নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমলৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া পুৰণি হ’লঃ ৰঞ্জিত দাস

নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ বিলাসীপাৰাৰ ৰাইজ অদ্ভুত। তিনি, চাৰি ঘন্টা ধৰি বিজেপিৰ সভাৰ বাবে ধৰ্য্য ধৰি বহি আছে। তেনেদৰে ২৭ নং পূব বিলাসীপাৰা সমষ্টিৰ বিধায়ক জনো অদ্ভুত। সমষ্টিৰ উন্নয়নৰ হকে বিধায়কক্ৰমে দিন ৰাতি একাকাৰ কৰি কাম কৰি আহিছে। কংগ্ৰেছ, এ আই উই ডি এফৰ মিত্ৰজোট আৰু সৰু সুৰা আঞ্চলিক দলে বিজেপিৰ একো খতি কৰিব নোৱাৰে।“- আজি বিলাসীপাৰাত এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ।

বিলাসীপাৰা আই এন এ খেলপথাৰত অনুষ্ঠিত হোৱা বিজেপিৰ এক যোগদান সমাৰোহত অংশগ্ৰহণ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে। পূৱ ধুবুৰী জিলা সমিতিৰ সভাপতি প্ৰফুল্ল কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত ৰাজ্যিক সভাপতিগৰাকীয়ে কয় যে অসমৰ ভিতৰত অদ্ভুত বিধায়ক হৈছে অশোক কুমাৰ সিংহী। যিজনে কেৱল সমষ্টিৰ উন্নয়নৰ হকেহে কাম কৰি আহিছে।

নতুনকৈ গঠন হোৱা ৰাজনৈতিক দলসমূহক সমালোচনা কৰি ৰঞ্জিত দাসে কয়, অসমত বিজেপিৰ বিকল্প নাই, নতুনকৈ গঠন হোৱা ৰাজনৈতিক দলসমূহে বিজেপিৰ এটা ভোটো নষ্ট কৰিব নোৱাৰে। বিজেপিৰ ৫০ লাখ সদস্য আছে। এই সদস্যসকলে নিজৰ আৰু বন্ধু বৰ্গৰ পৰা ভোট আনিলে আমাৰ ভোটৰ সংখ্যা এক কৌটি হ’ব। সেয়ে ১০০+ আসন লাভ কৰি বিজেপিয়ে চৰকাৰ গঠন কৰাটো নিশ্চিত।

আনহাতে সভাত এ আই ইউ ডি এফৰ নেতা বদৰুদ্দিন আজমলক কটাক্ষ কৰি সভাপতিগৰাকীয়ে কয়, আজমলৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া পুৰণি হ’ল, এতিয়া পৰিৱৰ্তনৰ যুগ, গতিকে ৰাইজেও পৰিৱৰ্তন বিচাৰিছে। বিগত পোন্ধৰ বছৰে ধুবৰীত সূদুৰ চিলেট, হোজাইৰ পৰা অহা আজমলে সমষ্টিটোৰ ৰাইজৰ চকুত ধূলি মাৰি জৰা-ফুকাৰ ৰাজনীতি কৰিলে, কিন্তু  আগন্তুক লোকসভা নিৰ্বাচনত ধুবুৰীত বিজেপি দলৰ পৰা স্থানীয় ব্যক্তি সাংসদ হিচাপে নিৰ্বাচিত হোৱাটো খাটাং।

যোগদান সমাৰোহত অংশগ্ৰহণ কৰি সভাপতিগৰাকীয়ে আগন্তুক বিধানসভাৰ নিৰ্বাচনত পূৱ সমষ্টিৰ লগতে বিলাসীপাৰা পশ্চিম সমষ্টিটোও বিজেপিৰ দখলত অনাৰ গুণাগুথা চলি আছে বুলি ভাষণ প্ৰসংগত উত্থাপন কৰে। আজিৰ এই সভাত কংগ্ৰেছ, যুৱ কংগ্ৰেছ, ইউ ডি এফ কে ধৰি বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দল, সংগঠনৰ সহস্ৰাধিক নেতা, কৰ্মীয়ে বিজেপিত আনুষ্ঠানিকভাবে যোগদান কৰে। যোগদান সমাৰোহত বিজেপিৰসমূহ নেতা-কৰ্মীৰ লগতে ৰাইজৰ উপস্থিতিৰ সংখ্যা লেখত ল’বলগীয়া আছিল।

You might also like