নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাখপতি বাইদেউ

🔹 ৰঞ্জিত কুমাৰ দাস

ভাৰতৰ গ্রামাঞ্চলৰ মহিলাসকলৰ জীৱিকা উত্তৰণৰ লক্ষ্যৰে আৰম্ভ হৈছিল গ্রামীণ জীৱিকা অভিযান আৰু এই অভিযানৰ জৰিয়তে গাঁৱত বসবাস কৰা আর্থিকভাৱে দুর্বল পৰিয়ালৰ মহিলাসকলক স্বাৱলম্বিতাৰ জৰিয়তে আয়ৰ পথ প্রশস্ত কৰিবলৈ কেন্দ্র তথা ৰাজ্য চৰকাৰে লৈছে কেইবাটাও সুদূৰপ্রসাৰী পদক্ষেপ৷ কেন্দ্রীয় চৰকাৰৰ আর্থিক অনুদান তথা পুঁজিৰ জৰিয়তে ৰূপায়ণ হৈ থকা এই গ্রামীণ জীৱিকা অভিযানত অসম চৰকাৰেও হাত উজান দি সর্বতোপ্রকাৰে অংশগ্রহণ কৰিছে৷ ভাৰতবর্ষৰ মাননীয় প্রধানমন্ত্রী কর্মযোগী শ্রীযুত নৰেন্দ্র মোদী ডাঙৰীয়াৰ মার্গদর্শন আৰু অসমৰ মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাদেৱৰ সবল নেতৃত্বত অসমতো গ্রামীণ জীৱিকা অভিযানে সফলতাৰ বাট বুলিছে৷ নাৰীয়েই শক্তি, নাৰীয়েই পৃথিৱী আৰু নাৰীয়েই সবল, শক্তিশালী কৰি তুলিব পাৰে গ্রাম্য অর্থনীতিৰ ভেটি৷ গাঁৱৰ মহিলাসকলক একগোট কৰি আত্মসহায়ক গোটৰ অন্তর্ভুক্ত কৰা হয় আৰু তাৰ পিছত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ পৰা ঘূর্ণীয়মান পুঁজি যোগান ধৰি জীৱিকা উত্তৰণৰ দিশত এটা খোজ আগবঢ়াই দিয়া হয়৷ আমাৰ চৰকাৰে ৰূপায়ণ কৰা কনকলতা মহিলা সবলীকৰণ আঁচনিখনে এইক্ষেত্রত এটা গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে৷ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ নেতৃত্বত অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ জৰিয়তে আত্মসহায়ক গোটৰ সদস্যা মহিলাসকলক বিভিন্ন দিশত জীৱিকা অর্জনৰ প্রশিক্ষণ দিয়া হয়৷ যোৱা দহটা বছৰত গ্রামীণ জীৱিকা অভিযানত কেন্দ্রীয় চৰকাৰে কেইবাটাও দূৰদর্শী পদক্ষেপ গ্রহণ কৰিছে৷ অসমত বসবাস কৰা লোক তথা বিভিন্ন জনগোষ্ঠীৰ জীৱিকাৰ পথ ভিন্ন ভিন্ন৷ ৰাজ্য আৰু জিলাসমূহৰ বিভিন্নতাক সমল হিচাপে লৈ সকলোৰে বাবে সুবিধা হোৱাকৈ বিভিন্ন ধৰণৰ জীৱিকা উপার্জনৰ পথ নির্বাচন কৰা হৈছে৷ কৃষি–পশুপালনকে আদি কৰি ক্ষুদ্র ব্যৱসায় আদিৰ বাবে মহিলাসকলক উদগনি যোগোৱাৰ লগতে চৰকাৰীভাৱে তেওঁলোকৰ বাবে বজাৰ সৃষ্টি কৰা, তেওঁলোকৰ উৎপাদিত সামগ্রীসমূহ সময়ৰ লগত খাপ খাব পৰাকৈ পেকেজিং, মার্কেটিঙৰ লগতে প্রয়োজনীয় বেংকৰ লোন আদিৰ ব্যৱস্থা কৰি দিয়া হয়৷ লক্ষ্য এটাই– মহিলাসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ আয় বৃদ্ধি কৰি জীৱিকাৰ উত্তৰণ ঘটোৱা৷
বর্তমান ‘লাখপতি বাহদেউ’ বিষয়টো ৰাইজৰ মাজত চর্চালৈ আহিছে৷ অসমৰ বাহিৰত ই ‘লাখপতি দিদি’ বুলি পৰিচিত৷ এইবাৰ সদনত ভাৰতবর্ষৰ মাননীয়া বিত্তমন্ত্রী নির্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে উপস্থাপন কৰা অন্তর্ৱর্তী বাজেটখনত ‘লাখপতি বাইদেউ’য়ে সকলোৰে দৃষ্টি আকর্ষণ কৰিছে, ইয়ে মাননীয় প্রধানমন্ত্রী ডাঙৰীয়াৰ গ্রাম্য অর্থনীতি তথা মহিলা সবলীকৰণৰ যি সপোন সেয়া বাস্তৱৰ পিনে ধাৱমান