নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধানসভাত ‘শক্তিহীন’ কংগ্রেছে অকলে প্রতিদ্বন্দ্বিতা কৰিব ১০০ আসনত

আগন্তুক ’২৬ৰ নির্বাচনত কংগ্রেছ দলে ১০০ আসনত প্রতিদ্বন্দ্বিতা কৰিব৷ বিৰোধীৰ সহযোগী আন ১৫টাৰো অধিক সহযোগী দললৈ মাত্র ২৬খন আসন ৰাখি কংগ্রেছে ১০০ আসনত নিজাববীয়াকৈ প্রার্থী থিয় কৰাব বুলি গৌৰৱ গগৈয়ে কৰা ঘোষণাই বিশেষ তাৎপর্য বহন কৰিছে৷

দীর্ঘদিন ধৰি বিজেপিক প্রতিহত কৰাৰ স্বার্থত ৰাইজৰ দল, এজেপি তথা অন্যান্য বিৰোধী দলসমূহে কংগ্রেছৰ নেতৃত্বতে বিৰোধী ঐক্য গঠন কৰিবলৈ তৎপৰতা প্রদর্শন কৰি অহাৰ মাজত প্রদেশ কংগ্রেছে সহযোগী বাকী দলসমূহলৈ ২৬খন আসন এৰি দিয়াৰ বিষয়টোৱে বিৰোধী মিত্রতাত যে পুনৰ খেলিমেলি লগাব সেয়া নিশ্চিত হৈছে৷

কিয়নো গৌৰৱ গগৈয়ে তেজপুৰত সংবাদ মাধ্যমৰ আগত কংগ্রেছে ১০০খন আসনত নির্বাচনত অৱতীর্ণ হ’ব বুলি ঘোষণা কৰাৰ পূর্বেই ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৰাইজৰ দলক সন্মানজনক আসন দিব লাগিব বুলি দাবী কৰিছিল৷

ৰাইজৰ দলক উত্তৰ অসম, মধ্য অসম, উজনি অসম আৰু বৰাক উপত্যকাৰ লগতে পার্বত্য জিলাতো সমষ্টি প্রদান কৰিবলৈ দাবী জনাইছিল৷ বিশেষকৈ সংখ্যালঘু অধ্যুষিত বৰপেটা, হাইলাকান্দি, কৰিমগঞ্জ, ধুবুৰী, নগাঁও আদি জিলাৰ লগতে উজনিৰ শিৱসাগৰ, ডিব্রুগড় আৰু ধেমাজি আদিকে ধৰি জিলাসমূহৰ সমষ্টিত ৰাইজৰ দলে ৩০টাৰো অধিক সমষ্টি দাবী কৰি আহিছে৷

এনে প্রেক্ষাপটতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে নাওবৈচাত হৰিকান্ত দাসৰ ৰূপত প্রার্থী প্রক্ষেপ কৰিছিল৷ তাৰ উপৰি এজেপি দলৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও উজনি অসমৰ কেইবাটাও সমষ্টিত নিজৰ দলৰ প্রার্থী সাজু কৰিছে৷

অন্যান্য সৰু সৰু দলবোৰেও পর্যায়ক্রমে নিজৰ সমর্থন থকা সমষ্টিসমূহত প্রার্থিত্ব বিচাৰিব৷ এনে প্রেক্ষাপটত কংগ্রেছে যদি অকলেই ১০০ সমষ্টিত প্রার্থিত্ব দাবী কৰে, তেন্তে ৰাইজৰ দল, এজেপি আদিকে ধৰি অন্যান্য বিৰোধী দলসমূহলৈ অতি কমসংখ্যক আসনৰহে ভাগ বাটোৱাৰা হ’ব৷ আজি আগন্তুক দিনত বিৰোধী ঐক্যৰ মাজত আসনৰ ভাগ–বাটোৱাৰাক কেন্দ্র কৰি যে বিভাজন নহ’ব, সেয়া নুই কৰিব নোৱাৰি৷

ইপিনে, তেজপুৰত গৌৰৱ গগৈয়ে এআইইউডিএফৰ লগত কোনোধৰণৰ মিত্রতা নহয় বুলি স্পষ্ট কৰি দিছে৷ তেওঁ স্পষ্ট কৰি কয় যে ’২৬ৰ বিধানসভা নির্বাচনত এআইইউডিএফৰ লগত কংগ্রেছৰ মিত্রতা নহয়৷ এই সম্ভাৱনা শূন্য৷ কিন্তু বিৰোধী আন দলৰ লগত মিত্রতা ১০০ শতাংশ নিশ্চিত৷ বিধানসভা নির্বাচনত কংগ্রেছ দলে ১০০খন আসনৰ ওপৰত অকলেই প্রতিদ্বন্দ্বিতা কৰিব৷

বিশেষ বার্তা, তেজপুৰ, ২৮ ডিচেম্বৰ

You might also like