নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শাৰীৰিকভাৱে ৯১ শতাংশ প্রতিবন্ধী হৈও ‘মাউণ্ট ৰেনক’ত আৰোহণ

🔹 অদম্য সাহস–দৃঢ়তা–অধ্যৱসায়ৰ জ্বলন্ত উদাহৰণ উদয় কুমাৰ
🔹 আঁঠুৰ ওপৰত এখন ভৰি হেৰুৱায়ো ১০০ কিলোমিটাৰ ট্রেকিং

বিশেষ বাৰ্তা, ৪ এপ্রিল : অদম্য সাহস–মানসিক দৃঢ়তা–অধ্যৱসায়ৰ জ্বলন্ত উদাহৰণ ৰূপে পৰিগণিত হৈছে উদয় কুমাৰ নামৰ ৩৫ বছৰীয়া এজন যুৱক৷ যিখন পৃথিৱীত প্রত্যাহ্বানবোৰ অপ্রতিৰোধ্য যেন লাগে, সেইখন পৃথিৱীতে উন্মেষ ঘটে সীমা অতিক্রম কৰাৰ দৃঢ় সংকল্পৰ৷ তেনে সংকল্পকেই মনত বান্ধি লৈ কলকাতাৰ সমীপৱর্তী বেলঘৰিয়াৰ উদয় কুমাৰে শাৰীৰিকভাৱে ৯১ শতাংশ প্রতিবন্ধকতাক নেওচিও আৰোহণ কৰিলে অতি দুর্গম ‘মাউণ্ট ৰেনক’৷ অকল আৰোহণ কৰাই নহয়, শৃংগটোৰ ১৬,৫০০ ফুট উচ্চতাত ৭৮০ বর্গফুটৰ বিশাল ৰাষ্ট্রীয় পতাকা প্রদর্শনেৰে তেওঁ বিশ্ব অভিলেখ ৰচনা কৰিছে৷ ২০১৫ চনত এটা ভয়ংকৰ দুর্যোগ নামি আহিছিল উদয় কুমাৰৰ জীৱনলৈ৷ এটা ৰে’ল দুর্ঘটনাত পতিত হৈ আঁঠুৰ ওপৰৰ পৰা তেওঁ এখন ভৰি হেৰুৱাইছিল৷ যাৰ লগে লগে শাৰীৰিকভাৱে অক্ষম হৈ পৰে তেওঁ৷ তাৰ পিছতো কিন্তু তেওঁ মনোবল হেৰুৱাই পেলোৱা নাছিল৷ দুচকুত আছিল শাৰীৰিক অক্ষমতাক নেওচাৰ দুর্বাৰ হেঁপাহ৷ সেই হেঁপাহেই উদয় কুমাৰক উপনীত কৰালে পশ্চিম ছিকিমৰ চিত্রময় কাঞ্চনজংঘা উদ্যানৰ কাষতে থিয় হৈ থকা দুর্গম ‘মাউণ্ট ৰেনক’ৰ ১৬,৫০০ ফুট উচ্চতাত৷ উল্লেখ্য যে এই পর্বতাৰোহণ অভিযানটোৰ উদ্যোগ লৈছিল দার্জিলিংস্থিত প্রখ্যাত ‘হিমালয়ান মাউণ্টেনিয়াৰিং ইনষ্টিটিউট’ (এইচএমআই)–এ৷ এইচ এম আইৰ অধ্যক্ষ গ্রুপ কেপ্টেইন জয় কিষাণৰ প্রত্যক্ষ তদাৰকত চলা এই অভিযানৰ জৰিয়তে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ‘মেৰা যুৱ ভাৰত’ আৰু ‘দিবাংগজন’ৰ বেনাৰত শাৰীৰিকভাৱে প্রতিবন্ধীসকলৰ সবলীকৰণৰ লক্ষ্যক সাকাৰ কৰি তুলিব বিচৰা হৈছিল৷ যিটো উদয় কুমাৰে বাস্তৱায়িত কৰিলে৷ যোৱা ৫ মার্চৰ পৰা ১৮ মার্চলৈ প্রতিটো মুহূর্ততে সন্মুখলৈ অহা বিপদ, অভাৱনীয় প্রতিকূল বতৰ নেওচি উদয় কুমাৰে যাত্রা অব্যাহত ৰাখে৷ অৱশেষত তেওঁ উপনীত হয় অভিযানৰ শিখৰত৷ পর্বতাৰোহণৰ নতুন ইতিহাস ৰচনা কৰি প্রথমজন অংগচ্ছেদ হোৱা ব্যক্তি হিচাপে ৭৮০ বর্গফুটৰ বিশাল ৰাষ্ট্রীয় পতাকা প্রদর্শনৰ গৌৰৱ অর্জন কৰে উদয় কুমাৰে৷ মন কৰিবলগীয়া যে এখন ভৰিৰেই প্রায় ১০০ কিলোমিটাৰ ট্রেকিং, শিল–মৰেইন–বৰফেৰে আৱৰা দুর্গম পথ, তুষাৰপাত অতিক্রমি ৭৫ ডিগ্রী কোণৰ শৃংগটোত উপস্থিত হোৱাৰ পূর্বে তেওঁ পদে পদে সন্মুখীন হ’বলগীয়া হৈছিল প্রকৃতিৰ কঠোৰ বাস্তৱৰ৷ ইফালে, ‘মাউণ্ট ৰেনক’তেই স্তব্ধ নহয় উদয় কুমাৰৰ দুঃসাহসিক অভিযান৷ এইবাৰ তেওঁৰ লক্ষ্য ‘মাউণ্ট এভাৰেষ্ট’৷ সংবাদ মাধ্যমৰ আগত উদয় কুমাৰে কয় যে মই যেতিয়ালৈকে জীয়াই থাকিম, তেতিয়ালৈ দুঃসাহসিক ক্রীড়া অব্যাহত ৰাখিম৷ যদি মোৰ অভিযানে যুৱপ্রজন্মক অনুপ্রেৰণা দিয়ে, সেয়া হ’ব মোৰ বাবে প্রাপ্তি৷ অনাগত দিনত মই ‘মাউণ্ট এভাৰেষ্ট’ আৰোহণ কৰিব বিচাৰোঁ৷ মই প্রায় মৃত্যুৰ পর্যায়লৈ গৈছিলোঁ৷ তথাপি জীয়াই আছোঁ৷ তাৰ মানে মোৰ আৰু কৰিবলগীয়া আছে৷

You might also like