নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিলম্বনৰ পিছতো দুমাহ ধৰি কৰ্তব্য সম্পাদন মানকাচৰৰ স্কুলৰ অধ্যক্ষৰ

🔹 শিক্ষা বিভাগত আজব কাণ্ড
🔹 মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী সচেতন মহলৰ

নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিল : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ কাকৰীপাৰা আজিতুল্ল্যা পাব্লিক হায়াৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ মেহমুদ ইছলামে মধ্যাহ্ন ভোজনৰ ধন, ছাত্ৰ-ছাত্ৰীৰ সাজ-পোছাকৰ ধন, আন্তঃগাঁথনিৰ ধনকে ধৰি বিভিন্ন শিতানৰ কেইবালক্ষ টকা আত্মসাৎ কৰাৰ অভিযোগ সন্দৰ্ভত অধ্যক্ষ মেহমুদ ইছলামক ঊৰ্ধ্বতন কৰ্তৃপক্ষই যোৱা ৯ ফেব্ৰুৱাৰীত নিলম্বন কৰিছিল। কিন্তু ৰহস্যজনকভাৱে অধ্যক্ষ মেহমুদ ইছলামে নিলম্বনৰ পিছতো দুমাহ ধৰি স্কুলখনত উপস্থিত থকাৰ লগতে হাজিৰা বহীত চহী কৰা, নোটিচ বহীত চহী কৰা ঘটনাই সচেতন মহলত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। তাতোকৈ ডাঙৰ কথাটো হ’ল যে নিলম্বন হৈ থকা সময়ছোৱাত শিক্ষকৰ দৰমহা বিলত চহী কৰা আৰু বেংকৰ পৰা ধন পঠোৱা কাৰ্যই বিজ্ঞ মহলৰ চকু কপালত তুলিছে। লক্ষণীয় যে ২০১৭ চনৰ আগষ্ট মাহৰ পৰা ২০২৩ চনৰ মাৰ্চ মাহলৈকে উক্ত স্কুলখনৰ অধ্যক্ষ মেহমুদ ইছলামে মধ্যাহ্ন ভোজনৰ নগদ ধন ২৬ লাখ টকা, মধ্যাহ্ন ভোজনৰ চাউল আৰু ছাত্ৰ-ছাত্ৰীৰ সাজ-পোছাকৰ ২৫ লাখ টকা মুঠ ৫১ লাখ টকা আত্মসাতৰ অভিযোগৰ ভিত্তিত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ জিলা আয়ুক্তই তদন্ত কৰি তদন্তৰ প্ৰতিবেদন শিক্ষা সঞ্চালকলৈ প্ৰেৰণ কৰিছিল আৰু অধ্যক্ষ মেহমুদ ইছলামৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছিল। শিক্ষা বিভাগৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই যোৱা ৯ ফেব্ৰুৱাৰীত মেমো নং ই-৪০৮১৫৭/১২০-এ চিঠি মৰ্মে শিক্ষা সঞ্চালক মমতা হোজায়ে মানকাচৰৰ কাকৰীপাৰা আজিতুল্ল্যা পাব্লিক হায়াৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ মেহমুদ ইছলামক নিলম্বন কৰিছিল। উক্ত নিলম্বন পত্ৰখন মুখ্য সচিব, দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ জিলা আয়ুক্ত, দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ জিলা স্কুল পৰিদৰ্শক, দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ট্ৰেজাৰী বিষয়ালৈ প্ৰেৰণ কৰিছিল। কিন্তু অধ্যক্ষ মেহমুদ ইছলাম নিলম্বন হোৱাৰ পিছতো যোৱা দুমাহ ধৰি স্কুলত উপস্থিত হৈ স্কুলখনৰ যাৱতীয় কাম-কাজ তথা বিত্তীয় লেনদেন চলাই থকা কাৰ্যই ৰহস্যৰ সৃষ্টি কৰিছে। অনতিপলমে কাকৰীপাৰা আজিতুল্ল্যা পাব্লিক হায়াৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ মেহমুদ ইছলাম আৰু উক্ত দুষ্কাৰ্যৰ লগত জড়িতসকলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছে সচেতন মহলে।

প্ৰেৰক ফাৰহাদ আহমেদ

You might also like