নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৱা ৯ বজাতে খুলিব সুৰাৰ বিপণী

নিয়মীয়া বাৰ্তা, ১৬ মে’: ৰাজ্যৰ চহৰ–নগৰ অঞ্চলৰ বাবে জাৰি কৰা হৈছে নতুন এছ অ’ পি৷ সেই অনুসৰি আজি পুৱা ১১ বজাত সকলো দোকান–বজাৰ বন্ধ কৰিব লাগিব আৰু ১২ বজাৰ পৰা বলৱৎ হ’ব সান্ধ্য আইন৷ এনে আংশিক লকডাউনৰ পৰিপ্রেক্ষিতত সুৰাৰ বপণী খোলাৰ সময়সীমাৰো সালসলনি কৰা হৈছে৷

ৰাজ্যৰ আবকাৰী বিভাগৰ নতুন নির্দেশনা অনুসৰি আজিৰ পৰা পুৱা ৯ বজাতে চহৰ–নগৰাঞ্চলত থকা বিলাতী সুৰা আৰু দেশীয় সুৰাৰ বিপণীসমূহ খুলিব পাৰিব৷ অর্থাৎ ৰাতিপুৱা ৯ বজাৰ পৰা ১১ বজা পর্যন্ত সুৰা বিপণী খোলা থাকিব৷ এই সময়ছোৱাত ক’ভিড প্রট’কল মানি সুৰা বিক্রী কৰিবলৈ নির্দেশ দিয়া হৈছে৷

ইপিনে আবকাৰী বিভাগৰ নতুন নির্দেশনাক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে সুৰা বিপণীৰ স্বত্বাধিকাৰীসকলে৷ তেওঁলোকৰ মতে সুৰা বিপণীসমূহে দোকানত মজুত থকা সুৰা আৰু বিক্রীৰ খতিয়ান প্রতিদিনে আবকাৰী বিভাগক দিব লাগে৷ কিন্তু দুঘণ্টাৰ বাবে বিপণী মুকলি কৰি বিক্রী আৰু হিচাপ–নিকাচ প্রতিদিনে দাখিল কৰাটো সম্ভৱপৰ নহয়৷ সেয়ে আন দোকানৰ দৰেই সুৰাৰ বিপণী খোলাৰ অনুমতি দিবলৈ স্বত্বাধিকাৰীসকলে দাবী জনাইছে৷

You might also like