বিশেষ বাৰ্তা, ২৭ জানুৱাৰী : আজি বাথৌ পূজা। অসমৰ অন্যতম জনজাতি বড়োসকলৰ পবিত্ৰ উৎসৱ এই বাথৌ পূজা। বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী বাথৌফুৰিত ১০ দিনীয়াকৈ আয়োজন কৰা হৈছে ৫২ সংখ্যক কেন্দ্ৰীয় বাথৌ পূজা আৰু মেলা।
আজি প্ৰথম দিনা আৰজ বন্দনাৰে মুখৰিত হৈছে মেলাস্থলী। ১২খন গাঁৱৰ মুখিয়ালে মেলাস্থলীত উত্তোলন কৰিছে নিজ গাঁৱৰ ৰাজহুৱা পতাকা। সমান্তৰালভাৱে মুখ্য দ্বাৰ উদঘাটন, বাণিজ্য মেলাৰ দ্বাৰ মুকলি, মন্দিৰৰ দ্বাৰ মুকলি কৰা হয়। শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ ভাবেৰে আয়োজন কৰা পূজা আৰু মেলাত ৰাইজৰ সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে।