নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রীৰ কাজিৰঙা ভ্রমণ

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ শেহতীয়া কাজিৰঙা ৰাষ্ট্রীয় উদ্যান ভ্রমণৰ বাতৰি দেশ–বিদেশৰ সংবাদ মাধ্যমত চর্চিত হৈছে৷ দুদিনীয়া ভ্রমণসূচী লৈ অসমলৈ অহা প্রধানমন্ত্রী মোদীয়ে ৯ মার্চত ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্র কাজিৰঙাৰ প্রাকৃতিক সৌন্দর্য উপভোগ কৰাৰ লগতে ৰাষ্ট্রীয় উদ্যানখনত হাতী আৰু জীপ চাফাৰী কৰে৷ প্রধানমন্ত্রীগৰাকীয়ে কাহিলিপুৱাই বিশ্ববিখ্যাত ৰাষ্ট্রীয় উদ্যানখনত ভ্রমণ কৰাৰ বার্তা আৰু ফটো সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমত প্রচাৰ হোৱাৰ লগে লগে দেশজুৰি প্রকৃতি আৰু জীৱ–জন্তুৰ প্রতি আকৃষ্ট পর্যটকসকলৰেই নহয়, প্রতিজন সাধাৰণ লোকৰো অন্তৰ জয় কৰিছে৷ সামাজিক মাধ্যমত প্রধানমন্ত্রী মোদীৰ অনুগামীৰ সংখ্যাই ইতিমধ্যে অভিলেখ গঢ়িছে৷ প্রধানমন্ত্রীয়ে কাজিৰঙা ভ্রমণৰত অৱস্থাতে প্রচাৰ কৰা ফটো আৰু বার্তাই কাজিৰঙাৰ প্রতি দেশী–বিদেশী পর্যটকসকলক আকৃষ্ট কৰিব৷ প্রাকৃতিক সম্পদ আৰু বুৰঞ্জীপ্রসিদ্ধ ঐতিহাসিক সমলৰ বাবে অসমখন বিখ্যাত৷ দেশী–বিদেশী পর্যটকক আকৃষ্ট কৰাৰ বাবে অসমৰ এনে অমূল্য সম্পদ যথেষ্ট৷ কিন্তু ৰাজ্যখনৰ পর্যটন ক্ষেত্রৰ বিকাশৰ বাবে প্রয়োজনীয় আন্তঃগাঁথনি আৰু প্রচাৰ দেশ–বিদেশৰ পর্যটকক আকর্ষিত কৰাৰ জোখাৰে হৈ উঠা নাই৷ এতিয়াও অসমৰ পর্যটন ক্ষেত্রখনৰ নাম উচ্চাৰিত হ’লে কামাখ্যা মন্দিৰ, কাজিৰঙা ৰাষ্ট্রীয় উদ্যান আৰু চাহ বাগিচাই অগ্রাধিকাৰ লাভ কৰিছে৷ ৮০ দশকৰ পিছত প্রায় ৪ দশকজোৰা আন্দোলনমুখৰ এটা পৰিৱেশৰ বাবেও ৰাজ্যখনৰ পর্যটন উদ্যোগ বাৰুকৈয়ে ক্ষতিগ্রস্ত হৈছে৷ সঘন আন্দোলন আৰু উগ্রপন্থীৰ হিংসা–হত্যাৰ বিভীষিকাৰ বাবে সর্বাধিক ক্ষতি হয় পর্যটন উদ্যোগৰ৷ বিগত কিছু বছৰৰ পৰা ৰাজ্যখনৰ এটা এটাকৈ প্রায়বোৰ সশস্ত্র সংগঠনে আলোচনাৰ বাবে আগবাঢ়ি অহাৰ লগে লগে হিংসা–হত্যাৰ বিভীষিকা প্রায় নোহোৱা হৈছে৷ অন্যান্য সংগঠনসমূহেও আন্দোলনমুখৰ পৰিৱেশৰ পৰা আঁতৰি অহাৰ ফলত