নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিমবাহৰ বিপর্যয়

হিমালয়ৰ পানীৰ উৎস হিমবাহসমূহলৈ নামি আহিছে বিপর্যয়৷ গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত ক্রমাৎ সলনি হৈছে জলবায়ু৷ ভাৰতৰ বিভিন্ন ৰাজ্যত এপ্রিলৰ দ্বিতীয় সপ্তাহতেই তাপমাত্রাই ৪০ ডিগ্রী চেলছিয়াছ অতিক্রম কৰিছে৷ বিশ্ব জলবায়ু সংস্থাৰ তথ্য অনুসৰি বিগত বর্ষত প্রাকৃতিক বিপর্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে সমগ্র এছিয়াবাসী৷ পূর্বৰ বর্ষটোৰ তুলনাত বিগত বর্ষত জলবায়ু পৰিৱর্তনৰ বিভিন্ন পৰিঘটনা বৃদ্ধি পাইছে এছিয়াত৷ ভাৰতৰ পৰিস্থিতিও অতি শোচনীয়৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ‘ইছৰো’ৰ তৰফৰ পৰা শেহতীয়াকৈ সদৰী কৰা হৈছে হিমালয় সন্দর্ভত ভয়াৱহ তথ্য৷ হিমালয়ৰ শতাধিক হিমবাহত দ্রুত গলন আৰম্ভ হৈছে৷ বৰফ গলা পানীৰ বাবেই বৃদ্ধি পাইছে হূদৰ আয়তন৷ ইয়াৰ ফলতেই বৃহৎ বিপর্যয়ৰ আশংকা সৃষ্টি হোৱা বুলি মহাকাশ গৱেষণা সংস্থাটোৰ তৰফৰ পৰা সদৰী কৰা হৈছে৷ হিমালয়ান পার্বত্য অঞ্চলত এঘাৰ হেক্টৰতকৈও বৃহৎ হ্রদবোৰত প্রতি চাৰিটাৰ ভিতৰত এটাৰ আয়তন ক্রমশঃ বৃদ্ধি পাইছে৷ অর্থাৎ ১ লাখ বর্গমিটাৰ আয়তনৰ হ্রদবোৰৰ আকাৰ পূর্বৰ তুলনাত বৃদ্ধি পাইছে হিমবাহ গলনৰ ফলত৷ ১৯৮৪ চনৰ পৰা এই প্রৱণতা অৰম্ভ হৈছে৷ শেহতীয়াকৈ পৰিস্থিতি অতি জটিল হৈ পৰিছে৷ হিমবাহ গলনৰ ফলত হিমালয়ত বানৰ আশংকা বৃদ্ধি পাইছে৷ হিমালয় অঞ্চলৰ দীর্ঘ সময়ৰ উপগ্রহ মানচিত্র পৰীক্ষা কৰি দেখা গৈছে যে হিমবাহ গলনৰ ফলত সৃষ্টি হোৱা হ্রদবোৰত সঘনে বিপর্যয় নামি অহিছে৷ দহ হেক্টৰ আয়তন বিশিষ্ট ২৪৩১টা গ্লেচিয়েল লেক বা হিমবাহ হ্রদ সৃষ্টি হৈছে ২০১৬–১৭ চনৰ ভিতৰত৷ ১৯৮৪ চনৰ পৰা ৬৭৬টা গ্লেচিয়েল লেকৰ আয়তন বৃদ্ধি পাইছে৷ ইয়াৰ ভিতৰত ১৩০টা আছে ভাৰতত৷ এই ১৩০টাৰ ভিতৰত সিন্ধু নদীৰ অৱবাহিকাত ৬৫টা, গংগা নদীৰ অৱবাহিকাত ৭টা আৰু ব্রহ্মপুত্র নদীৰ অৱবাহিকাত ৫৮টা হ্রদ আছে বুলি ইছৰোৰ প্রতিবেদনত প্রকাশ পাইছে৷ যি ৬৭৬টা হ্রদৰ উল্লেখ কৰা হৈছে ইয়াৰ ভিতৰত ৬০১টা হ্রদৰ আয়তন দ্বিগুণলৈ বৃদ্ধি পাইছে৷ উচ্চতাৰ নিৰিখত দেখা গৈছে যে চাৰিৰ পৰা পাঁচ হাজাৰ মিটাৰ উচ্চতাত আছে ৩১৪টা হ্রদ৷ পাঁচ হাজাৰ মিটাৰ উচ্চতাৰ ওপৰত আছে ২৯৬টা হ্রদ৷ হিমাচল প্রদেশত ৪০৬৮মিটাৰ উচ্চতাৰ গেপং গাত গ্লেচিয়েল লেকৰ আয়তন বাঢ়িছে ১৭৮ শতাংশ৷ ১৯৮৯ চনত এই হ্রদটোৰ আয়তন আছিল ৩৬.৪৯ হেক্টৰ৷ ২০২২ চনত ইয়াৰ আয়তন ১০১.৩০ হেক্টৰলৈ বৃদ্ধি পায়৷ অর্থাৎ বছৰি ১.৯৬হেক্টৰ আয়তন বৃদ্ধি পাইছে হ্রদটোৰ৷
