নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশজুৰি বলৱৎ নাগৰিকত্ব সংশোধনী আইন

🔹 ‘কা’ : কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ অধিনিয়ম জাৰি

বিশেষ বাৰ্তা, ১২ মার্চ : দীর্ঘ চাৰি বছৰীয়া জল্পনা–কল্পনাৰ অন্তত সমগ্র দেশতে বলৱৎ হ’ল বহু বিতর্কিত নাগৰিকত্ব সংশোধনী আইন (কা)৷ ২০১৯ চনৰ ডিচেম্বৰ মাহত ৰাজ্যসভা–লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়কখনক আইনত পৰিণত কৰাৰ পিছত কালি কেন্দ্রীয় গৃহ মন্ত্রালয়ে জাৰি কৰে ইয়াৰ অধিনিয়ম৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ তৰফৰ পৰা প্রকাশ কৰা অনুসৰি এই অধিনিয়মখন হৈছে ‘নাগৰিকত্ব (সংশোধনী) বিধি–২০২৪’৷ উল্লেখযোগ্য যে ‘কা’ৰ জৰিয়তে তিনিখন চুবুৰীয়া ৰাষ্ট্র ক্রমে বাংলাদেশ–পাকিস্তান-আফগানিস্তানত নির্যাতিত সংখ্যালঘু হিন্দু, শিখ, বৌদ্ধ, জৈন আৰু খ্রীষ্টান ধর্মাৱলম্বী লোকসকলক ভাৰতীয় নাগৰিকত্ব প্রদানৰ ব্যৱস্থা আছে৷ ‘কা’ক লৈ বিগত সময়ছোৱাত বিভিন্ন বিতর্ক অব্যাহত থাকিলেও কালি কেন্দ্রীয় গৃহ মন্ত্রালয়ে জাৰি কৰা অধিসূচনাত সন্নিৱিষ্ট কৰা হৈছে কেতবোৰ গুৰুত্বপূর্ণ দিশ৷ সেই অনুসৰি উল্লেখিত হিন্দু, শিখ, বৌদ্ধ, জৈন, পার্চি আৰু খ্রীষ্টান ধর্মাৱলম্বী লোকসকলে ভাৰতীয় নাগৰিকত্ব লাভৰ বাবে নির্দিষ্ট এক অনলাইন প’র্টেলৰ জৰিয়তে আবেদন কৰিব লাগিব৷ আবেদন জনোৱাৰ নির্দিষ্ট দিনটোৰ পূর্বে কমেও এবছৰৰ বাবে নিৰন্তৰ ভাৰতত বসবাস কৰিব লাগিব তেওঁলোকে৷ লক্ষণীয়ভাৱে জাৰি কৰা অধিনিয়মৰ ‘আইএ’ অনুচ্ছেদ অনুসৰি ‘কা’ৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব বিচৰা উক্ত তিনিখন চুবুৰীয়া ৰাষ্ট্রৰ সংখ্যালঘু নাগৰিকক সংশ্লিষ্ট দেশকেইখনৰ নাগৰিক যে নহয় সেয়া তথ্যযোগে প্রমাণ কৰিব লাগিব৷ অকল সেয়াই নহয়, অনুচ্ছেদ ‘আইবি’ অনুসৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূর্বে ভাৰতত প্রৱেশ কৰাৰ চৰকাৰী নথিও দাখিল কৰিব লাগিব তেওঁলোকে৷ এই নথি ভাৰত চৰকাৰৰ দ্বাৰা প্রদত্ত হ’ব লাগিব বুলি কালি জাৰি কৰা অধিনিয়মত স্পষ্টভাৱে উল্লেখ আছে৷ গুৰুত্বপূর্ণ কথাটো হ’ল যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ‘কা’ৰ অধিনিয়মৰ ৰাজপত্রিত অধিসূচনাখনৰ খচৰা ইতিমধ্যে সামাজিক মাধ্যম ‘এক্স’ হেণ্ডেলযোগে প্রকাশ কৰিছে৷ তেওঁ কয় যে এই অধিনিয়মে চুবুৰীয়া ৰাষ্ট্রত ধর্মীয় নির্যাতনৰ সন্মুখীন হোৱা আমাৰ দেশৰ নাগৰিকত্ব প্রদানত সহায় কৰিব৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ ৰাজপত্রিত অধিসূচনাযোগে জাৰি কৰা অধিনিয়মৰ জৰিয়তে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে চুবুৰীয়া ৰাষ্ট্রত বসবাস কৰা হিন্দু, শিখ, বৌদ্ধ, জৈন, পার্চি আৰু খ্রীষ্টানসকলক সংবিধান প্রণেতাসকলে প্রদান কৰা প্রতিশ্রুতি পূৰণৰ দায়বদ্ধতা পালন কৰিলে৷ স্মর্তব্য যে ২০১৯ চনৰ ১০ ডিচেম্বৰত লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হৈছিল৷ ইয়াৰ পিছদিনা অর্থাৎ ১১ ডিচেম্বৰত ৰাজ্যসভাত অনুমোদিত হয় বিধেয়কখন৷ সংসদৰ দুয়োপক্ষৰ অনুমোদন লাভ কৰাৰ পিছত ১২ ডিচেম্বৰত আইনত পৰিণত হোৱা ‘কা’ত স্বাক্ষৰ কৰে তদানীন্তন ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দে৷ ইয়াৰ পিছত ২০২০ চনৰ ১০ জানুৱাৰীত ৰাজপত্রিত অধিসূচনাযোগে ৰাষ্ট্রীয় পর্যায়ত আইন হিচাপে ‘কা’ প্রতিষ্ঠা হয় যদিও দীর্ঘ চাৰি বছৰ ধৰি ইয়াৰ অধিনিয়মসমূহ লিপিবদ্ধ হোৱা নাছিল৷ ফলস্বৰূপে আইনখন কার্যকৰী হোৱাৰ পিছতো ইয়াৰ পৰা কোনো পক্ষ লাভৱান্বিত হোৱা নাছিল৷ অৱশেষত কালি কেন্দ্রীয় গৃহ মন্ত্রালয়ে সকলো জল্পনা–কল্পনাৰ ওৰ পেলাই ‘কা’ৰ অধিসূচনা জাৰি কৰে৷ ইয়াৰ লগে লগে সমগ্র দেশজুৰি বলৱৎ হ’ল বহু বিতর্কিত ‘কা’৷

You might also like