নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাটিৰ পট্টা দিয়াৰ ছিণ্ডিকেট গঢ়া ড০ ৰহমতক ৰাইজৰ উত্তম–মধ্যম

উচ্ছেদৰ মাজতে লামডিং বনাঞ্চলত উত্তেজনাময় পৰিস্থিতি

নিয়মীয়া বাৰ্তা ১০ নৱেম্বৰঃ লামডিং সংৰক্ষিত বনাঞ্চলত সোমবাৰে প্রথম দিনা শান্তিপূর্ণভাৱে উচ্ছেদ কার্য সমাপন হৈছিল যদিও আজি দ্বিতীয় দিনা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ অৱশ্যে এই উত্তপ্ত পৰিস্থিতি উচ্ছেদকাৰী আৰু বেদখলকাৰীৰ মাজত সংঘটিত হোৱা নাই৷ ইয়াৰ বিপৰীতে লামডিং বনাঞ্চল বেদখল কৰি থকা একাংশ উচ্ছেদিত লোক আৰু ৰহমত আলী নামৰ স্থানীয় এজন প্রকৃতিপ্রেমীৰ মাজত সংঘাতৰ সৃষ্টি হয়৷

জানিব পৰা মতে, মঙলবাৰে পুৱাৰে পৰা কালিৰ দৰে উচ্ছেদ কার্য আৰম্ভ হৈছিল৷বুলডজাৰ আৰু হাতী লৈ আৰক্ষী তথা চি আৰ পি এফ বেটেলিয়নৰ কটকটীয়া নিৰাপত্তাৰ মাজত উচ্ছেদ কার্য চলি আছিল৷ জিলা প্রশাসনৰ নির্দেশ অনুযায়ী একাংশ লোকে স্বইচ্ছাৰে লামডিং বনাঞ্চলৰ বেদখলকৃত অঞ্চল ত্যাগ কৰি জানজু নামৰ অঞ্চলত শিবিৰ পাতি আছিল৷ সেই শিবিৰ পাতি থকা স্থানতে উচ্ছেদিত লোকসকলৰ খবৰ ল’বলৈ গৈছিল প্রকৃতিপ্রেমী ব্যক্তি ড০ ৰহমত আলী লস্কৰ৷ কিন্তু একাংশ উচ্ছেদিত লোক হঠাৎ উত্তেজিত হৈ ড০ লস্কৰৰ লগত কথাৰ কটাকটিত লিপ্ত হয়৷ পৰৱর্তী সময়ত উত্তেজিত উচ্ছেদিত লোকসকলে ড০ লস্কৰক তেওঁৰ এ এছ–০২ এ ই–২০৮২ নম্বৰৰ ব্যক্তিগত বাহনখনৰ পৰা নমাই আনি প্রহাৰ কৰে৷

উত্তেজিত লোকসকলে ৰহমত আলী লস্কৰক আগুৰি ধৰি প্রহাৰ কৰে৷ উচ্ছেদিত লোকসকলে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰি কয় যে প্রকৃতিপ্রেমী বুলি পৰিচিত ড০ ৰহমত আলী লস্কৰে উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপিত কৰিব বুলি প্রলোভন দি তেওঁলোকৰ পৰা ধন বিচাৰিছিল৷ তদুপৰি তেওঁ উচ্ছেদিত লোকসকলে কৰা শস্য নষ্ট নোহোৱাকৈ তেওঁলোকে লাভ কৰাৰ ব্যৱস্থা কৰি দিব বুলি প্রলোভন দিছিল৷ ইয়াকে কেন্দ্র কৰি উচ্ছেদিত লোকসকল আৰু ড০ লস্কৰৰ মাজত কথাৰ কটাকটি হয়৷ তেতিয়া ড০ লস্কৰে তেওঁৰ নিজা বাহনত উঠি সেই স্থানৰ পৰা আঁতৰি যাব বিচাৰে৷এনেদৰে আঁতৰি যাব বিচাৰোতেই ৰহমত আলী লস্কৰৰ গাডীৰ খুন্দাত এগৰাকী মহিলা আহত হয়৷ ইয়াতে ক্ষুব্ধ হৈ উচ্ছেদিত একাংশ লোকে প্রকৃতিপ্রেমী ড০ ৰহমত আলী লস্কৰক গাড়ীৰ পৰা টানি আনি মাটিত বগৰাই বগৰাই প্রহাৰ কৰে৷ পিছত অৱশ্যে একাংশ সাংবাদিক আৰু শুভচিন্তক তৎপৰ হৈ ড০ লস্কৰক উত্তেজিত লোকসকলৰ কবলৰ পৰা উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে৷

