নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা ৰাজ্যৰ ২০০খন প্ৰাথমিক বিদ্যালয়ত শুভাৰম্ভ মিচিং ভাষাৰ পাঠ্যক্ৰম

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ এপ্ৰিলঃ কাইলৈৰ পৰা ৰাজ্যৰ ২০০খন এলপি স্কুলত শুভাৰম্ভ হ’ব মিচিং ভাষাৰ পাঠ্যক্ৰম। শুভাৰম্ভ অনুষ্ঠানৰ বাবে সজাই পৰাই তোলা হৈছে বিদ্যালয়সমূহ। ইয়াৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ৰণোজ পেগুক ধন্যবাদ জনাইছে মিচিং ৰাইজে। আগন্তুক ২০২৫-২৬ নতুন শিক্ষা বৰ্ষৰ আৰম্ভণিৰ পৰাই অৰ্থাৎ ২ এপ্ৰিলৰ পৰা ৰাজ্যৰ মিচিং লোকৰ বসতি প্ৰধান অঞ্চলৰ ২০০খনকৈ প্ৰাথমিক বিদ্যালয়ত শুভাৰম্ভ হ’ব মিচিং ভাষাৰ পাঠ্যক্ৰমৰ পাঠদান কাৰ্য। এই খবৰে এতিয়া অসমৰ শদিয়াৰ পৰা বুৰৈলৈকে বসতিব্যপ্ত প্ৰতিজন মিচিং লোকৰ মনত আনন্দৰ জোৱাৰ তুলিছে। বিগত সময়ছোৱাত মিচিং মিমাগ কেবাং(MMK),মিচিং আগম কেবাং,(MAK)টাকাম মিচিং পৰিন কেবাং(TMPK) টাকাম মিচিং মিমে কেবাং (TMMK)ইত্যাদি কৰি মিচিং জাতীয় সংগঠনবোৰে নিজৰ ভাষাৰ সুৰক্ষাৰ বাবে কৰি অহা সংগ্ৰামৰ শেষত এইবাৰ নতুন শিক্ষানীতিৰ আধাৰত অসমৰ মিচিং লোকৰ বসতি প্ৰধান অঞ্চলৰ ২০০খন প্ৰাথমিক বিদ্যালয়ত প্ৰথম পৰ্যায়ত মিচিং ভাষাৰ পাঠ্যক্ৰমৰ পাঠদান প্ৰৱৰ্তন কৰিবলৈ আগবঢ়িছে অসম চৰকাৰৰ শিক্ষা বিভাগ। মিচিংসকলৰ ভাষাৰ সুৰক্ষাৰ বাবে লোৱা এনে প্ৰদক্ষেপৰ বাবে মিচিং জাতীয় সংগঠনবোৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। উল্লেখ্য যে ঢকুৱাখনা সম জিলাৰো ২১খন প্ৰাথমিক বিদ্যালয়তো অহা ২ এপ্ৰিলৰ পৰাই মিচিং ভাষা পাঠ্যক্ৰমৰ পাঠদান আৰম্ভ হ’ব। মিচিং ভাষা পাঠ্যক্ৰম শুভাৰম্ভৰ বাবে নিৰ্বাচিত প্ৰতিখন প্ৰাথমিক বিদ্যালয়ৰ আন্ত:গাঁঠনি মিচিং স্বায়ত্ব শাসিত পৰিষদে সুন্দৰ কৰি তুলিছে। ইফালে স্থানীয় ৰাইজৰ সহযোগত টি,এম,পি,কে আৰু আন্যান্য মিচিং জাতীয় সংগঠনবোৰে বিদ্যালয়ৰ চৌহদত শ্ৰমদান কৰি ৰং বিৰঙেৰে সজাই পৰাই তুলিছে।

You might also like