নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰকীয়া প্রেমত মত্ত মহিলা উঠিল বিদ্যুতৰ খুঁটাত

🔹 ধনৰ অভাৱতে ওচৰৰ গাঁৱৰ যুৱকৰে সম্পর্ক স্থাপন

🔹 উত্তৰ প্রদেশৰ গোড়খপুৰৰ ঘটনাক লৈ চাঞ্চল্য

বিশেষ বাৰ্তা, ৬ এপ্রিল : দুই পুৰুষ, এগৰাকী নাৰী আৰু এটা বিপজ্জনক বিদ্যুতৰ খুঁটাৰ কাহিনী! ৭ বছৰ ধৰি ওচৰৰ গাঁৱৰ যুৱক এজনৰ সৈতে পৰকীয়া সম্পর্ক তৰুণীৰ৷ শেহতীয়াকৈ স্বামীৰ চকুত ধৰা পৰে পত্নীৰ এই পৰকীয়া প্রেম৷ ইয়াক লৈ দুর্বাদল কাজিয়া চলে পতি–পত্নীৰ মাজত৷ পত্নীৰ দাবী অনুসৰি ধনৰ অভাৱতেই এই সম্পর্ক স্থাপন কৰিছে৷ আনকি স্বামীক এই বুলিও প্রস্তাৱ দিয়ে যে প্রেমিকক একেলগে থকাৰ অনুমতি দিয়া উচিত৷ স্বাভাৱিকতেই পত্নীৰ এই প্রস্তাৱ মানিবলৈ অস্বীকাৰ কৰে স্বামীয়ে৷ ইয়াৰ পাছতেই ঘৰৰ পৰা গৈ হাই টেনছন বিদ্যুতৰ খুঁটাৰ ওপৰলৈ উঠি যায় পত্নী৷ বিপজ্জনক বিদ্যুতৰ খুঁটাৰ পৰা তৰুণীক নমাবলৈ গৈ জলাকলা খাবলগীয়া হয় প্রতিবেশী, আৰক্ষী আৰু বিদ্যুৎ বিভাগৰ কর্মীসকল৷ এই ঘটনা উত্তৰ প্রদেশৰ গোড়খপুৰৰ৷ ৩৪ বছৰীয়া মহিলাগৰাকীৰ তিনি সন্তানো আছে৷ বিগত ৭ বছৰ ধৰি ওচৰৰে গাঁৱৰ যুৱক এজনৰ সৈতে গভীৰ প্রেম বিবাহিত এই মহিলাৰ৷ মহিলাৰ স্বামী ৰাম গোবিন্দ পেছাত এজন শ্রমিক৷ ৰাম গোবিন্দই পত্নীৰ পৰকীয়া প্রেমৰ কথা জনাৰ পাছতে এই অকল্পনীয় ঘটনা সংঘটিত হয়৷ ইতিমধ্যে এই ঘটনাৰ ভিডিঅ’ই ছ’চিয়েল মিডিয়াত আলোড়ন তুলিছে৷

You might also like