নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ আটাইতকৈ দ্রুত বিকশিত ৰাজ্য অসম, ভাৰতীয় ৰিজার্ভ বেংকৰ প্রতিবেদনত ইতিবাচক তথ্য

নিউজ ডেস্ক, ২৯ ডিচেম্বৰ : অর্থনীতিৰ বিকাশত ঈপ্সিত লক্ষ্যৰ দিশে অগ্রসৰ হৈছে অসম৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত ৰাজ্যখনৰ অর্থনীতিয়ে এক নতুন মাত্রা লাভ কৰিছে৷ ইয়াৰ ফলাফল পৰিস্ফুট হৈছে ভাৰতীয় ৰিজার্ভ বেংকৰ শেহতীয়া প্রতিবেদনৰ তথ্যত৷

ৰিজার্ভ বেংকে প্রকাশ কৰা প্রতিবেদনৰ তথ্য অনুসৰি, দেশৰ আটাইতকৈ দ্রুত বিকশিত ৰাজ্য ৰূপে অসম চিহ্ণিত হৈছে৷ উল্লেখ্য যে ভাৰতৰ অর্থনৈতিক প্রগতিয়ে ইতিমধ্যে গোলকীয় অর্থনীতিত বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ ভাৰতৰ এই অর্থনৈতিক প্রগতি দেশখনৰ কেৱল কেইখনমান ৰাজ্যতে সীমাবদ্ধ নহয়৷ যোৱা ৫টা বছৰত বিভিন্ন ৰাজ্যই উল্লেখযোগ্য বৃদ্ধি প্রদর্শন কৰিবলৈ সক্ষম হৈছে৷ এনে অগ্রগতি প্রদর্শন কৰিবলৈ সক্ষম হোৱা ৰাজ্যসমূহৰ ভিতৰত অসমো আছে৷

ৰিজার্ভ বেংক অৱ ইণ্ডিয়াৰ তথ্য মতে, ২০১৯–২০ আৰু ২০২৪–২৫ বিত্তীয় বর্ষৰ সময়ছোৱাত কেইবাখনো ৰাজ্যৰ অর্থনীতিয়ে ব্যাপক বৃদ্ধি দেখুৱাবলৈ সক্ষম হৈছে৷ এই ৰাজ্যসমূহৰ এনে অগ্রগতিয়ে দেশখনৰ সামগ্রিক অর্থনৈতিক উন্নয়নত বিশেষ অৰিহণা যোগাইছে৷ তথ্যই দেখুওৱা মতে, অসমে ৪৫ শতাংশ বৃদ্ধিৰ সম্প্রসাৰণ লৈ ১০খন দ্রুতভাৱে বিকশিত ডাঙৰ ৰাজ্যৰ অর্থনীতিয়ে ৰাষ্ট্রীয় বৃদ্ধিৰ গড় ২৯ শতাংশও চেৰ পেলাইছে৷ ভাৰতৰ এই বিকশিত ৰাজ্যসমূহৰ তালিকাত মহাৰাষ্ট্র, গুজৰাট, কেৰালা, তামিলনাডু আৰু কর্ণাটকৰ দৰে ৰাজ্যসমূহ আছে৷

তাৰ মাজতে ভাৰতীয় ৰিজার্ভ বেংকৰ প্রতিবেদনত এই কথাও কোৱা হৈছে যে দেশৰ বাকী ৰাজ্যসমূহৰ তুলনাত যোৱা পাঁচটা বছৰত অসমৰ অর্থনীতি দ্রুতগতিত বৃদ্ধি পাইছে৷ দেশখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্রত উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত এই ৰাজ্যখনৰ যোগদান সর্বাধিক৷ স্থিৰ মূল্য আধাৰিত মুঠ ঘৰুৱা উৎপাদন (জিএছডিপি)ৰ ওপৰত আৰবিআই তথ্যৰ পৰা জানিব পৰা মতে, ২০২০ৰ পৰা ২০২৫ বর্ষৰ ভিতৰত অসমৰ অর্থনীতি ৪৫ শতাংশলৈ সম্প্রসাৰিত হৈছে, যিটো আন ৰাজ্যৰ তুলনাত বহু বেছি৷ এই হাৰ দেশৰ সামগ্রিক অর্থনৈতিক বিকাশৰ হাৰতকৈ অধিক৷ অসমৰ জিএছডিপি ২০২০ বিত্তীয় বর্ষৰ ২.৫ লাখ কোটি টকাৰ পৰা বাঢ়ি ২০২৫ বিত্তীয় বর্ষত ৩.৫ লাখ কোটি টকা হৈছেগৈ৷

