰে৷ ৰাহুল গান্ধীৰ বিৰুদ্ধে লক্ষ্ণৌৰ বিশেষ এমপি–এমএলএ আদালতৰ দ্বাৰস্থ হৈছিল ভিগ্নেশ শিশিৰ নামৰ এগৰাকী বিজেপি নেতা৷ তেওঁ দাবী কৰে যে ৰাহুল গান্ধী কেৱল ভাৰতৰে নাগৰিক নহয়, ইয়াৰ যথেষ্ট প্রমাণ তেওঁৰ হাতত আছে৷ বিজেপি নেতাগৰাকীয়ে আদালতত দাবী কৰে যে ৰাহুলৰ নাগৰিকত্বক লৈ তথ্য জানিবলৈ তেওঁ ব্রিটেইন চৰকাৰৰ সৈতে যোগাযোগ কৰিছিল৷ এই সন্দর্ভত কিছু তথ্য তেওঁলোকে দিছে৷ কিন্তু সকলো তথ্য গোপনীয়তাৰ খাতিৰত দিয়া হোৱা নাই৷ এই বিষয়ে চিবিআই তদন্ত হোৱা উচিত৷ কেন্দ্রীয় চৰকাৰেও এই বিষয়টোত হস্তক্ষেপ কৰা উচিত৷ কিন্তু বিশেষ আদালতে এই গোচৰটো খাৰিজ কৰি দিয়ে৷ আদালতে জনায় যে এই বিষয়ে সিদ্ধান্ত লোৱাৰ ক্ষমতা এই আদালতৰ নাই৷

তাৰ পিছত হাইক’ৰ্টৰ দ্বাৰস্থ হয় ব্যক্তিগৰাকী৷ অৱশেষত উচ্চ ন্যায়ালয়ে এই ৰায়দান কৰে৷ উল্লেখযোগ্য যে ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ পূর্বেও একাধিকবাৰ প্রশ্ণ উত্থাপন হৈছিল৷

You might also like