হোৱাৰ দিশত৷ এই বাজেটত বর্তমানৰ ‘লাখপতি বাইদেউ’ৰ সংখ্যা দুই কোটিৰ পৰা তিনি কোটিলৈ লৈ যোৱাৰ কথা উল্লেখ কৰিছে৷ ‘লাখপতি বাইদেউ’ এতিয়া এটা সপোন নহয়, এতিয়া ই বাস্তৱ৷ দৰিদ্রতাৰ পৰা মুক্ত কৰি আর্থিক স্বাধীনতা প্রদান কৰাৰ দিশত ‘লাখপতি বাইদেউ’সকলে এটা নতুন দৃষ্টান্ত দাঙি ধৰিছে৷ গ্রামীণ জীৱিকা অভিযানৰ জৰিয়তে জীৱিকা উত্তৰণৰ বাবে কৰি থকা কামৰ মূল্যায়ন কৰিবলৈ বার্ষিক আয়ক আধাৰ হিচাপে লোৱা হৈছে আৰু গ্রামীণ জীৱিকা অভিযানৰ সফলতাৰ এক অন্যতম মাইলৰ খুঁটি হ’ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বার্ষিক আয় ১ লাখ টকা কৰা৷ যিসকল মহিলাই নিজৰ বার্ষিক আয় ১ লাখ টকা কৰিব পাৰিছে তেওঁলোক আজি ‘লাখপতি বাইদেউ’ বুলি পৰিচিত হৈছে৷ লাখপতি বাইদেউসকলৰ সফলতাৰ আঁৰত আছে তেওঁলোকৰ অদম্য কর্মস্পৃহা আৰু চেষ্টা৷ নিজৰ ঘৰ–পৰিয়ালৰ সাধাৰণ দায়িত্ব পালন কৰাৰ উপৰি পৰিয়ালটোক আর্থিকভাৱে সকাহ দিবৰ বাবে তেওঁলোকে আত্মসহায়ক গোটৰ জৰিয়তে আৰম্ভ কৰিছে ‘লাখপতি’ হোৱাৰ আন্দোলন৷ এগৰাকী মহিলাৰ সফলতাৰ কাহিনীয়ে প্রেৰণা দিছে আন দহগৰাকী মহিলাক৷ গাঁৱৰ মহিলাসকলক একগোট কৰি আত্মসহায়ক গোটত অন্তর্ভুক্ত কৰি পৰৱর্তী পর্যায়ত গ্রাম্য সংগঠন আৰু মণ্ডল পর্যায়ৰ সংগঠন গঠন কৰি তেওঁলোকৰ এক শক্তিশালী ভেটি গঠন কৰা হয়, যিয়ে আর্থিক আৰু সামাজিক দিশত অগ্রসৰ হ’বলৈ মহিলাগৰাকীক সাহস দিয়ে৷ জীৱিকা উত্তৰণৰ বাবে ঢাপে ঢাপে আগুৱাই নি আত্মসহায়ক গোটৰ মহিলাসকলৰ বার্ষিক আয় ন্যূনতম ১ লাখ টকা কৰিবলৈ অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানে লক্ষ্য স্থিৰ কৰিছিল আৰু আজি অসমত প্রায় ৭ লাখ মহিলাই নিজকে লাখপতি হিচাপে প্রতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে৷ আত্মসহায়ক গোটৰ মহিলাসকলক গ্রামীণ জীৱিকা অভিযানৰ জৰিয়তে সময়ে সময়ে মূল্যায়নৰ ব্যৱস্থা কৰি থকা হৈছে আৰু মহিলাসকলে নিজেই লাখপতি হোৱা বুলি ঘোষণা কৰিছে৷
অসমতো মাননীয় মুখ্যমন্ত্রী মহোদয়ৰ নেতৃত্বত ‘মুখ্যমন্ত্রী উদ্যমিতা অভিযান’ তথা ‘লাখপতি বাইদেউ’ আঁচনিৰ বাবে ইতিমধ্যে আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে প্র–পত্রৰ জৰিয়তে আবেদন আহ্বান কৰিছে৷ এই আঁচনিৰ জৰিয়তে আত্মসহায়ক গোটৰ সদস্যাসকলক প্রথম পর্যায়ত দহ হাজাৰ টকাকৈ উদ্যমিত পুঁজি দিয়া হ’ব আৰু পিছত ২৫ হাজাৰ টকাৰ বেংকৰ ঋণ আগবঢ়োৱা হ’ব৷ এই ২৫ হাজাৰ টকাৰ ৫% ধন ঘূৰাব নালাগে৷ সর্বমুঠ ৩৫ হাজাৰ টকাৰ আর্থিক সাহায্যই প্রায় ৪৫ লাখ মহিলাক সামৰি ল’ব আৰু এই আঁচনিয়ে লাখপতি হ’ব বিচৰা বাইদেউসকলক উৎসাহ যোগাব ৷ ইয়ে গ্রামাঞ্চলৰ লগতে সামগ্রিকভাৱে ৰাজ্যৰ অর্থনীতিত এক যোগাত্মক প্রভাৱ পেলাব৷ আমি আশাবাদী– অতি সোনকালেই অসমৰ আত্মসহায়ক গোটৰ সকলো মহিলাই ‘লাখপতি বাইদেউ’ হোৱাৰ গৌৰৱ অর্জন কৰিব৷

লেখক- মন্ত্রী, পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ, অসম চৰকাৰ

You might also like