নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোদীক দিলে অসমৰ প্রকল্পৰ খতিয়ান

ৰাজধানী দিল্লীত তৎপৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

নিয়মীয়া বাৰ্তা  ১০ নৱেম্বৰঃ শাসনভাৰ গ্রহণ কৰিয়েই অসমৰ উন্নয়নৰ হকে নিৰৱচ্ছিন্ন প্রচেষ্টা অব্যাহত ৰাখিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ইয়াৰ অংশ হিচাপে কালি নতুন দিল্লীত উপস্থিত হোৱা মুখ্যমন্ত্রী ড০ শর্মাৰ আজিৰ দিনটোত দেশৰ ৰাজধানীত ব্যাপক তৎপৰতা পৰিলক্ষিত হ’ল৷ দিনৰ ভাগত কেন্দ্রীয় ৰসায়ন আৰু সাৰ তথা স্বাস্থ্যমন্ত্রী মনছুখ মাণ্ডাভিয়া, ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰাৰ পিছত সন্ধিয়া প্রধানমন্ত্রী নৰেন্দ্র মোদীৰে এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্রী ড০ শর্মা৷ সন্ধিয়া ৭.১৫ বজাত ৭ লোককল্যাণ মার্গস্থিত প্রধানমন্ত্রী মোদীৰ চৰকাৰী বাসভৱনত অনুষ্ঠিত এই বৈঠকত মুখ্যমন্ত্রী ড০ শর্মাই অসমত ৰূপায়িত বিভিন্ন প্রকল্প–আঁচনিসমূহ্ খতিয়ান দাঙি ধৰে৷ লগতে প্রধানমন্ত্রী মোদীক ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ বিষয়েও অৱগত কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷ বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মই আজি সন্ধিয়া ৭.১৫ বজাৰ পৰা প্রধানমন্ত্রী মোদীক লগ পাইছিলোঁ৷ তেওঁক ৰাজ্যৰ শেহতীয়া পৰিৱেশ বিশেষকৈ ক’ভিড প্রতিষেধক প্রদানৰ যিটো পর্যায়, সেই বিষয়ে বিশদভাৱে জনাওঁ৷ নৱেম্বৰ মাহত আমি এশ শতাংশ প্রথম ড’জ ভেকচিন সম্পূর্ণ কৰিম৷ এই কথাও মই প্রধানমন্ত্রী মোদীক অৱগত কৰিছোঁ৷ তদুপৰি বিশ্ব বেংকে অসমক লৈ যি এটা মিডিয়াম টার্ম ডেভেলপমেণ্ট পার্টনাৰ ল’ব খুজিছে, সেই আলোচনাৰ অগ্রগতিৰ বিষয়েও মই তেওঁক জনাওঁ৷ লগতে নামৰূপৰ সাৰ কাৰখানা–ডিগবৈ শোধনাগাৰৰ সক্ষমতা বৃদ্ধি, কাজিৰঙাৰ এলিভেটেড কৰিড’ৰ, তেজপুৰ আৰু নগাঁৱৰ মাজত ব্রহ্মপুত্রৰ তলেৰে সুৰংগৰ কামৰ অগ্রগতি আদি বিভিন্ন প্রকল্পক লৈ যিখিনি কথা চলি আছে, সেই সম্পর্কেও মই প্রধানমন্ত্রী মোদীক অৱগত কৰিছোঁ৷

বিশেষকৈ ‘মিছন বসুন্ধৰা’ আৰু ‘প্রজেক্ট সদ্ভাৱনা’ৰ সম্পর্কে তেওঁক অৱগত কৰিছোঁ৷ মুখ্যমন্ত্রী ড০ শর্মাই সম্প্রতি অসমত নির্মীয়মাণ অৱস্থাত থকা সর্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান চমুকৈ এইম্ছ উদ্বোধন কৰাৰ বাবে প্রধানমন্ত্রী মোদীক নিমন্ত্রণ কৰা বুলিও জানিবলৈ দিয়ে৷ এই সম্পর্কত তেওঁ কয় যে অহা বছৰ এইম্ছ সম্পূর্ণ হোৱাৰ লগে লগে উদ্বোধন কৰিবলৈ যাতে প্রধানমন্ত্রী মোদী অসমলৈ আহে, তাৰ বাবেও তেওঁক আগতীয়াকৈ নিমন্ত্রণ জনাইছোঁ৷ মুখ্যমন্ত্রী শর্মাই দাবী কৰা মতে, অসমত ৰূপায়িত প্রকল্পসমূহক লৈ কেন্দ্রৰ সৈতে যোগাযোগ কৰা প্রতিটো ক্ষেত্রতে ৰাজ্য চৰকাৰে সফলতা লাভ কৰিছে৷ এই প্রসংগত সাংবাদিকে কৰা প্রশ্ণৰ বিপৰীতে তেওঁৰ উত্তৰ আছিল এনেধৰণৰ– আমি নামৰূপ সাৰ কাৰখানাই হওক, হিন্দুস্তান পেপাৰ কর্প’ৰেচনেই হওক বা নুমলীগড় শোধনাগাৰেই হওক গোটেইবিলাকতে আমি কেন্দ্রৰ লগত যিমান যোগাযোগ কৰি আছোঁ, সকলোতে সফলতা লাভ কৰিছোঁ৷ কাইলৈ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনৰ সৈতে মোৰ বৈঠক আছে৷ তাতো কেইবাটাও বিষয় আলোচনা হ’ব৷ আজিৰ বৈঠকৰ সময়ত প্রধানমন্ত্রী মোদীয়ে জিএছটি সংগ্রহত ৰাজ্য চৰকাৰ স্বাৱলম্বী হ’ব পৰা বিষয়টোত গুৰুত্ব প্রদান কৰাৰ লগতে এইক্ষেত্রত পৰামর্শ প্রদান কৰা বুলিও সদৰী কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷

