নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহুনাচ-বিহুনাম, ঢোল-পেঁপাৰ মাতত মুখৰিত শ্বহীদ নগৰী

🔹 ঢেকীয়াজুলিত বিহু শিল্পী সংস্থাৰ ১১ দিনীয়া কৰ্মশালাৰ সামৰণি

বিশেষ বাৰ্তা,  ৬ এপ্ৰিল : শ্বহীদ নগৰী ঢেকীয়াজুলিৰ শ্বহীদ ময়দান প্ৰাংগণত বিহু শিল্পী সংস্থাৰ উদ্যোগত ১১ দিনীয়াকৈ অনুষ্ঠিত হোৱা বিহুনাচ, বিহুনাম আৰু ঢোলবাদন কৰ্মশালাৰ আজি সামৰণি পৰে। উল্লেখ্য যে সপ্তৰ্ষি লোক-কলাকৃষ্টি একাডেমী, পাটকাই সাংস্কৃতিক গোষ্ঠী আৰু সৰগম কলাকেন্দ্ৰৰ সহযোগত অনুষ্ঠিত এই কৰ্মশালাখনি ২৫ মাৰ্চত আৰম্ভ হৈ ৫ এপ্ৰিলত সমাপ্ত হয়। সামৰণী অনুষ্ঠানত বিহু শিল্পী সন্থাৰ জিলা সমিতিৰ মুখ্য উপদেষ্টা দীপক শইকীয়া, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য, জিলাৰ উপ-সভাপতি কুলেন হাজৰিকা, জিলাৰ যুটীয়া সম্পাদক তপন শইকীয়া, সুৰেন হাজৰিকা, কেন্দ্ৰীয় সাংগঠনিক সম্পাদিকা গীতাঞ্জলি দেৱী, ৰঞ্জিতা জয়ছোৱাল, জিলাৰ যুটীয়া সম্পাদক দীপাংকৰ দত্ত, উদীয়মান ব্যৱসায়ী মাধুৰ্য্য বৰা, প্ৰাক্তন বিহুৱা দীপক নাথ, বিহু শিল্পী সংস্থা, অসমৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি গণেশ ডেকা, কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদিকা গীতাঞ্জলি দেৱী আৰু কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক ৰূপম গোস্বামীৰ লগতে উদ্‌যাপন সমিতিৰ সভানেত্ৰী পম্পী শইকীয়া আৰু সম্পাদক দেৱজিৎ নাথৰ লগতে জ্যেষ্ঠ বিহুৱতী শেৱালি হাজৰিকাকে প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷ কৰ্মশালাখনি অনুষ্ঠিত কৰা উদ্যোক্তাসকলৰ উপস্থিতিত আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলে বিহু সম্পৰ্কীয় মনোজ্ঞ বক্তৃতাৰ আগমুহূৰ্তত প্ৰশিক্ষাৰ্থীসকলে বিহুনাম, বিহুনাচ, ঢোলবাদন প্ৰদৰ্শনেৰে বিহু কৰ্মশালাখনিৰ সামৰণী অনুষ্ঠানটি জীপাল কৰি তোলে ৷ পৰিশেষত আমন্ত্ৰিত বিশিষ্ট অতিথিসকলে প্ৰশিক্ষাৰ্থীসকলক একোখনকৈ মানপত্ৰ প্ৰদান কৰি উজ্জ্বল ভৱিষ্যৎ কামনা কৰে ।

প্ৰেৰক কল্পজ্যোতি নাথ

You might also like