ইপিনে, অভিযোগ মতে বছৰদিয়েক পূর্বে হোজাই আৰু কার্বি আংলং জিলাৰ সীমান্তৱর্তী আমবাৰীত উচ্ছেদ হোৱাৰ পাছৰে পৰা উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন আৰু চৰকাৰী সুবিধা কৰি দিয়াৰ নামত ড০ ৰহমত আলী লস্কৰে ধন সংগ্রহ কৰি আহিছে৷ প্রতিজন লোকৰ পৰা তেওঁ ১ হাজাৰৰ পৰা ২৫ হাজাৰ টকা পর্যন্ত ধন গ্রহণৰো অভিযোগ আছে৷ উচ্ছেদিত লোকক সংস্থাপন দিয়াৰ নামত মোহন, শ্বফিক, আফজল নামৰ আন তিনিজন লোকেও ধন সংগ্রহ কৰাৰ অভিযোগ আছে৷ ড০ ৰহমত আলী লস্কৰৰ এই ঘটনাক কেন্দ্র কৰি সামাজিক মাধ্যমত সামালোচনা আৰম্ভ হৈছে৷ তেওঁলোকৰ মতে শান্তিপূর্ণভাৱে সমাপন হোৱা উচ্ছেদ কার্যত অশান্তিৰ সৃষ্টি কৰিলে ড০ ৰহমত আলী লস্কৰে৷ ইয়াৰ বিপৰীতে আন একাংশ লোকৰ মতে ড০ লস্কৰৰ বিৰুদ্ধে এয়া এটা বিশেষ চক্রৰ ষডযন্ত্র৷ ড০ লস্কৰে প্রকৃতি সুৰক্ষাৰ স্বার্থতে লামডিং সংৰক্ষিত বনাঞ্চল বেদখলমুক্ত হোৱাটো বিচাৰিছিল বাবেই তেওঁক এনেদৰে আক্রমণ কৰা হ’ল৷