ইফালে, কেন্দ্রীয় গৃহমন্ত্রী শ্বাহক সাক্ষাৎ কৰা সন্দর্ভত সাংবাদিকে জানিবলৈ বিচৰাত তেওঁ কয় যে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহৰ সৈতে মোৰ সাক্ষাৎকালত ড্রাগ্ছৰেই হওক বা অহা ৩১ মার্চৰ আগতেই আৰক্ষীৰ হাতত থকা পুৰণি গোচৰ নিষ্পত্তিৰ ব্যৱস্থাই হওক, এই গোটেইবোৰ বিষয় আলোচনা কৰোঁ৷ লগতে অহা মাহত তেওঁক মই গুৱাহাটী ভ্রমণৰ বাবে আমন্ত্রণ জনাইছোঁ৷ বিশেষকৈ আমি যি খিলঞ্জীয়াৰ বিশ্বাস আৰু সংস্কৃতি বিভাগ আৰম্ভ কৰিব বিচাৰিছোঁ, সেয়া উদ্বোধনৰ কাৰণে মই তেওঁক আমন্ত্রণ জনাইছোঁ৷ লগতে ভাৰত–বাংলাদেশ সীমান্তলৈ এবাৰ নিজে যাবলৈও মই তেওঁক অনুৰোধ কৰিছোঁ, যাতে তাৰ ওপৰত তেওঁ এটা ধাৰণা কৰিব পাৰে৷ তেওঁ নিশ্চিতি দি কৈছে– মই যাম৷ সীমান্তলৈও যাম৷ আজিৰ বৈঠকৰ সময়ছোৱাত নগা চুক্তি বা অন্য শান্তি চুক্তিক লৈ কেন্দ্রৰ সৈতে কিবা আলোচনা হৈছে নেকি বুলি জানিব বিচৰাত মুখ্যমন্ত্রী ড০ শর্মাই বিষয়টো নস্যাৎ কৰে৷ এই সম্পর্কত তেওঁৰ ভাষ্য আছিল এনেধৰণৰ– আজি আমি এই বিষয়ত কোনোধৰণৰ আলোচনা কৰা নাই৷ কাৰণ মই ইয়ালৈ আহিছিলোঁ অসমৰ ইছ্যুক লৈ৷ সেয়েহে মই অসমৰ ইছ্যুসমূহ উত্থাপনৰ বাবেই চেষ্টা কৰিছিলোঁ৷

ইফালে, কেন্দ্রীয় চৰকাৰে প্রয়োজনীয় অনুমতি প্রদান কৰিলেই অসমত ১৮ বছৰ অনূর্ধ্বক ক’ভিড প্রতিষেধক প্রদান কৰিবলৈ ৰাজ্য চৰকাৰ সম্পূর্ণৰূপে সাজু আছে বুলি তেওঁ উল্লেখ কৰে৷ উল্লেখ্য যে মুখ্যমন্ত্রী ড০ শর্মাই আজি পুৱা প্রায় ৯ বজাত প্রথমতে কেন্দ্রীয় সাৰ আৰু ৰসায়ন মন্ত্রী তথা স্বাস্থ্যমন্ত্রী মনছুখ মাণ্ডাভিয়াক সাক্ষাৎ কৰে৷ ইয়াৰ পিছত প্রায় ১০.৩০ বজাত তেওঁ উপস্থিত হয় ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ চৰকাৰী বাসভৱনত৷ ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টাজনৰ সৈতে মুখ্যমন্ত্রী ড০ শর্মাই প্রায় আধা ঘণ্টা ধৰি আলোচনাত মিলিত হয়৷ দুপৰীয়া ১২.৩০ বজাত মুখ্যমন্ত্রী ড০ শর্মাই সাক্ষাৎ কৰে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহক৷ কাইলৈ তেওঁ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনৰ উপৰি কেন্দ্রীয় কয়লা মন্ত্রী প্রহ্লাদ যোশীৰ সৈতেও বৈঠকত মিলিত হোৱাৰ কথা৷

You might also like