নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰী সোণোৱালৰ নেতৃত্বত কেবিনেট বৈঠকত কি কি সিদ্ধান্ত ?

নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ আজি ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট। এই বৈঠকত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ…

  • চাহ শ্ৰমিকৰ মজুৰি ১৬৭ টকাৰ পৰা ২১৭ টকালৈ বৃদ্ধি
  • বড়োলেণ্ড প্ৰশাসনিক ষ্টাফ কলেজ স্থাপন
  • এক নতুন বিভাগৰ স্থাপনঃ বড়োলেণ্ড উন্নয়ন বিভাগ, পাৰ্বত্য অঞ্চল বিভাগ বাহাল থাকিব
  • ৫৮০ গৰাকী উচ্চতৰ মাধ্যমিকৰ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ
  • নগাঁও হাতিচুঙত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ বাবে ২৩৯ বিঘা মাটি আবন্টন
  • গুৱাহাটী, উলুবাৰী মৌজাত দীপক সংঘৰ বাবে ১ কঠা মাটি আবন্টন
  • উত্তৰ গুৱাহাটী, উজান বজাৰ, ভৰলুমুখত গুৱাহাটী মাষ্টাৰ প্লেন ২০২৫ ৰ সংশোধন
  • World Renewal Spiritual Trust, কামৰূপৰ বাবে ১০ বিঘা মাটি আবন্টন
  • আগন্তুক নিৰ্বাচন আৰু পৰৱৰ্তী পৰ্যায়ৰ ব্যৱহাৰৰ বাবে ৮০০০ হুইল চেয়াৰ ক্ৰয়
  • ASDMA কৰ্মচাৰীৰ নিয়মীয়াকৰণত অনুমোদন
  • PNRD ত যিসকলে ১০ বছৰ ধৰি চাকৰি কৰি আছে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ বাবে বিভাগীয় মন্ত্ৰীক নিৰ্দেশ দিছে
  • ক্ষুদ্ৰ চাহ শ্ৰমিকক মজুৰি বৃদ্ধিৰ লগতে তেওঁলোকে ৰেচন বা অন্যান্য বানচৰ বাবে অতিৰিক্ত ১০১ টকাকৈ লাভ কৰিব
You might also like