নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জালুকবাৰী, সৰুসজাইত পুনৰ সাজু কৰা হৈছে অস্থায়ী ক’ভিড হাস্পতাল

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ ৰাজ্যত দ্রুত হাৰত বৃদ্ধি হৈছে ক’ভিডৰ সংক্রমণ৷ এনে পৰিস্থিতিত মহানগৰীৰ জালুকবাৰী আৰু সৰুসজাইত পুনৰ অস্থায়ী ক’ভিড হাস্পতাল গঢ়ি তোলা হৈছে৷ জালুকবাৰীস্থিত চৰকাৰী আয়ুর্বেদিক চিকিৎসা মহাবিদ্যালয়খন পুনৰ ক’ভিড ৰোগীৰ বাবে সাজু কৰি তোলা হৈছে৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ ৰমাকান্ত শর্মাই সংবাদ মাধ্যমক জনোৱা মতে, মহাবিদ্যালয়খনত ১০০খন বিছনা ক’ভিড ৰোগীৰ বাবে সাজু কৰা হৈছে৷ তদুপৰি মহাবিদ্যালয়খনত ১৪টা আই চি ইউ কক্ষ আৰু ৩৩খন অক্সিজেনযুক্ত বিছনাৰ ব্যৱস্থা কৰা হৈছে৷

স্বাস্থ্য বিভাগৰ নির্দেশনা লাভ কৰাৰ পাছতে চৰকাৰী চিকিৎসালয়খন অস্থায়ী ক’ভিড হাস্পতাল হিচাপে ব্যৱহাৰৰ বাবে মুকলি কৰা হ’ব৷ ইফালে, মহানগৰীৰ সৰুসজাইতো পুনৰ সাজু কৰা হৈছে অস্থায়ী ক’ভিড হাস্পতাল৷ সৰুসজাইৰ কর্মবীৰ নবীন চন্দ্র বৰদলৈ ষ্টেডিয়ামত ৪০০খন বিছনাযুক্ত অস্থায়ী ক’ভিড হাস্পতাল নির্মাণৰ কাম যুদ্ধকালীন তৎপৰতাৰে চলি আছে৷ অসম টেণ্ট হাউছে নির্মাণ কৰি থকা অস্থায়ী হাস্পতালৰ কাম অহা দেওবাৰৰ ভিতৰত সম্পূর্ণ হোৱাৰ সম্ভাৱনা আছে৷

You might also like