নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰৰ বিশিষ্ট শিল্পী চৌকত আলী আৰু নাই…

ডিজিটেল ডেস্ক, ৮ নৱেম্বৰ : অসম ৰাজ্যিক পৰিবহণ নিগমৰ বিখ্যাত ধাৱমান গঁড়ৰ প্ৰতীক চিহ্ন অংকন কৰা শিল্পী চৌকত আলী আৰু নাই ৷ এসময়ৰ মহাৰাণা ক্লাবৰ প্ৰসিদ্ধ ফুটবল খেলুৱৈ, দক্ষ হকী খেলুৱৈ, প্ৰথিতযশা চিত্ৰশিল্পী, আলোকচিত্ৰ শিল্পী, মঞ্চ আৰু চলচ্চিত্ৰ জগতৰ এসময়ৰ খ্যাতিসম্পন্ন অভিনেতা, প্ৰখ্যাত চিকাৰী, প্ৰকৃতিপ্ৰেমীগৰাকীয়ে অহা ২৪ নৱেম্বৰত ১০৩ বছৰত ভৰি দিয়াৰ প্ৰাকমুহূৰ্তত কালি নিশা তেজপুৰৰ পৰোৱাৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। তেজপুৰৰ সমাজ-সাংস্কৃতিক আৰু ক্ৰীড়া ক্ষেত্ৰখনৰ আটাইতকৈ বৰ্ষীয়ান ব্যক্তি হিচাপে পৰিগণিত হোৱাৰ খ্যাতিৰে আলীয়ে জীৱন নাট সামৰাত তেজপুৰৰ লগতে সমগ্ৰ ৰাজ্যখনতে শোকৰ ছাঁ পৰিছে ।

এগৰাকী নীৰৱ সমাজকৰ্মী তথা আলোকচিত্ৰ শিল্পী চৌকত আলী আছিল এজন প্ৰকৃতিপ্ৰেমী তথা প্ৰকৃতি সংৰক্ষক৷ এসময়ত নৰখাদক বাঘৰ পৰা সৰ্বসাধাৰণক ৰক্ষা কৰা এগৰাকী প্ৰখ্যাত চিকাৰী চৌকত আলীৰ বিয়োগত শোকৰ ছাঁ পৰিছে বৃহত্তৰ তেজপুৰ অঞ্চলত ৷

উল্লেখ্য যে জীৱিত অৱস্থাতে বহুমুখী প্ৰতিভাধৰ ব্যক্তিগৰাকীৰ জীৱন-দৰ্শন সংপৃক্ত একাধিক গ্ৰন্থ প্ৰকাশ হোৱাই নহয়, তেজপুৰ ফটোগ্ৰাফী ক্লাবে “গুণাকৰ” উপাধিৰে বিভূষিত কৰাৰ উপৰি তেজপুৰ জনসাংস্কৃতিক পৰিষদকে ধৰি ৰাজ্যখনৰ বিভিন্ন অনুষ্ঠানৰ দ্বাৰা সম্বৰ্ধিত হোৱা বৰেণ্য শিল্পীগৰাকী দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ আছিল । ১৯২৬ চনত গুৱাহাটীত জন্মগ্ৰহণ কৰি শৈশৱৰ শিক্ষা গুৱাহাটীতে লাভ কৰাৰ লগতে হাইস্কুলীয়া শিক্ষাও গুৱাহাটীৰ সোণাৰাম হাইস্কুলত অৰ্জন কৰিছিল । কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মাৰ ঘনিষ্ঠ সান্নিধ্য লাভ কৰা এসময়ৰ দক্ষ মঞ্চাভিনেতা আলীয়ে ১৯৪৪ চনত গুৱাহাটীত “পুকাৰ” নামৰ এখন নাটকত অভিনয় কৰি অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰাৰ পিছত বহুকেইখন চলচ্চিত্ৰত দক্ষতাৰে অভিনয় কৰিছিল ।

অনিল চৌধুৰী আৰু গিৰীশ চৌধুৰীৰ “মাটিৰ স্বৰ্গ”, নিপ বৰুৱা পৰিচালিত “স্মৃতিৰ পৰশ”, আনোৱাৰ হুছেইনৰ “সৰাপাত”, লক্ষ্যধৰ চৌধুৰী পৰিচালিত “নিমিলা অংক” আৰু বাংলা ছবি “মান ৰক্ষা”ত সাৱলীল অভিনয় কৰিছিল আলীয়ে। বৰ্ণাঢ্য প্ৰতিভাৰ অধিকাৰী চৌকত আলী এগৰাকী সুদক্ষ চিত্ৰশিল্পী আৰু আলোকচিত্ৰ শিল্পী হিচাপে তেজপুৰলৈ অহাৰ পিছত সকলোৰে মাজত জনপ্ৰিয়তা অৰ্জন কৰিছিল। এগৰাকী দক্ষ ফুটবল আৰু হকী খেলুৱৈ হিচাপে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠা চৌকত আলী এগৰাকী দক্ষ চিকাৰী হিচাপেও পৰিচিত আছিল।

প্ৰকৃতিপ্ৰেমী আলীয়ে নিজ বাসগৃহতে বিভিন্ন প্ৰজাতিৰ ফুলৰ এখন নাৰ্ছাৰীও গঢ়ি তুলি সকলোকে আকৃষ্ট কৰিবলৈ সক্ষম হৈছিল। বহুমুখী প্ৰতিভাধৰ বৰেণ্য শিল্পীগৰাকীৰ দেহাৱসানৰ বতৰা পোৱাৰ পিছতেই পুৱা বাসগৃহত বিভিন্ন অনুষ্ঠানৰ ব্যক্তিৰ লগতে গুণমুগ্ধই উপস্থিত হৈ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।

You might also like