ৰাজ্যখনৰ অর্থনীতি প্রাথমিকভাৱে কৃষি, তেল আৰু গেছৰ ওপৰত নির্ভৰশীল৷ তদুপৰি উত্তৰ–পূর্বাঞ্চলৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্রত বর্ধিত বিনিয়োগে ইয়াত অতিৰিক্ত সহায় কৰিছে৷ দেশখনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্রত অসমৰ এই বৃদ্ধিয়ে এক বৃহৎ পৰিৱর্তনৰ দিশ দেখুৱাইছে৷ ইয়াৰ পৰা এইটো দেখিবলৈ পোৱা গৈছে যে এতিয়া ৰাজ্যখনৰ অর্থনৈতিক বিকাশ কেৱল কেইটামান খণ্ডতেই সীমিত নহয়, বৰং ইয়াৰ বিকাশে অন্য বহুতো ৰাজ্যকে পিছ পেলাই গৈছে৷

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ৰাষ্ট্রীয় পর্যায়ত ২০২০ চনত ভাৰতৰ জিডিপি ১৪৫.৩৫ লাখ কোটি টকাৰ পৰা বাঢ়ি ২০২৫ বিত্তীয় বর্ষত ১৮৭.৯৭ লাখ কোটি টকা হৈছেগৈ৷ এই পাঁচটা বছৰত বৃদ্ধিৰ হাৰ হৈছেগৈ ২৯ শতাংশ৷ আৰবিআয়ে প্রকাশ কৰা তথ্যৰ পৰা জানিব পৰা গৈছে যে দ্রুত বিকাশমান এই ৰাজ্য ১০খনৰ অর্থ ব্যৱস্থাই ৰাষ্ট্রীয় বৃদ্ধিত প্রভুত অৰিহণা যোগাইছে৷ ৰাজ্যসমূহৰ বৃদ্ধিৰ তালিকাত শীর্ষস্থান দখল কৰা অসমৰ পিছতে ৩৯ শতাংশ বৃদ্ধিৰে দ্বিতীয় স্থানত আছে তামিলনাডু৷ ৰাজ্যখনত যোৱা ৫ বছৰত জিএছডিপি ১২.৪ লাখ কোটি টকাৰ পৰা বৃদ্ধি পাই ১৭.৩ কোটি টকা হৈছেগৈ৷ তাৰ পিছতে ৩৬ শতাংশ বৃদ্ধিৰে তৃতীয় স্থানত আছে কর্ণাটক৷ ৰাজ্যখনৰ জিএছডিপি বৃদ্ধি পাইছে ১১.৫ লাখ কোটি টকাৰ পৰা ১৫.৭ লাখ কোটি টকালৈ৷

ইফালে অসমৰ অর্থনৈতিক বিকাশক লৈ ভাৰতীয় ৰিজার্ভ বেংকে প্রকাশ কৰা তথ্য সন্দর্ভত সামাজিক মাধ্যমত প্রতিক্রিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ তেওঁ ইয়াক অসমৰ বাবে আন এক অনন্য গৌৰৱৰ বাতৰি বুলি মন্তব্য কৰে৷ সামাজিক মাধ্যমত প্রকাশ কৰা এটা পোষ্টত তেওঁ কয় যে ভাৰতীয় ৰিজার্ভ বেংকৰ স্বীকৃতি মতে আমাৰ ৰাজ্যখনৰ বিকাশৰ হাৰ ৪৫ শতাংশ, যি ৰাষ্ট্রীয় গড় ২৯ শতাংশতকৈ বহু ওপৰত৷ স্থিৰ মূল্যত আমাৰ সামগ্রিক ৰাজ্যিক ঘৰুৱা উৎপাদনৰ এই বৃদ্ধিৰ ফলত অসম ৩.৪৯ লাখ কোটিৰ বৃহৎ অর্থনীতিৰ ৰূপ পাইছে৷ অসমক দেশৰ ৫খন শ্রেষ্ঠ ৰাজ্য হিচাপে গঢ় দিয়াৰ দৃষ্টিভংগীক ৰূপায়ণৰ দিশত ই এক শুভ বার্তা৷ অসমৰ সর্বস্তৰৰ জনগণৰ কঠোৰ পৰিশ্রম এই বৃদ্ধিৰ সক্রিয় অংশীদাৰ৷ অসমক দেশৰ অগ্রণী ৰাজ্যসমূহৰ এখন হিচাপে গঢ়াৰ দিশত আমাৰ প্রয়াস অব্যাহত থাকিব৷

You might also like