অৱশ্যে ড০ ৰহমত আলী লস্কৰ আক্রমণৰ ঘটনাৰ সত্যতা তদন্ততহে উন্মোচিত হ’ব৷ উল্লেখ্য যে লংকাৰ পার্শ্বৱর্তী উদালীৰ প্রকৃতিপ্রেমী ব্যক্তি ড০ ৰহমত আলী লস্কৰে বাঁহ, অর্কিড আদিৰ সংৰক্ষণত দীর্ঘদিন ধৰি আত্মনিয়োগ কৰি আহিছে৷তেওঁ ২০১৮ চনত মুম্বাইৰ পূব বেৰিভেলীত থকা সঞ্জয় গান্ধী ৰাষ্ট্রীয় উদ্যানত অনুষ্ঠিত ৱর্ল্ড গ্রীন কনভাৰজেঞ্চত বিশ্বৰ ৬১খন দেশৰ ৰাষ্ট্রদূত, উপ–উচ্চায়ুক্তক গামোচা, জাপি আদিৰে সম্বর্ধনা জনাইছিল৷ তাৎপর্যপূর্ণ যে আজি প্রশাসনে লামডিং সংৰক্ষিত বনাঞ্চলৰ লাংচি পাই আৰু ভেতনলাত উচ্ছেদ চলায়৷প্রশাসনে ১০৮টা পৰিয়ালক উচ্ছেদ কৰে৷ আনহাতে, কালি মুখ্যমন্ত্রীগৰাকীয়ে নজৰুল নামৰ এজন ব্যক্তিয়ে ধনৰ বিনিময়ত বনাঞ্চলখনত লোকসকলক সংস্থাপিত কৰা বুলি মন্তব্য কৰিছিল৷ কিন্তু এই কার্যত নজৰুলৰ লগতে এক বৃহৎ চক্র জডিতৰ অভিযোগ উঠিছে৷ উচ্ছেদিত লোকসকলে প্রকাশ কৰিছে যে নজৰুল সৰু মাছ৷ ইয়াত আৰু ডাঙৰ ডাঙৰ মাছ আছে৷ উচ্চাৰিত হৈছে কায়ুম, মোহন, ওচমান, আফজল, মতিবুৰৰ নাম৷ এই চক্রটোৱে ধনৰ বিনিময়ত লোকসকলক বনাঞ্চলখনত সংস্থাপিত কৰিছিল৷ আনকি লোকসকলৰ পৰা বছৰেকীয়া কৰ আদায়ো কৰিছিল৷ এই কথা প্রকাশ কৰিছে শিবিৰত থকা উচ্ছেদিত লোকসকলে৷ তেওঁলোকে হালধি খেতি কৰি বছৰেকীয়া কৰ আদায় দিছিল৷ ইপিনে, উচ্ছেদিত লোকসকলক ধনৰ বিনিময়ত বনাঞ্চলখনত সংস্থাপিত কৰাৰ অভিযোগ উত্থাপন হোৱা নজৰুল নামৰ দালালজনৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে৷ লামডিং থানাত নজৰুলৰ লগতে আন কেইবাজনো দালালৰ বিৰুদ্ধে বন বিভাগে গোচৰ ৰুজু কৰা বুলি প্রকাশ কৰিছে হোজাইৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই৷
চৰকাৰী ভূমি বেদখল কৰাটো আইন উলংঘাজনিত কথাঃ পীয়ূষ হাজৰিকা
চৰকাৰী ভূমি বেদখলকাৰীক মঙলবাৰে পুনৰ সকীয়নি দিলে মন্ত্রী পীয়ূষ হাজৰিকাই৷ আইন উলংঘাকাৰীৰ বিৰুদ্ধে চৰকাৰে কঠোৰ পদক্ষেপ গ্রহণ কৰিব বুলি আজি স্পষ্ট কৰি দি শোণিতপুৰত মন্ত্রী হাজৰিকাই কয় যে চৰকাৰী ভূমি বেদখল কৰাটো আইন উলংঘাজনিত ঘটনা আৰু এইক্ষেত্রত চৰকাৰ–প্রশাসনে আইনী ব্যৱস্থা গ্রহণ কৰিব৷ উল্লেখ্য যে আজি ঢ়েকীয়াজুলি সমষ্টিৰ বিধায়ক তথা মন্ত্রী অশোক সিংহাল আৰু বৰছলা সমষ্টিৰ বিধায়ক গণেশ লিম্বুৰ উপস্থিতিত ঢ়েকীয়াজুলিত শোণিতপুৰ জিলা প্রশাসনৰ বিষয়াৰ সৈতে সমষ্টি দুটাৰ উন্নয়নৰ এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত কৰে মন্ত্রী হাজৰিকাই৷ এই বৈঠকৰ পিছতে সংবাদ মাধ্যমৰ আগত চৰকাৰী ভূমি বেদখল সন্দর্ভত মন্ত্রীগৰাকীয়ে কয়– চৰকাৰী ভূমি বেদখল কৰি থকাটো গ্রহণযোগ্য কথা নহয়৷ যিসকলে চৰকাৰী ভূমি বেদখল কৰি আছে, তেওঁলোকে এই ভূমি মুক্ত কৰি নিজ নিজ ঠাইলৈ গুচি যাওক৷ বেদখলমুক্ত কৰিবলৈ চৰকাৰে যি স্থিতি গ্রহণ কৰিছে সেই স্থিতিত অটল থাকিব আৰু বেদখলমুক্ত কৰাৰ ক্ষেত্রত কঠোৰ ব্যৱস্থা গ্রহণ কৰিব৷ উল্লেখ্য যে ঢ়েকীয়াজুলি ৰাজহ চক্র এলেকাৰ বহু চৰত ধিং, ৰূপহী, লাহৰীঘাটৰ পৰা বহু লোক আহি গাঁও স্থাপন কৰিছে৷ বিশেষকৈ ফৰছে টাপু, ৰাণু টাপু চৰ, গাই টাপু চৰ, খুঁটি চৰ, নতুন গাই টাপু চৰ দৰং জিলাৰ সীমাত থকা শিঙৰী চৰ, বিহুৰাম চৰ, মৰিশালি চৰত বিগত দীর্ঘ সময় ধৰি বহু লোকে অবৈধভাৱে ভূমি দখল কৰি খেতি–বাতি কৰাৰ লগতে গাঁও স্থাপন কৰিছে৷ আজি মন্ত্রী পীয়ূষ হাজৰিকাই শীঘ্রেই উক্ত চৰ অঞ্চলত উচ্ছেদ কৰা হ’ব বুলি স্পষ্ট ইংগিত দিয়ে৷

You might also like