এনে পৰিস্থিতিক লৈ উদ্বিগ্ণ হৈ পৰিছে বিজ্ঞানীসকল৷ প্রখ্যাত হিমবাহবিদ অনিল ভি কুলকার্নীয়ে আশংকা কৰিছে যে হ্রদসমূহৰ আয়তন বৃদ্ধিৰ ফলত পৰিস্থিতি ভয়াৱহ হৈ পৰিব৷ ভৱিষ্যতে মানালি–লেহ ৰাষ্ট্রীয় ঘাইপথলৈকে বিস্তাৰ ঘটিব পাৰে এই হ্রদৰ৷ ইয়াৰ ফলত সমগ্র অঞ্চলৰ জনবসতিত পৰিব প্রতিকূল প্রভাৱ৷ দিভেছা চেণ্টাৰ ফ’ৰ ক্লাইমেট চেঞ্জৰ বিজ্ঞানী ভি কুলকার্নীয়ে অবিলম্বে এই সন্দর্ভত পদক্ষেপ গ্রহণ কৰাৰ প্রয়োজনীয়তাৰ কথা দোহাৰিছে৷ ইয়াৰ বাবে প্রতিৱেশী দেশবোৰৰ সৈতে ভাৰতে অলোচনা কৰা প্রয়োজন বুলি মন্তব্য কৰিছে বিজ্ঞানীগৰাকীয়ে৷ এই প্রসংগত যোৱা বছৰ ছিকিমৰ লোনাক হ্রদৰ পৰা সৃষ্টি হোৱা বানৰ কথাও উল্লেখ কৰিছে বিজ্ঞানীগৰাকীয়ে৷ লক্ষণীয় বিষয়টো হৈছে হিমালয়ৰ হিমবাহৰ পৰা সৃষ্টি হোৱা বানে যিকোনো সময়তে নামনিত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে৷ ইছৰোৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি হিমালয় পার্বত্য অঞ্চল হৈছে আটাইতকৈ সংবেদনশীল৷ বৃহৎ আকাৰৰ হিমবাহৰ লগতে এই অঞ্চলটো বৰফেৰে আবৃত হৈ আছে৷ জলবায়ু পৰিৱর্তনৰ ফলত ইয়াত প্রতিকূল প্রভাৱ পৰাটো স্বাভাৱিক৷ গৱেষণাত দেখিবলৈ পোৱা গৈছে যে উদ্যোগ বিপ্লৱৰ পিছৰে পৰা পৃথিৱীজুৰি হিমবাহৰ গলন বৃদ্ধি পাইছে৷ হিমবাহৰ গলনৰ ফলত সৃষ্টি হৈছে নতুন নতুন হ্রদ৷ প্রখ্যাত হিমবাহবিদ মিৰিয়াম জেকচনে যোৱা বছৰ গোলকীয় উষ্ণতা বৃদ্ধিক লৈ আশংকা প্রকাশ কৰিছিল৷ বিজ্ঞানীগৰাকীয়ে সদৰী কৰিছিল যে হিমবাহৰ গলনৰ ফলত বহু জলাশয় সৃষ্টি হ’ব আৰু বৃদ্ধি পাব জলাশয়ৰ আয়তন৷ ইয়াৰ ফলত অকল্পনীয় বান পৰিস্থিতিৰ সৃষ্টি হ’ব পৃথিৱীজুৰি৷ বিগত বর্ষটোত এছিয়াত প্রাকৃতিক বিপর্যয়ৰ বাবে দুই সহস্রাধিক লোকে প্রাণ হেৰুৱাবলগীয়া হৈছিল৷ ক্ষতিগ্রস্ত হৈছিল ৯০ লাখ লোক৷ অনাগত দিনত পৰিস্থিতি অধিক ভয়াৱহ হ’ব বুলি ইছৰোৱে সতর্কবাণী কৰিছে৷

You might also like