নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ উন্নয়নমূলক ৰাজনীতিত মষিমূৰ কংগ্ৰেছৰ বিভাজনকাৰী ৰাজনীতি

🔹 খোৱাঙত ছয়খনকৈ নির্বাচনী সভা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ

বিশেষ বাৰ্তা, ১ এপ্রিল : কেন্দ্রীয় মন্ত্রী তথা ডিব্রুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে আজি খোৱাং বিধানসভা সমষ্টিৰ বিভিন্ন ঠাইত আয়োজিত নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। ধেমেচী, চেপন, পথালিবাম, গজপুৰীয়া, নাহৰণি, হালধিবাৰী আদিত সোণোৱালক ব্যাপক উৎসাহৰ মাজেৰে আদৰণি জনায় বিজেপি-অগপৰ কাৰ্যকৰ্তাসকলে আৰু স্থানীয় ৰাইজে। প্রতিকূল বতৰকো নেওচি তেওঁক বিপুল সমাগমেৰে আদৰণি জনাবলৈ অহা সৰ্বস্তৰৰ ৰাইজক তেওঁ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। আটাইকে আগন্তুক ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ ওলগ জনাই সৰ্বানন্দ সোণোৱালে কয়- “স্বাধীনতাৰ দশক দশক সম্পূৰ্ণ হোৱাৰ পাছতো আমি আমাৰ দেশ তথা ৰাজ্যখনক আশানুৰূপ ধৰণে আগুৱাই নিব পৰা নাছিলোঁ। ইংৰাজৰ শাসনকালত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা অসমৰ আটাইতকৈ সমৃদ্ধ অঞ্চল হিচাপে পৰিচিত আছিল। সমগ্র বিশ্বতে এই অঞ্চলত উৎপাদিত সামগ্ৰীৰ বিশেষ সুনাম আছিল। কিন্তু কংগ্ৰেছৰ কুশাসনৰ ফলত আমি দেশৰ অন্যতম পিছপৰা অঞ্চল হিচাপে ৰৈ যাব লগা হ’ল। তেওঁলোকৰ বৈষম্যমূলক আঁচনিৰ প্ৰভাৱ আমি ভুগিবলগীয়া হ’ল। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশৰ শাসনভাৰ লোৱাৰ পাছৰে পৰা এই অঞ্চলটোৰ চকুত লগা পৰিৱৰ্তন সম্ভৱ হ’ল। ইয়াৰ যিবোৰ বাট-পথ উন্নত কৰাৰ বাবে আবেদন কৰি এসময়ত আমি ভাগৰি গৈছিলোঁ, মোদী চৰকাৰৰ দিনত সেই সকলোবোৰ বাট-পথ সুগম কৰা হ’ল। বিজেপিৰ উন্নয়নমূলক ৰাজনীতিয়ে কংগ্ৰেছৰ বিভাজনকাৰী ৰাজনীতিক মষিমূৰ কৰিলে। উত্তৰ-পূৰ্বাঞ্চলক মোদীয়ে হৃদয়ত স্থান দিছে। তেৱেঁই একমাত্র প্রধানমন্ত্রী, যিয়ে নিজৰ শাসনকালত ৬৬বাৰতকৈ অধিক উত্তৰ-পূব ভাৰত ভ্রমণ কৰিছে। ৯০জনতকৈ অধিক কেন্দ্রীয় মন্ত্রীক এই অঞ্চলটো ভ্রমণ কৰি ইয়াৰ উন্নয়ন ক্ষিপ্ৰতৰ কৰিবলৈ নিৰ্দেশ দিছে। আগতে প্রতিটো অনুষ্ঠান, প্রতিষ্ঠানৰ বাবে আমি আন্দোলন কৰিবলগীয়া হৈছিল। দলং, শোধনাগাৰ, প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান ইত্যাদি নানা উদাহৰণ আমাৰ সমুখত পৰি আছে। কিন্তু এতিয়া কোনো আন্দোলন নকৰাকৈয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি সকলোখিনি আদায় কৰিব পাৰিছোঁ। কংগ্ৰেছৰ দিনৰ ৬খনৰ পৰিৱৰ্তে মোদী চৰকাৰৰ দিনত অসমত ২৪খন মেডিকেল কলেজ প্রতিষ্ঠা কৰা হ’ল। আজি এইমছ আৰু ১৮খনকৈ কেঞ্চাৰ চিকিৎসালয় অসমৰ মাটিত প্ৰতিষ্ঠা কৰা হ’ল। বগীবিলৰ অসম্পূৰ্ণ দলঙৰ কাম সম্পূৰ্ণ কৰিবলৈ পূৰ্বৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে এটা অনুৰোধতে ৩৫০ কোটি টকা মোকলাই দিছিল। বগীবিলকে ধৰি ধলা-শদিয়া দলং, শৰাইঘাটৰ দ্বিতীয় দলং অতি কম সময়ৰ ভিতৰতে নিৰ্মাণ কৰা হ’ল। বর্তমান আৰু ৫খন দলঙৰ নির্মাণকার্য পূর্ণগতিত চলি আছে। মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ মানৱ সম্পদৰ বিকাশৰ বাবে যোৱা বছৰসমূহত যিখিনি কৰিলে সেয়া কংগ্ৰেছে ৬০ বছৰতো কৰিব নোৱাৰিলে। কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে ৰাইজক উদ্দেশ্যি আজি কয় যে অসমীয়া ৰাইজে স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শৰে আগবাঢ়িব লাগিব। আমাৰ আই-মাতৃসকলে এইক্ষেত্রত বিশেষ পদক্ষেপ ল’ব লাগিব। মহিলা সবলীকৰণৰ বাবে বিজেপি চৰকাৰ সদা দায়বদ্ধ। মই ২০০১ চনৰ বিধানসভাৰ নিৰ্বাচনত জয়ী হোৱাৰ সময়ত অসমত নিৰাপদ পৰিৱেশ নাছিল। বহুকেইজন অগপ আৰু বিজেপি দলৰ নেতা উগ্রপন্থীৰ গুলীত নিহত হৈছিল। সেই ভয়াৱহ সময়ছোৱাতো অসমৰ ৰাইজে মোৰ লগ এৰা নাছিল। বিশেষকৈ আই-মাতৃসকলে মোৰ প্ৰচাৰৰ বাবে আগভাগ লৈছিল। সেইবাবে মই সদায় কওঁ- নাৰীশক্তিয়েই মহাশক্তি। এইখিনিতে উল্লেখযোগ্য যে মহিলাসকলৰ বাবে সদনত ৩৩% সংৰক্ষণ ব্যৱস্থা আমাৰ শাসনকালতে সম্ভৱ হৈছে। তদুপৰি আমাৰ দিনতে খিলঞ্জীয়া ৰাইজক ভূমিৰ অধিকাৰ প্ৰদান কৰা হ’ল। জাতিটোৰ ভাষা- সাহিত্য-সংস্কৃতিৰ সুৰক্ষাৰ বাবে প্ৰৱৰ্তন কৰা ‘ভাষা গৌৰৱ আঁচনি’ৰ জৰিয়তে অসম সাহিত্য সভাকে ধৰি প্ৰতিখন সাহিত্য সভাক এককালীন সাহায্য প্রদান কৰা হ’ল। সত্ৰ-নামঘৰৰ মাটি বেদখলমুক্ত কৰা হ’ল। মোৰ মন অসমীয়া মন, যি চিৰদিনলৈ অসমীয়া হৈ থাকিব।

প্ৰেৰক বিভাস দুৱৰা

You might also like