প্ৰাগ নিউজৰ কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি
গুৱাহাটীৰ উলুবাৰীস্থিত প্ৰাগ নিউজৰ কাৰ্যালয়ৰ সন্মুখত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। প্ৰাগ নিউজৰ স্বত্বাধিকাৰী সঞ্জীৱ নাৰায়ণৰ সংবাদ মেলৰ মাজতে কাৰ্যালয়টোৰ সন্মুখত সৃষ্টি হয় এই পৰিস্থিতিৰ।
যুৱ-ছাত্ৰ পৰিষদ, লাচিত সেনাকে ধৰি কেইবাটাও দল-সংগঠনে সঞ্জীৱ নাৰায়ণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি সৃষ্টি কৰে এই পৰিস্থিতিৰ ।
উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা সঞ্জীৱ নাৰায়ণে নিজৰ চাফাই গাবলৈ আজিৰ এই সংবাদ মেল গুৱাহাটী প্ৰেছ ক্লাবত আহ্বান কৰিছিল যদিও আৰক্ষীয়ে ইয়াত নিষেধাজ্ঞা আৰোপ কৰে।
ইয়াৰ পিছতে সঞ্জীৱ নাৰায়ণে এই সংবাদ মেল নিজৰ কাৰ্যালয় প্ৰাগ নিউজত অনুষ্ঠিত কৰাৰ কথা জনায়।
ইফালে সংবাদমেলৰ মাজতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছতেই সেই স্থানত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰেপিড এক্সন ফৰ্চকে ধৰি আৰক্ষীৰ দল মোতায়েন কৰা হৈছে। ঘটনাস্থলীত অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াও উপস্থিত হোৱা বুলি জানিব পৰা গৈছে।
নিয়মীয়া বাৰ্তা ডেস্ক, ২৪ ছেপ্টেম্বৰ