নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোকৰাঝাৰত অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ-পৰীক্ষণ আয়োগৰ বৈঠক

বিশেষ বাৰ্তা, কোকৰাঝাৰ, ৩ জুন : অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাসহ আয়োগৰ প্ৰতিনিধি দল এটিয়ে আজি কোকৰাঝাৰ জিলাৰ বডোলেণ্ড গেষ্ট হাউছত কোকৰাঝাৰ, চিৰাং আৰু বাগসাৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰ আৰু বিষয়ববীয়াসকলৰ সৈতে এক আলোচনাত মিলিত হয়। বিটিচিৰ ভূমি আৰু ৰাজহ বিভাগৰ সচিব নৰেন বসুমতাৰীয়ে আঁত ধৰা সভাখনত সভাপতিত্ব কৰে সত্ৰ আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাই। তেওঁ নিজৰ বক্তব্যত উল্লেখ কৰে― “মহাপুৰুষজনাৰ জন্মৰ প্ৰায় ছশ বছৰ হ’বহি। কিন্তু সত্ৰসমূহৰ কাম-কাজ, সমস্যা আদিৰ সঠিক পৰ্যালোচনা হোৱা নাছিল। জাতি তথা সমাজৰ লগত বিশেষভাৱে জড়িত এই বিষয়টোৰ সঠিক মূল্যায়ন আৰু বিভিন্ন সমস্যা সমাধানৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদিচ্ছা প্ৰকাশ কৰি সত্ৰ আয়োগ গঠনত গুৰুত্ব আৰোপ কৰিছিল।” তেওঁ লগতে উল্লেখ কৰে যে ধৰ্ম-বৰ্ণ নিৰ্বিশেষে আমি সত্ৰৰ ঐতিহ্য ৰক্ষা কৰাত গুৰুত্ব দিব লাগে। কোকৰাঝাৰৰ পৰা ভূটান সীমান্তৱৰ্তী অঞ্চললৈকে এতিয়াও বহু সত্ৰৰ তথ্য‌ত এই অঞ্চলত গুৰুজনাৰ সত্ৰ সংস্কৃতিয়ে যে এক বিশেষ প্ৰভাৱ বিস্তাৰ কৰিছিল, সেই কথা স্পষ্ট হৈ পৰে। সভাত এই সত্ৰসমূহৰ সঠিক তথ্য ৰাইজৰ পৰা সবিস্তাৰে বিচৰা হয়, যাতে পৰৱৰ্তী সময়ত সত্ৰৰ বিভিন্ন সমস্যা সমাধানত চৰকাৰে ফলপ্ৰসূ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। আজিৰ সত্ৰ পৰ্যালেচনা সভাখনত বিটিচিৰ তিনিখন জিলাত মুঠ ৪৮খন সত্ৰ থকাৰ তথ্য লাভ কৰা হয়‌। সভাৰ অন্তত প্ৰতিনিধি দলটোৱে কোকৰাঝাৰ টাউনৰ শংকৰদেৱ সত্ৰ‌ও পৰিদৰ্শন কৰে। আজিৰ সঁজাতী দলটোত আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাৰ লগতে আয়োগৰ পৰামৰ্শদাতাদ্বয় অৱসৰপ্ৰাপ্ত আই এছ বিষয়া এম পি শৰ্মা আৰু অতুল দাস, তথ্য আৰু জনসংযোগ বিভাগৰ যুটীয়া সঞ্চালক দীননাথ লয়িঙৰ উপৰি একাংশ অতিৰিক্ত উপায়ুক্ত আৰু চক্ৰ বিষয়া, বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰ আৰু সত্ৰৰ বিষয়ববীয়াসকল উপস্থিত থাকে‌ বুলি কোকৰাঝাৰ জিলাৰ ভাৰপ্ৰাপ্ত তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই জানিবলৈ দিছে‌। আজি নিশাটো কোকৰাঝাৰৰ বডোলেণ্ড গেষ্ট হাউছত কটোৱা সঁজাতী দলটোৱে কাইলৈ চিৰাং আৰু বাগসাৰ কিছু সত্ৰ ভ্ৰমণ কৰাৰ কথা।

You might also like