নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্দলীয় প্রার্থীৰ কার্যালয়ত ইউ পি পি এল কর্মীৰ আক্রমণ

নিয়মীয়া বাৰ্তা, ১৫ নবেম্বৰঃ ৰাজ্যিক নির্বাচন আয়োগে বিটিচি নির্বাচনৰ দিন আনুষ্ঠানিকভাৱে ঘোষণা নকৰিলেও ৰাজনৈতিক দলসমূহে নিজৰ শক্তি তথা জনপ্রিয়তা প্রদর্শনৰ তৎপৰতা অব্যাহত ৰাখিছে৷ বি টি আৰৰ বিভিন্ন স্থানত সভা–সমিতি অনুষ্ঠিত কৰি শাসক–বিৰোধী উভয় শিবিৰে তীব্রতৰ কৰি তুলিছে প্রচাৰ অভিযান৷ ইয়াৰ মাজতে সংঘটিত হিংসাত্মক ঘটনাই অধিক উত্তপ্ত কৰি তুলিছে বিটিচিৰ নির্বাচনী পৰিৱেশ৷ কালি বাক্সা জিলাৰ ২৩নং দিহিৰা পৰিষদীয় সমষ্টিত দুই প্রার্থীৰ সমর্থকৰ মাজত সংঘটিত হয় বিক্ষিপ্ত ঘটনা৷ এই ঘটনাত দুয়োটা দলৰে কেইবাগৰাকীও সমর্থক আহত হয়৷ শুকুৰবাৰে নিশা সংঘটিত এই ঘটনাই তীব্র উত্তেজনা সৃষ্টি কৰিছে দিহিৰা সমষ্টিত৷

সমষ্টিটোৰ নির্দলীয় প্রার্থী মুনসিং ব্রহ্মই অভিযোগ কৰা মতে, মুছলপুৰৰ সমীপৱর্তী বাথৌপুৰীত থকা নির্দলীয় প্রার্থীজনৰ কার্যালয়ত কালি নিশা প্রায় ৯.১৫ বজাত ইউ পি পি এল দলৰ চল্লিশ–পঞ্চাশজন কর্মীয়ে আক্রমণ কৰে৷ এই আক্রমণত নির্দলীয় প্রার্থীজনৰ কেইবাজনো সমর্থক গুৰুতৰভাৱে আহত হয়৷ তদুপৰি আক্রমণকাৰীয়ে কার্যালয়টোৰ চকী–মেজকে ধৰি আচবাব ধ্বংস কৰাৰ লগতে নির্বাচনী প্রতীক সম্বলিত পতাকাসমূহ জ্বলাই দিয়ে৷ ইফালে এই সমস্ত ঘটনাক অস্বীকাৰ কৰিছে সমষ্টিটোৰ ইউ পি পি এলৰ প্রার্থী জগদীশ ৰামচিয়াৰীয়ে৷ ইউ পি পি এল দলৰ সমর্থককেইজনে বৰবৰীৰ পৰা আহি থাকোঁতে নির্দলীয় প্রার্থী মুনসিং ব্রহ্মৰ সমর্থকে নিশা আগভেটি ধৰি মাৰপিট কৰে বুলি তেওঁ প্রতি–ভিযোগ কৰে৷ ইতিমধ্যে এই ঘটনাৰ পাছতে আৰক্ষী থানাত এজাহাৰ দিয়াৰ লগতে ঘটনাৰ সৈতে জডিত দোষী ব্যক্তিক উপযুক্ত শাস্তি প্রদান কৰিবলৈ আৰক্ষী প্রশাসনৰ ওচৰত নির্দলীয় প্রার্থীজনে দাবী জনায়৷

You might also like