নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰজ্ঞা ভাৰতীৰ অধীনত হোৱা নামভৰ্তিৰ মাচুল ওভতাই দিয়াৰ দাবী এবিভিপিৰ

বিশেষ বাৰ্তা, ২৬ মে’ : অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গুৱাহাটী বিশ্ববিদ্যালয় গোটে অসম চৰকাৰৰ প্ৰজ্ঞা ভাৰতী আঁচনিৰ অধীনত বিশ্ববিদ্যালয়ত নামভৰ্তিৰ ভৰ্তি মাচুল ওভতাই দিবলৈ দাবী জনাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কক এখন পত্ৰ প্ৰদান কৰে। উল্লেখযোগ্য যে ২ লাখ টকাতকৈ কম উপাৰ্জনৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তি বিনামূলীয়া কৰাৰ ঘোষণা কৰি অসম চৰকাৰে প্ৰজ্ঞা ভাৰতী নামৰ এখন অভিলাষী আঁচনি গ্ৰহণ কৰিছিল। ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা বিশ্ববিদ্যালয় কৰ্তৃপক্ষলৈ এখন জাননী জাৰি কৰি এই বিষয়ে অৱগত কৰিছিল। সেই জাননীৰ পাছতেই বিশ্ববিদ্যালয় কৰ্তৃপক্ষয়ো নামভৰ্তিৰ সময়ত লোৱা মাচুলসমূহ ওভতাই দিয়া হ’ব বুলি এখন জাননী জাৰি কৰিছিল। কিন্তু বৰ্তমানলৈকে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এইক্ষেত্ৰত উপযুক্ত পদক্ষেপ গ্ৰহণ কৰা নাই। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গুৱাহাটী বিশ্ববিদ্যালয় গোটৰ ফালৰ পৰা আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কলৈ এখন পত্ৰ প্ৰেৰণ কৰি প্ৰজ্ঞা ভাৰতী আঁচনিত অন্তৰ্ভুক্ত ছাত্ৰ-ছাত্ৰীসকলক নামভৰ্তিৰ মাচুল ওভতাই দিবলৈ দাবী জনায়। এইক্ষেত্ৰত আজি বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক সম্পাদক হেৰল্ড মহনে নামভৰ্তিৰ সময়ত লোৱা মাচুল ওভতাই দিবলৈ দাবী জনাই কয় যে উচ্চ শিক্ষা যাতে আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও সহজলভ্য হয়, তাৰ বাবে চৰকাৰে প্ৰণয়ন কৰা এই আঁচনিখন গুৱাহাটী বিশ্ববিদ্যালয়ত অনতিপলমে কাৰ্যকৰী হওক। কিয়নো গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধিকাংশ বিদ্যাৰ্থীয়েই আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ পৰা অহা। গতিকে এই আচঁনিখন ৰূপায়ণৰ দ্বাৰা এই ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট উপকৃত হ’ব।

You might also like