এক ইতিবাচক পৰিৱেশৰ সূচনা হৈছে৷ ইয়াৰ লগে লগে অসমৰ সম্ভাৱনাময় পর্যটন উদ্যোগে নতুন গতি লাভ কৰা দেখা গৈছে৷ অসমলৈ পর্যটকৰ আগমন বৃদ্ধি কৰিবলৈ মাথোঁ কাজিৰঙা ৰাষ্ট্রীয় উদ্যান, কামাখ্যা মন্দিৰেই নহয়, ৰাজ্যখনৰ বিভিন্ন প্রান্তত থকা ঐতিহাসিক আৰু সাংস্কৃতিক সমলৰাজিক ৰাজ্য চৰকাৰৰ পর্যটন বিভাগে শেহতীয়াকৈ গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে৷ অসম বিধানসভাৰ শেহতীয়া অধিৱেশনত ৰাজ্য চৰকাৰে প্রণয়ন কৰা অসম পর্যটন (উন্নয়ন আৰু পঞ্জীয়ন) বিধেয়কখন গৃহীত হৈছে৷ পর্যটন মন্ত্রী জয়ন্ত মল্ল বৰুৱাই উত্থাপন কৰা এই বিধেয়কখন গৃহীত হোৱাৰ লগে লগে এইখনেই স্বাধীনতাৰ পিছত অসমৰ প্রথম পর্যটন আইনৰূপে পৰিগণিত হৈছে৷ এতিয়া নতুন পর্যটন আইনখনৰ অধীনত পর্যটন ক্ষেত্রখনৰ স’তে জড়িত লোকসকল প্রত্যক্ষভাৱে লাভৱান হ’ব৷ বিশেষকৈ পর্যটকসকলক খোৱা–বোৱাৰ ব্যৱস্থা কৰা হোটেল, ৰিজ’ৰ্ট, গেষ্ট হাউছ, হোমষ্টে, ট্যুৰিষ্ট, বাংলো, হাউছ ব’ট, ক্রুজ শ্বিপ, পেৰাগ্লাণ্ডিং, ৰাফটিং, ৰেস্তোৰাঁ, ট্যুৰিষ্ট গাইড, পর্যটন পৰিবাহী বাহন, পৰিবহণ সংস্থা আদি লাভৱান হ’ব৷
প্রধানমন্ত্রীৰ কাজিৰঙা ৰাষ্ট্রীয় উদ্যান ভ্রমণে অসমলৈ দেশী–বিদেশী পর্যটকৰ সোঁত বৃদ্ধি কৰিলেও এইক্ষেত্রত ৰাজ্য চৰকাৰ আৰু পর্যটন বিভাগ আগন্তুক দিনবোৰত অধিক দায়িত্বশীল হ’ব লাগিব৷ কাজিৰঙাৰ লেখীয়া মানাহ ৰাষ্ট্রীয় উদ্যান, ওৰাং ৰাষ্ট্রীয় উদ্যান, ডিব্রু–ছৈখোৱা, নামেৰী, ৰায়মনা, পবিতৰা, দিহিং পাটকাই, পানীদিহিং, হোলোঙাপাৰ, গিবন, দীপৰবিল, নামবৰ, গৰমপানী, সোণাই–ৰূপাই, চক্রশিলা, আমচাং, বুঢ়াচাপৰি, বৰাইল আদিও ৰাজ্যখনৰ অন্যতম পর্যটন ক্ষেত্রত পৰিণত হ’ব পাৰে৷ গোৱালপাৰাৰ সূর্য পাহাৰখন ঐতিহ্যপূর্ণ সমল আৰু ভাস্কর্যৰে সমৃদ্ধ৷ কিন্তু ৰাজ্যখনৰ এনে অমূল্য সম্পদ জনপ্রিয় পর্যটন ক্ষেত্রলৈ ৰূপান্তৰ হৈ উঠা নাই৷ বিশেষকৈ পর্যটন ক্ষেত্রসমূহৰ অধিকাংশৰ স’তে যোগাযোগ ব্যৱস্থাত ইমান বছৰে গুৰুত্ব আৰোপ কৰা হোৱা নাছিল৷ পৰিবহণ ব্যৱস্থাৰ সুচল যোগাযোগ অবিহনে সাধাৰণ পর্যটক এনে ক্ষেত্রসমূহৰ প্রতি