নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম গ্ৰন্থমেলাত কল্পনা বৰাৰ অভিনন্দন উন্মোচন ‘নিয়মীয়া বার্তা’ৰ সম্পাদক নৰেশ কলিতাৰ

জাগৰণ প্রকাশে প্রকাশ কৰা গ্রন্থখন উন্মোচন কৰি নিয়মীয়া বার্তা কাকতৰ সম্পাদক নৰেশ কলিতাই শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়

গুৱাহাটীৰ অসম গ্রন্থমেলাৰ বাকৰিত কল্পনা বৰাৰ অভিনন্দন গ্রন্থ কাঞ্চনপ্রভা উন্মোচন কৰা হয়৷ কোচপ্রদীপ নাৰায়ণে সম্পাদনা কৰা গ্রন্থখন উন্মোচন কৰে ‘নিয়মীয়া বার্তা’ কাকতৰ সম্পাদক নৰেশ কলিতা, জ্যেষ্ঠ সাংবাদিক বিপুল শর্মা, বলেন চন্দ্র বৰুৱা আৰু কৃষ্ণ দৈমাৰীয়ে৷

জাগৰণ প্রকাশে প্রকাশ কৰা গ্রন্থখন উন্মোচন কৰি নিয়মীয়া বার্তা কাকতৰ সম্পাদক নৰেশ কলিতাই শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়৷ তেওঁ লগতে কয় যে অসমীয়া অভিধানত শব্দৰ সংখ্যা দিনক দিনে বাঢ়িছে৷

সম্প্রতি এতিয়া অসমীয়া অভিধানত ১.২৫ লাখলৈ শব্দ বৃদ্ধি পোৱাটো শুভ লক্ষণ বুলি ‘নিয়মীয়া বার্তা’ৰ সম্পাদক কলিতাই মন্তব্য কৰে৷ আনহাতে সাংবাদিক বিপুল শর্মাই অভিনন্দন গ্রন্থৰ প্রয়োজনীয়তা সন্দর্ভত চমু ব্যাখ্যা আগবঢ়ায়৷

ডিজিটেল ডেস্ক, ২৯ ডিচেম্বৰ

You might also like