নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত এককালীন সাহায্যৰ নামত দিব্যাংগক লুণ্ঠন প্রৱঞ্চকৰ

🔹 পঞ্চাশ হাজাৰ দিয়াৰ প্রলোভনেৰে সংগ্রহ ২০০০ টকা

নিয়মীয়া বার্তা, ১২ এপ্রিল : চিৰাং জিলাৰ বিজনীত সংঘটিত হৈছে এক চৰম মানৱতা ভূলুণ্ঠনৰ ঘটনা৷ বিশেষভাৱে সক্ষম লোকৰ পৰা পঞ্চাশ হাজাৰ এককালীন টকাৰ প্রলোভন দেখুৱাই ২০০০ হাজাৰ টকাকৈ উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে দুই প্রৱঞ্চকৰ বিৰুদ্ধে৷ অভিযোগ অনুসৰি বিজনীৰ উলুবাৰী বামুণীঝৰা নিৱাসী বিশেষভাৱে সক্ষম ব্যক্তি মাধৱ সৰকাৰৰ সহযোগত স্বেচ্ছাসেৱী সংস্থা এটাৰ কর্মী মিমিছিয়াছ ছান ঈশ্বৰীয়ে দুখীয়া ১৩ পৰিয়ালৰ পৰা সংগ্রহ কৰিছে দুহাজাৰকৈ টকা৷ বিগত বর্ষৰ আগষ্ট মাহত পঞ্চাশ হাজাৰকৈ এককালীন টকা দিয়াৰ প্রলোভন দেখুৱাই টকা সংগ্রহ কৰি সম্প্রতি গুৰুত্ব নিদিয়াত ক্ষুব্ধ হৈ পৰিছে ভুক্তভোগী বিশেষভাৱে সক্ষম লোকসকলে৷ যাৰ পৰিপ্রেক্ষিতত উক্ত প্রৱঞ্চক দুজনৰ বিৰুদ্ধে উচিত শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰাৰ উদ্দেশ্যে সংবাদ মাধ্যমৰ ওচৰ চাপিছে ভুক্তভোগী লোকসকলে৷

প্ৰেৰক বৰ্ণালী তালুকদাৰ

You might also like