নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজ্ঞানৰ এটা সোণালী অধ্যায়ৰ অন্ত : নোবেল বিজয়ী বিজ্ঞানী জেমছ ডি ৱাটছনৰ দেহাৱসান

ডিজিটেল ডেস্ক, ৮ নৱেম্বৰ : আঁতৰি গ’ল বিজ্ঞান জগতৰ আন এক উজ্জ্বল নক্ষত্ৰ। ডিএনএৰ গঠন ব্যাখ্যা কৰি মানৱ জাতিৰ জীৱন-বিজ্ঞানৰ দিশ সলনি কৰি দিয়া নোবেল বিজয়ী জেমছ ডি ৱাটছনৰ দেহাৱসান ঘটিছে। শুকুৰবাৰে লং আইলেণ্ডৰ ক’ল্ড স্প্ৰিং হাৰ্বাৰ লেব’ৰেটৰীৰ পৰাই বিজ্ঞানীগৰাকীৰ মৃত্যুৰ খবৰ নিশ্চিত কৰা হৈছে, য’ত তেওঁ দীৰ্ঘদিন ধৰি গৱেষণাৰ কাম চলাই গৈছিল। বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত এইগৰাকী নোবেল বিজয়ী বিজ্ঞানীৰ ৯৭ বছৰ বয়সত দেহাৱসান ঘটে।

১৯৫০ চনত কেমব্ৰিজৰ কেভেনডিছ লেব’ৰেটৰীত কৰ্মৰত অৱস্থাত জেনেটিক্স অৰ্থাৎ জিনতত্ত্বৰ প্ৰতি আকৃষ্ট হোৱা জেমছ ডি ৱাটছনৰ সেই সময়তে ফ্ৰান্সিছ ক্ৰিকৰ সৈতে বন্ধুত্ব গঢ়ি উঠে। ইয়াৰ পিছত জেমছ ডি ৱাটছন আৰু ফ্ৰান্সিছ ক্ৰিকে যৌথভাৱে ডিএনএৰ ডাবল হেলিক্স ষ্ট্ৰাকচাৰ ব্যাখ্যা কৰে। ১৯৫৩ চনত মাত্ৰ ২৫ বছৰ বয়সতে ফ্ৰান্সিছ ক্ৰিকৰ সৈতে মিলি ৱাটছনে প্ৰকাশ কৰিছিল ডিএনএৰ ডাবল হেলিক্স মডেল। মাত্ৰ ৯০০ শব্দৰ সেই গৱেষণা পত্ৰই বিংশ শতাব্দীৰ সৰ্বোচ্চ বৈজ্ঞানিক আৱিষ্কাৰৰ মুকুট পিন্ধে। ১৯৬২ চনত তেওঁলোকে যুটীয়াভাৱে লাভ কৰে চিকিৎসা বিজ্ঞানৰ নোবেল।

১৯২৮ চনত চিকাগোত জন্ম হোৱা ৱাটছনে ১৯ বছৰ বয়সতে চিকাগো বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু ২২ বছৰত ইণ্ডিয়ানাৰ পৰা পিএইচডি লাভ কৰিছিল। ১৯৫১ত কেমব্ৰিজত ক্ৰিকৰ সৈতে প্ৰথম সাক্ষাৎ আৰু তাৰ পৰাই আৰম্ভ হৈছিল বিশ্ব-বিজ্ঞানৰ সেই যুগান্তকাৰী যাত্ৰা।

ক’ল্ড স্প্ৰিং হাৰ্বাৰ লেব’ৰেটৰীৰ মুখ্য কাৰ্যবাহী ব্ৰুচ ষ্টিলমেনে কয়- “আজি আমি কেৱল এজন বিজ্ঞানী হেৰুওৱা নাই, এটা যুগ হেৰুৱালোঁ।”

You might also like