ডিজিটেল ডেস্ক, ১ মে’ : বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ দাম ১ মে’ৰ পৰা প্ৰতিটো চিলিণ্ডাৰত ৯৩৩ টকাকৈ বৃদ্ধি কৰা হৈছে। এইটো এটা মাহৰ ভিতৰত দ্বিতীয়বাৰ দাম বৃদ্ধি।
মধ্যপ্ৰাচ্যত উত্তেজনা বৃদ্ধি পোৱাৰ ফলত বিশ্ববজাৰত ক্ৰুড অইলৰ দাম তীব্ৰভাৱে বৃদ্ধি পোৱাৰ ফলতেই এই মূল্যবৃদ্ধি হোৱা বুলি জনা গৈছে। ইয়াৰ আগতে এপ্ৰিলৰ ১ তাৰিখে প্ৰতিটো চিলিণ্ডাৰত ১৯৫.৫ টকা বৃদ্ধি কৰা হৈছিল।
বাণিজ্যিক এল পি জিৰ দাম উল্লেখযোগ্যভাৱে বৃদ্ধি পালেও ঘৰুৱা চিলিণ্ডাৰৰ গ্ৰাহকসকলক এই প্ৰভাৱৰ পৰা ৰক্ষা কৰা হৈছে। গুৱাহাটীত এতিয়া ১৯ কেজি ওজনৰ এটা বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ’ব ৩,২৯২ টকা।
তথ্য অনুসৰি, ২০২৬ চনৰ আৰম্ভণিতে অৰ্থাৎ ১ জানুৱাৰীত বাণিজ্যিক চিলিণ্ডাৰৰ দাম একেলগে ১১১ টকা বৃদ্ধি কৰা হৈছিল। আনকি ১ ফেব্ৰুৱাৰীতো বাণিজ্যিক ৰন্ধন গেছৰ দামত আৰু ৪৯ টকা বৃদ্ধি কৰা হৈছিল। মাৰ্চৰ আৰম্ভণিতে দাম ৩১ টকা বৃদ্ধি কৰা হয়। বিগত মাহত যুদ্ধৰ পৰিস্থিতিৰ মাজতে একেলগে ২১৮ টকা বৃদ্ধি কৰা হৈছিল। এইবাৰ সেইটো বৃদ্ধি কৰি ৯৯৩ টকালৈ লৈ যোৱা হৈছে। ১৯ কেজি চিলিণ্ডাৰৰ মূল্য বৃদ্ধিৰ ফলত হোটেল, ৰেষ্টুৰেণ্ট আৰু খাদ্য ব্যৱসায়ীসকলৰ ওপৰত সৰ্বাধিক প্ৰভাৱ পৰিব।