আকর্ষিত নোহোৱাটোৱে স্বাভাৱিক৷ পর্যটকসকলৰ মাজত ইতিবাচক প্রভাৱ বিস্তাৰ অবিহনে কোনো পর্যটন ক্ষেত্রই ব্যাপক জনপ্রিয়তা অথবা আকর্ষণ লাভ নকৰে৷ ইয়াৰ উপৰি পর্যটন ক্ষেত্রসমূহৰ এতিয়াও প্রয়োজনীয় থকা–খোৱাৰ ব্যৱস্থা গঢ়ি উঠা নাই৷ বিগত প্রায় দশক ধৰি পর্যটকসকলৰ থকা–খোৱাৰ ব্যৱস্থা নিশ্চিত কৰিবলৈ ‘হোম ষ্টে’ ব্যৱস্থা কৰা হৈছিল যদিও এনে ব্যৱস্থাসমূহ ত্রুটিপূর্ণ পৰিচালনাৰ বাবে অর্থহীন হৈছে৷ বহুত ঠাইত পর্যটকৰ অভাৱত এনে ব্যৱস্থা বন্ধ হৈছে৷ এতিয়া ৰাজ্যখনৰ পর্যটন ক্ষেত্রসমূহক ন ৰূপত জীপাল কৰিবলৈ হ’লে ৰাজ্য চৰকাৰে ৰাস্তা–ঘাট নির্মাণকে ধৰি পর্যটকসকলৰ থকা–খোৱাৰ প্রয়োজনীয় ব্যৱস্থা গঢ়ি তোলাত অগ্রাধিকাৰ দিব লাগিব৷ পর্যটকৰ সুবিধার্থে ৰে’ল আৰু বিমান চলাচলতো গুৰুত্ব দিব লাগিব৷ পর্যটকৰ সুবিধার্থে ৰে’ল আৰু বিমান চলাচলৰ সময়সূচী নির্ধাৰণ কৰিব লাগিব৷ ইয়াৰ উপৰি পর্যটকসকলৰ নিৰাপদ পৰিবহণ যাত্রা নিশ্চিত কৰাৰ ক্ষেত্রত পৰিবহণ সংস্থাসমূহত নিয়োজিত কর্মচাৰীসকলক উপযুক্ত প্রশিক্ষণ দিয়া উচিত৷ ৰাজ্যখনৰ পর্যটন উদ্যোগক সু–সংগঠিত ৰূপত গঢ়িবলৈ নতুনকৈ প্রণয়ন কৰা আইনখন এক মাইলৰ খুঁটিত পৰিণত হোৱাৰ আশা আছে৷ কিয়নো পর্যটন উদ্যোগৰ স’তে ইমান বছৰে সেৱা আগবঢ়াই থকা হোটেল, ল’জ, পৰিবহণ সংস্থা, গাইডকে ধৰি বিভিন্ন ক্ষেত্রৰ ব্যক্তি তথা প্রতিষ্ঠানসমূহ অসংগঠিত ৰূপত আছিল৷ এই সংস্থা তথা লোকসকলৰ সেৱাৰ মান আৰু ব্যৱসায়িক নিৰিখ সন্দর্ভত ৰাজ্যৰ পর্যটন বিভাগে কোনো ব্যৱস্থা গ্রহণ কৰিব পৰা নাছিল৷ এতিয়া নতুন আইনখনৰ অধীনত পর্যটন ক্ষেত্রখনৰ স’তে জড়িত প্রতিজন ব্যক্তি অথবা অনুষ্ঠানে পঞ্জীয়ন কৰিব লাগিব৷ ইয়াৰ লগে লগে নির্ধাৰিত সা–সুবিধা পর্যটকসকলে লাভ কৰাই নহয়, ৰাজ্যখনৰ পর্যটন ক্ষেত্রসমূহৰ নিৰাপদ সেৱা নিশ্চিত হ’ব৷ পঞ্জীয়ন প্রক্রিয়াৰ অধীনত সেৱা আগবঢ়োৱা লোক অথবা সংস্থাসমূহক ৰাজসাহায্যকে ধৰি বিভিন্ন সুবিধা প্রদান কৰি পর্যটন ক্ষেত্রখনক অধিক জনপ্রিয় কৰাৰ সুযোগো নতুন পর্যটন আইনখনে মুকলি কৰিব বুলি আশা কৰিব পাৰি৷

You might also like